কি উদ্দেশ্য লৈ কোহলীক সমালোচনা কৰে প্ৰাক্তন ক্ৰিকেটাৰে! ছামিয়ে কৰিলে এই দাবী
আঘাতৰ বাবে বিগত কিছুদিন ধৰি খেলপথাৰৰ পৰা আঁতৰি আছে ভাৰতীয় দলৰ তাৰকা পেচাৰ মহম্মদ ছামি। অৱশ্যে তেওঁ সম্প্ৰতি ক্ৰমাৎ সুস্থ হৈ উঠিছে আৰু শীঘ্ৰেই ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটাব বুলি আশা কৰা হৈছে। শেহতীয়াকৈ ছামিয়ে এক সাক্ষাৎকাৰত দলীয় সতীৰ্থ কোহলীক প্ৰাক্তন ক্ৰিকেটাৰসকলে কৰা সমালোচনা সন্দৰ্ভত এক বিশেষ মন্তব্য কৰিছে।
বিগত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হোৱা এদিনীয়া বিশ্বকাপত চমকপ্ৰদ প্ৰদৰ্শনেৰে উজলি উঠিছিল ভাৰতৰ তাৰকা পেচাৰ মহম্মদ ছামি। কিন্তু আঘাতৰ বাবে বিশ্বকাপৰ পিছৰে পৰা অভিজ্ঞ পেচাৰগৰাকী ক্ৰিকেটৰ পৰা আঁতৰি আছে। অৱশ্যে অস্ত্ৰোপচাৰৰ পিছত সম্প্ৰতি ছামি ক্ৰমাৎ আঘাতৰ পৰা সুস্থ হৈ উঠিছে আৰু কিছুদিনৰ পিছতে তেওঁ ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটাব বুলি আশা কৰিছে অনুৰাগীসকলে। ইতিমধ্যে তেওঁ নেটত অনুশীলনো আৰম্ভ কৰিছে। তাৰ মাজতে শেহতীয়াকৈ ছামিয়ে এক সাক্ষাৎকাৰত অংশ লয়। এই সাক্ষাৎকাৰটোত ছামিয়ে বহু বিষয়ত নিজা মত স্পষ্টকৈ প্ৰকাশ কৰিছে।
সাধাৰণতে ভাৰতৰ তাৰকা বেটাৰ বিৰাট কোহলী সন্দৰ্ভত প্ৰায়ে প্ৰাক্তন ক্ৰিকেটাৰসকলে মন্তব্য কৰা পৰিলক্ষিত হয়। ইয়াৰে অধিকাংশই কোহলীক উচ্চ প্ৰশংসা কৰিলেও আন একাংশই তেওঁক সমালোচনাৰ লক্ষ্য কৰি লোৱা দেখা যায়। শেহতীয়াকৈ ভাৰতৰে এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ অমিত মিশ্ৰয়ো কোহলী সন্দৰ্ভত কিছু বিশেষ মন্তব্য কৰিছিল।
ধন আৰু খ্যাতি লাভ কৰি কোহলী সলনি হৈছে বুলি মন্তব্য কৰিছিল অমিত মিশ্ৰই। তেওঁ লগতে কৈছিল যে ভাৰতীয় ক্ৰিকেটত ধোনী, কপিল দেৱ আৰু শচীনে যি সন্মান লাভ কৰে, কোহলীয়ে সেই সন্মান লাভ কৰিব নোৱাৰিব। কেৱল অমিত মিশ্ৰই নহয়, তেওঁৰ পূৰ্বেও বহু প্ৰাক্তন খেলুৱৈয়ে কোহলী সন্দৰ্ভত এনে বিৰূপ মন্তব্য কৰিছে। এই সন্দৰ্ভত এইবাৰ মত আগবঢ়াইছে মহম্মদ ছামিয়ে।
ছামিৰ দাবী, চৰ্চালৈ অহাৰ আশাতে এইদৰে বহু প্ৰাক্তন ক্ৰিকেটাৰে কোহলীক সমালোচনা কৰে। তেওঁৰ মতে, বহু প্ৰাক্তন ক্ৰিকেটাৰে জানে যে কোহলীৰ বিৰুদ্ধে কোনো মন্তব্য কৰিলেই পিছদিনা বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত তেওঁলোকৰ নাম প্ৰকাশ পাব। গতিকে সেই উদ্দেশ্যেই তেওঁলোকে কোহলীক ইচ্ছাকৃতভাৱে সমালোচনা কৰে বুলি ছামিয়ে দাবী কৰে।
মহম্মদ ছামীয়ে লগতে কয় যে বিৰাট কোহলীৰ সৈতে তেওঁৰ সম্পৰ্ক যথেষ্ট ভাল। বিৰাট কোহলীয়ে নেটত ছামিৰ বলিঙৰ সন্মুখীন হ’বলৈ ভাল পায় বুলিও ছামিয়ে উল্লেখ কৰে। তাৰকা পেচাৰগৰাকীয়ে লগতে বিৰাট কোহলী আৰু ঈশান্ত শৰ্মা তেওঁৰ যথেষ্ট ভাল বন্ধু আৰু তেওঁ আঘাতৰ সময়ত দুয়োৰে সৈতে প্ৰায়ে মোবাইলত কথা পতা বুলি সদৰী কৰে।