শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আই পি এল বৰ্জন কৰিব লাগে ক্ৰিকেট বিশ্বই! কি ক্ষোভত এই আহ্বান ইনজামামৰ?

পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ইনজামাম উল হকে এইবাৰ বিশ্বৰ আটাইতকৈ ব্যয়বহুল ক্ৰিকেট লীগ হিচাপেৰ স্বীকৃত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এলৰ প্ৰসঙ্গৰে বিচিচিআইক সমালোচনা কৰিছে। সমগ্ৰ ক্ৰিকেট বিশ্বক আনকি আই পি এল বৰ্জন কৰিবলৈও আহ্বান জনাইছে ইনজামাম উল হকে।

আই পি এল বৰ্জন কৰিব লাগে ক্ৰিকেট বিশ্বই! কি ক্ষোভত এই আহ্বান ইনজামামৰ?
পাকিস্তানৰ প্ৰাক্তন তাৰকা ইনজামাম উল হকে
monjit-dutta
Monjit Dutta | Published: 02 Mar 2025 18:13 PM

ক্ৰিকেট বিশ্বত এতিয়া চেম্পিয়নছ ট্ৰফীৰ উন্মাদনা। ইতিমধ্যে এই প্ৰতিযোগিতাৰ অন্তিম চাৰিটা দল নিশ্চিত হৈ পৰিছে। ছেমিত প্ৰৱেশ কৰিছে ভাৰত, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াই। আনহাতে লজ্জাজনক প্ৰদৰ্শনেৰে প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ পৰাই বিদায় লৈছে ডিফেণ্ডিং চেম্পিয়ন তথা আয়োজক পাকিস্তানে। গ্ৰুপত এখনো মেচতো জয়ী নোহোৱাকৈয়ে বাহিৰ হ’ব লগা হয় ডিফেণ্ডিং চেম্পিয়ন দলটো। ইয়াৰ পিছতে দেশখনৰ প্ৰাক্তন তাৰকাসকলে পাকিস্তান দলটোক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয়।

ইফালে প্ৰতিযোগিতাত এইপৰ্যন্ত দুৰন্ত প্ৰদৰ্শন কৰি অহা ভাৰতীয় দলটোক পাকিস্তানৰ প্ৰাক্তন খেলুৱৈসকলে কৰি আহিছিল প্ৰশংসা। কিন্তু চেম্পিয়নছ ট্ৰফীৰ পূৰ্বৰে পৰা বিচিচিআইৰ বিপক্ষে সৰৱ হৈ আহিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ড তথা প্ৰাক্তন খেলুৱৈসকল। বিচিচিআইয়ে প্ৰতিযোগিতাখনৰ বাবে ভাৰতীয় দল প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছতে দেখা গৈছিল এনে অসন্তুষ্টি। এতিয়া পুনৰ বিচিচিআইৰ বিপক্ষে ক্ষোভ উজাৰিছে পাক ক্ৰিকেটাৰে।

পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ইনজামাম উল হকে এইবাৰ বিশ্বৰ আটাইতকৈ ব্যয়বহুল ক্ৰিকেট লীগ হিচাপেৰ স্বীকৃত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এলৰ প্ৰসঙ্গৰে বিচিচিআইক সমালোচনা কৰিছে। সমগ্ৰ ক্ৰিকেট বিশ্বক আনকি আই পি এল বৰ্জন কৰিবলৈও আহ্বান জনাইছে ইনজামাম উল হকে। প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ মতে, সমগ্ৰ বিশ্বৰ শীৰ্ষস্থানীয় খেলুৱৈসকলে অংশগ্ৰহণ কৰে আই পি এলত।

কিন্তু ভাৰতীয় খেলুৱৈয়ে বিশ্বৰ আন কোনো লীগত খেলিবলৈ নাযায় বুলি আঙুলিয়াই দি ইনজামামে এতিয়া বিশ্বৰ আন ক্ৰিকেট বৰ্ডসমূহে নিজৰ খেলুৱৈক আই পি এললৈ পঠোৱা বন্ধ কৰাৰ সময় আহি পৰিছে বুলি মন্তব্য কৰে। যদি বিচিচিআইয়ে বিশ্বৰ আন লীগৰ বাবে ভাৰতীয় খেলুৱৈসকলক মুকলি কৰি দিব নোৱাৰে, তেতিয়া বিশ্বৰ আন ক্ৰিকেট ব’ৰ্ডসমূহৰো কঠোৰ ব্যৱস্থা লোৱাৰ অধিকাৰ আছে বুলি ইনজামাম উল হকে মন্তব্য কৰে।

ইনজামামৰ লগতে পাকিস্তানৰ প্ৰাক্তন তাৰকা তথা কিংবদন্তি স্পিনাৰ ছাকলেইন মুস্তাকেও ভাৰতীয় দলে চেম্পিয়নছ ট্ৰফীত লাভ কৰা সুবিধাৰ প্ৰসঙ্গৰে অসন্তুষ্টি প্ৰকাশ কৰিছিল। ভাৰতীয় দলে একে স্থানতে মেচ খেলাৰ সুবিধা লাভ কৰিছে আৰু মেচৰ বাবে কোনো পৃথক স্থান ভ্ৰমণ কৰিবলগা হোৱা নাই বুলি উল্লেখ কৰি মুস্তাকে ক্ষোভ প্ৰকাশ কৰিছিল। ইংলেণ্ডৰ প্ৰাক্তন খেলুৱৈ নাছেৰ হুছেইন আৰু মাইকেল আথাৰটনেও এই বিষয়ত আপত্তি প্ৰকাশ কৰিছিল।