5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সমুখত নিৰ্বাচন! মল্লযুঁজৰ পিছত এইবাৰ ৰে’লৱেৰ চাকৰিও এৰিলে ৱিনেশ ফ’গাটে

দেশৰ প্ৰাক্তন তাৰকা মল্লযুঁজাৰু ৱিনেশ ফ’গাটে আজি চৰকাৰী চাকৰিৰ পৰা পদত্যাগ কৰিছে। নিজা সামাজিক মাধ্যম একাউণ্ট যোগে প্ৰাক্তন খেলুৱৈগৰাকীয়ে চৰকাৰী চাকৰি এৰি দিয়াৰ কথা ঘোষণা কৰে। পৰিয়াল আৰু ব্যক্তিগত পৰিস্থিতিৰ বাবে ৰে’লৱেৰ চাকৰি ত্যাগ কৰিছে বুলি জানিবলৈ দিয়ে ৱিনেশে।

সমুখত নিৰ্বাচন! মল্লযুঁজৰ পিছত এইবাৰ ৰে’লৱেৰ চাকৰিও এৰিলে ৱিনেশ ফ’গাটে
ৰে’লৱেৰ চাকৰি এৰিলে ৱিনেশে
Follow Us
monjit-dutta
Monjit Dutta | Published: 06 Sep 2024 18:43 PM

পেৰিছ অলিম্পিকত পদক নিশ্চিত কৰিও অন্তিম মুহূৰ্তত নিৰ্ধাৰিত নিয়মৰ অধীনত দুৰ্ভাগ্যজনকভাৱে অযোগ্য ঘোষিত হৈছিল দেশৰ তাৰকা মল্লযুঁজাৰু ৱিনেশ ফ’গাট। ইয়াৰ পিছতে তাৰকা খেলুৱৈগৰাকীয়ে মল্লযুঁজৰ পৰা অৱসৰ ঘোষণা কৰে। মল্লযুঁজক বিদায় দিয়াৰ পিছত আজি ৱিনেশে আনুষ্ঠানিকভাৱে ৰাজনীতিত প্ৰৱেশ কৰে। তাৰ পিছতে ৱিনেশ ফ’গাটে চৰকাৰী চাকৰিৰ পৰা পদত্যাগ কৰিছে। নিজা সামাজিক মাধ্যম একাউণ্ট যোগে প্ৰাক্তন খেলুৱৈগৰাকীয়ে চৰকাৰী চাকৰি এৰি দিয়াৰ কথা ঘোষণা কৰে। সামাজিক মাধ্যমত তেওঁ পদত্যাগ পত্ৰও শ্বেয়াৰ কৰিছে।

উল্লেখ্য যে ৱিনেশ ফ’গাটে ন’ৰ্দাৰ্ণ ৰে’লৱেত কাৰ্যনিৰ্বাহ কৰি আহিছিল। বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে ৰে’লৱেত নিযুক্তি দিয়া হৈছিল ৱিনেশক। ৰে’লৱেৰ চাকৰি ত্যাগ কৰাৰ বিষয়ে সদৰী কৰি ৱিনেশে কয় যে ভাৰতীয় ৰে’লৱেলৈ সেৱা আগবঢ়োৱাটো তেওঁৰ জীৱনৰ এক স্মৰণীয় আৰু গৌৰৱৰ ক্ষণ হৈ আহিছে। পিছে এই মুহূৰ্তত নিজকে ৰে’ল সেৱাৰ পৰা পৃথক কৰি ভাৰতীয় ৰে’লৱেৰ যোগ্য কৰ্তৃপক্ষৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰা বুলি তেওঁ উল্লেখ কৰে।

জাতিৰ সেৱাৰ ক্ষেত্ৰত ৰে’লৱেই  দিয়া এই সুযোগৰ বাবে ভাৰতীয় ৰে’লৱে পৰিয়ালৰ প্ৰতি সদায়ে কৃতজ্ঞ হৈ থাকিব বুলি ৱিনেশ ফ’গাটে লগতে কয়। পদত্যাগ পত্ৰত ৱিনেশে লগতে তেওঁ কিয় ৰে’লৱেৰ চাকৰি ত্যাগ কৰিছে, সেই বিষয়েও উল্লেখ কৰে। তেওঁ জানিবলৈ দিয়া মতে পৰিয়াল আৰু ব্যক্তিগত পৰিস্থিতিৰ বাবে তেওঁ ৰে’লৱেৰ চাকৰি ত্যাগ কৰিছে।

লক্ষণীয়ভাৱে আজি ৱিনেশ ফ’গাটে আনুষ্ঠানিকভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছে। ৱিনেশৰ লগতে বজৰং পুনিয়ায়ো যোগদান কৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেক সাক্ষাৎ কৰাৰ পিছতে দলটোৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ দুয়োগৰাকী প্ৰাক্তন তাৰকাই কংগ্ৰেছত যোগদান কৰে। দুয়ো আগন্তুক হাৰিয়ানা বিধানসভা নিৰ্বাচনত টিকট লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

উল্লেখ্য যে পেৰিছ অলিম্পিকত ৱিনেশ ফ’গাটে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি মহিলাৰ ৫০ কিলোগ্ৰাম শাখা্ৰ ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু ফাইনেলৰ পূৰ্বে তেওঁৰ দেহৰ অতিৰিক্ত ১০০ গ্ৰাম ওজনৰ বাবে ৱিনশস ফ’গাটক অযোগ্য ঘোষণা কৰা হৈছিল। অলিম্পিক পদক জয়ত ব্যৰ্থ হ’লেও অৱশ্যে দেশৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ১৫টা পদক লাভ কৰিছে ৱিনেশ ফ’গাটে।

বিশ্ব চেম্পিয়নশ্বিপত ৩টা ব্ৰঞ্জৰ পদক জয় কৰিছে ৱিনেশ ফ’গাটে। আনহাতে এছিয়ান গেমছত তেওঁৰ নামত আছে এটা সোণ আৰু এটা ব্ৰঞ্জৰ পদক। সমান্তৰালকৈ  কমনৱেলথ গেমছত তিনিটাকৈ সোণৰ পদক আৰু এছিয়ান চেম্পিয়নশ্বিপত এটা স্বৰ্ণ আৰু তিনিটা ৰূপৰ পদক লাভ কৰিছে তাৰকা মল্লযুঁজাৰুগৰাকীয়ে।

Latest News