শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পত্নীৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ দিশে বীৰেন্দ্ৰ ছেহৱাগ! বিচ্ছেদৰ বাতৰিক লৈ চলিছে চৰ্চা

শেহতীয়া সময়ছোৱাত ভাৰতীয় ক্ৰিকেটৰ কেইবাগৰাকীও তাৰকাৰ ব্যক্তিগত জীৱনৰ খবৰে দখল কৰিছে সংবাদ শিৰোনাম। বৈবাহিক জীৱনৰ সংঘাত আৰু বিবাহ বিচ্ছেদে এই তাৰকাসকলৰ জীৱনলৈ আনি দিছে এক জটিল সময়। এতিয়া একেই কাৰণতে চৰ্চালৈ আহিছে ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা বীৰেন্দ্ৰ ছেহৱাগৰ নাম।

পত্নীৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ দিশে বীৰেন্দ্ৰ ছেহৱাগ! বিচ্ছেদৰ বাতৰিক লৈ চলিছে চৰ্চা
চৰ্চাত ছেহৱাগ-আৰতিৰ বিচ্ছেদৰ খবৰ
monjit-dutta
Monjit Dutta | Published: 24 Jan 2025 13:23 PM

শেহতীয়া সময়ছোৱাত ভাৰতীয় ক্ৰিকেটৰ কেইবাগৰাকীও তাৰকাৰ ব্যক্তিগত জীৱনৰ খবৰে দখল কৰিছে সংবাদ শিৰোনাম। বৈবাহিক জীৱনৰ সংঘাত আৰু বিবাহ বিচ্ছেদে এই তাৰকাসকলৰ জীৱনলৈ আনি দিছে এক জটিল সময়। প্ৰথমে তাৰকা পেচাৰ মহম্মদ ছামি, তাৰ পিছত প্ৰাক্তন তাৰকা শিখৰ ধাৱান, অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ বিচ্ছেদৰ খবৰে সংবাদ মাধ্যম তথা সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছিল। তদুপৰি যোৱা কিছুদিন ধৰি ভাৰতীয় দলৰ আন এগৰাকী তাৰকা যুজবেন্দ্ৰ চাহাল আৰু তেওঁৰ পত্নী ধনশ্ৰী বাৰ্মাৰ বিচ্ছেদৰ খবৰ চৰ্চাত আছে।

এতিয়া একেই কাৰণতে চৰ্চালৈ আহিছে ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা বীৰেন্দ্ৰ ছেহৱাগৰ নাম। প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ সম্ভাৱ্য বিবাহ বিচ্ছেদৰ খবৰক লৈ ব্যাপক জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। এক প্ৰতিবেদনত ছেহৱাগ আৰু তেওঁৰ পত্নী আৰতিৰ প্ৰায় ২১ বছৰীয়া সম্পৰ্ক যতি পৰাৰ উপক্ৰম হৈছে বুলি দাবী কৰা হৈছে। প্ৰতিবেদনত লগতে দুয়োজনেই বিগত কিছুদিনৰ পৰা পৃথকে জীৱন যাপন কৰি আছে বুলিও উল্লেখ কৰা হৈছে।

উল্লেখ্য যে ২০০৪ চনত বীৰেন্দ্ৰ ছেহৱাগ আৰু আৰতি বিবাহপাশত হৈছিল। পিছে এতিয়া প্ৰায় ২১ বছৰৰ পাছত দুয়োৰে সম্পৰ্কত ভাঙোন আহিছে। দুয়ো পৰস্পৰে পৰস্পৰক ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামতো আনফ’ল’ কৰিছে বুলি দাবী কৰা হৈছে। আনকি ছেহৱাগৰ শেহতীয়া পোষ্ট আৰু আপডেটতো পত্নীৰ সৈতে কোনো ছবি দেখিবলৈ পোৱা নাই। দীপাৱলীৰ সময়তো তেওঁ কেৱল সন্তান আৰু নিজ মাতৃৰ সৈতেহে ফটো পোষ্ট কৰা দেখা গৈছিল।

প্ৰকাশিত প্ৰতিবেদনটোত দাবী কৰা মতে ছেহৱাগ আৰু তেওঁৰ পত্নী আৰতি কিছুদিনৰ পৰা পৃথকে পৃথকে বসবাস কৰি আছে আৰু অতি সোনকালে তেওঁলোকৰ বিবাহ বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে। দুই দশকজোৰা বৈবাহিক জীৱনত দুয়োৰে মাজত সংঘাতৰ কোনো খবৰ প্ৰকাশ পোৱা নাছিল আৰু দুয়োকে প্ৰায়ে একেলগে দেখা গৈছিল যদিও কিছুদিনৰ পৰা দুয়োৰে সম্পৰ্কত ফাঁট মেলা বুলি দাবী কৰা হৈছে।

লক্ষণীয়ভাৱে ছেহৱাগ আৰু আৰতিৰ দুয়ো প্ৰেমৰ সম্পৰ্কৰ পিছত বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু দুয়োৰে মাজৰ সম্পৰ্ক প্ৰথমাৱস্থাত স্বীকাৰ কৰা নাছিল তেওঁলোকৰ পৰিয়ালে। সেহৱাগ আৰু আৰতিৰ পৰিয়ালৰ মাজত পাৰিবাৰিক সম্পৰ্ক আছিল আৰু সেই কাৰণতে দুয়োটা পৰিয়ালে তেওঁলোকৰ বিবাহত সন্মতি দিয়া নাছিল। অৱশ্যে দুয়োৰে চেষ্টাত পিছত পৰিয়ালে তেওঁলোকৰ বিবাহৰ বাবে সন্মতি প্ৰকাশ কৰে আৰু ২০০৪ চনত তেওঁলোকৰ বিবাহ হয়।

মূলতানত পাকিস্তানৰ বিপক্ষে খেলা ঐতিহাসিক ত্ৰিশতকীয় ইনিংছটোৰ এমাহৰ পিছতে বৈবাহিক সম্পৰ্কৰে বান্ধ খাইছিল ছেহৱাগ আৰু আৰতি। দুয়োৰে দুই দশকজোৰা বৈবাহিক জীৱনৰ সাক্ষী হিচাপে দুইপুত্ৰ সন্তান ক্ৰমে আৰ্যবীৰ আৰু বেদান্তৰ জন্ম হয়। লক্ষণীয়ভাৱে পিতৃৰ পদাংক অনুসৰণ কৰি আৰ্যবীৰ আৰু বেদান্তয়ো এতিয়া ক্ৰিকেট কেৰিয়াৰ গঢ়াত মনোনিৱেশ কৰিছে।