এতিয়াই অৱসৰ নলয় ধোনীয়ে, দেখা যাব ২০২৯ৰ আই পি এলতো! সতীৰ্থ খেলুৱৈয়েই কৰিলে প্ৰকাশ
২০১৯ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতো আই পি এলত অংশ লৈ আহিছে মহেন্দ্ৰ সিং ধোনীয়ে। তেওঁৰ অৱসৰ সন্দৰ্ভত অনুৰাগী তথা ক্ৰিকেট বিশেষজ্ঞৰ মাজত যথেষ্ট চৰ্চা চলি আহিছে। শেহতীয়াকৈ এই বিষয়ত ধোনীৰ একালৰ সতীৰ্থ তাৰকাই কৰা মন্তব্যই ব্যাপক চৰ্চা লাভ কৰিছে।

আৰু মাত্ৰ কেইটামান ক্ষণ, তাৰ পিছতে আৰম্ভ হ’ব ক্ৰিকেটপ্ৰেমীৰ বহু প্ৰতীক্ষিত ক্ৰিকেট লীগ আই পি এলৰ ১৮তম সংস্কৰণ। প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীয়েই এতিয়া ব্যস্ত হৈ পৰিছে আই পি এলৰ চৰ্চাত। অনুৰাগীৰ এই চৰ্চাত স্থান পাই আহিছে এটি বিশেষ বিষয়- এইবাৰৰ আই পি এলেই ‘থালা’ মহেন্দ্ৰ সিং ধোনীৰ অন্তিমটো ছিজন হ’ব নেকি! অৱশ্যে এইবাৰেই নহয়, বিগত কেইবাটাও ছিজনত এই বিষয়টো আলোচিত হৈ আহিছে। ভাৰতীয় ক্ৰিকেটক অনন্য সাফল্যৰ সোৱাদ দিয়াৰ পিছত ২০১৯ চনৰ এদিনীয়া বিশ্বকাপৰ পাছতে ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল।
অৱশ্যে ইয়াৰ পিছতো তেওঁ আই পি এলত অংশ লৈ আহিছে। আই পি এল ২০২৩ ছিজনৰ পাছত চেন্নাই ছুপাৰ কিংছৰ নেতৃত্ব ত্যাগ কৰাৰ পিছত ধোনীৰ আই পি এল কেৰিয়াৰৰ যৱনিকা পৰিব পাৰে বুলি অনুৰাগীসকলে ধাৰণা কৰিছিল। পিছে ইয়াৰ পিছত ২০২৪ৰ সংস্কৰণতো দেখা গৈছিল ধোনীক। আৰু এইবাৰো আনকেপ্ড প্লেয়াৰ হিচাপে ধোনীক ৰিটেইন কৰে আই পি এলৰ ইতিহাসৰ অন্যতম সফল ফ্ৰেন্সাইজিটোৱে।
ইয়াৰ পিছত ধোনীৰ আই পি এল কেৰিয়াৰক কেন্দ্ৰ কৰি অনুৰাগী তথা ক্ৰিকেট বিশেষজ্ঞসকলৰ চৰ্চাও বৃদ্ধি পাইছে। সম্প্ৰতি ৪৩ বছৰ বয়সীয়া ধোনীয়ে এই প্ৰতিযোগিতাখনৰ পৰা অৱসৰ ল’ব, সেয়া আজিও এক চৰ্চিত প্ৰশ্ন। অনুৰাগী তথা ক্ৰিকেট বিশেষজ্ঞৰ এই উৎসুকতাৰ মাজতে এতিয়া ধোনীৰ একালৰ সতীৰ্থ, প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰবিন উথাপ্পাই কৰিছে এক বিশেষ মন্তব্য। উথাপ্পাৰ মতে, ২০২৯ চনলৈকে ধোনীয়ে আই পি এল খেলিব।
উথাপ্পাৰ ভাষাত, যদি দক্ষতা আৰু আত্মবিশ্বাস থাকে, তেতিয়া কোনো লোককে বাধা দিয়া উচিত নহয়। JioHotstar ৰ এক অনুষ্ঠানত তেওঁ কয়, “এই ছিজনৰ পিছত যদি তেওঁ অৱসৰ লয়, তেতিয়া মই আচৰিত নহওঁ ৷ কিন্তু আগন্তুক ৪টা ছিজন খেলিলেও মই আচৰিত নহওঁ।” উথাপ্পাৰ এই মন্তব্যই সম্প্ৰতি অত্যন্ত চৰ্চা লাভ কৰিছে। সাধাৰণতে আই পি এলৰ দৰে আগশাৰীৰ প্ৰতিযোগিতাত ধোনীৰ সাম্প্ৰতিক ফিটনেছ সন্দেহৰ উৰ্ধত নহয় বুলি একাংশ লোকে ক’ব খোজে।
আই পি এলৰ বিগত সংস্কৰণত খেলাৰ পূৰ্বে তেওঁৰ আঁঠুৰ অস্ত্ৰোপচাৰো কৰা হৈছিল। অৱশ্যে অনুৰাগীৰ এই আলোচনাৰ পিছতো উথাপ্পাই ধোনীৰ মনত কি চলি আছে, সেয়া কোনেও ক’ব নোৱাৰে বুলি উল্লেখ কৰে। উথাপ্পাৰ এই বিশ্বাসকেই যেন কাৰ্যতঃ প্ৰমাণ কৰিছে ধোনীয়ে। আই পি এলৰ অনুশীলনৰ সময়ত ধোনীয়ে বৃ্হৎ ছয় কোবোৱাৰ দৃশ্য সম্প্ৰতি ভাইৰেল হৈ পৰিছে।