শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হুইলচেয়াৰখনেই আছিল সাৰথি, এতিয়া বলাৰৰ বাবে দুঃস্বপ্ন এইজন খেলুৱৈ

বহু ক্ৰিকেটাৰৰ বাবে নতুন জীৱন আই পি এল । কঠিন কোনো পৰিস্থিতিৰ পৰা ওলাই অহাৰ মঞ্চ এয়া । নিকোলাছ পুৰাণৰ বাবেও যেন তেনেকুৱাই । যোৱা কেবামাহো বিৰাট অস্বস্তিত কটাইছিল তেওঁ । লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক ঋষভ পন্টৰ দৰেই । ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ, ঠিকনা হৈ পৰিছিল হুইলচেয়াৰ । সেই পুৰাণ এতিয়া বলাৰৰ বাবে এক দুঃস্বপ্ন ।

হুইলচেয়াৰখনেই আছিল সাৰথি, এতিয়া বলাৰৰ বাবে দুঃস্বপ্ন এইজন খেলুৱৈ
নিকোলাচ পুৰাণImage Credit source: BCCI
raj-saikia
Raj Saikia | Updated On: 04 Apr 2025 16:39 PM

আই পি এল দৰ্শকৰ বাবে এক মনোৰঞ্জন । কিন্তু ক্ৰিকেটাৰৰ বাবে প্ৰদৰ্শনৰ মঞ্চ । কোনেৱে নিয়মিত সুন্দৰ প্ৰদৰ্শন কৰে, জাতীয় দলত স্থান নিগাজি কৰি ৰাখে । বহুতেই আকৌ ফৰ্মহীনতাত ভোগে আৰু আই পি এলত প্ৰদৰ্শনৰ দ্বাৰা পুনৰ আন্তৰ্জাতিক ক্ৰিকেটৰ দৰজা খটখটায় । কেতিয়াবা দুৱাৰ খোলে, কেতিয়াবা অপেক্ষা দীঘলীয়া হয় ।

কিন্তু বহুতৰ ক্ষেত্ৰত হয়তো তেনে নহয় । একাংশ ক্ৰিকেটাৰৰ বাবে নতুন জীৱন আই পি এল । কঠিন কোনো পৰিস্থিতিৰ পৰা ওলাই অহাৰ মঞ্চ এয়া । নিকোলাছ পুৰাণৰ বাবেও যেন তেনেকুৱাই । যোৱা কেবামাহো বিৰাট অস্বস্তিত কটাইছিল তেওঁ । লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক ঋষভ পন্টৰ দৰেই । ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ, ঠিকনা হৈ পৰিছিল হুইলচেয়াৰ । সেই পুৰাণ এতিয়া বলাৰৰ বাবে এক দুঃস্বপ্ন ।

আইপিএলত অংশ লয় বহু বিদেশী খেলুৱৈয়ে । সকলো জনপ্ৰিয় হৈ নুঠে অৱশ্যে । আঙুলিৰ মূৰত লিখিব পৰা কেইজনমান ক্ৰিকেটাৰহে পছন্দৰ হৈ পৰে দৰ্শকৰ । নিকোলাছ পুৰাণ তেনে এজন খেলুৱৈ । অন্ততঃ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ সমৰ্থকৰ পছন্দৰ তেওঁ । এই ছিজনতো তেওঁ বজায় ৰাখিছে প্ৰদৰ্শনৰ ধাৰাবাহিকতা । পঞ্জাব, হায়দৰাবাদৰ পাছত লক্ষ্ণৌত যোগ দিয়ে পুৰাণে । এই ছিজনত তেওঁ লক্ষ্ণৌৱে ৰিটেইন কৰে ।

আই পি এলৰ চলিত ছিজনত বৰ্তমানলৈকে তিনিখন মেচ খেলিছে লক্ষ্ণৌৱে । ছুপাৰ জায়েন্টছৰ ডাঙৰ ভৰষা পুৰাণ । নহ’বনো কিয়? তিনিখন মেচত সৰ্বাধিক ৰাণ তেৱেঁই কৰিছে । তিনিখন মেচত সংগ্ৰহ ১৮৯ ৰাণ । ষ্ট্ৰাইক ৰেট প্ৰায় ২২০ । ৩ খন মেচত কোবাইছে ১৫ টা ছিক্সাৰ । এতিয়াও টুৰ্ণামেন্ট পূৰ্ণগতিত আৰম্ভ হোৱা নাই । অথচ ১৯ বছৰৰ সেই যুৱকজনক চিকিৎসকে যি কথা কৈছিল, তাৰ পাছত যেন সকলো অসম্ভৱ হৈ পৰিছিল । কিন্তু চেষ্টাৰ অসাধ্য কিবা আছে জানো!

১৯ বছৰ অনূৰ্ধ বিশ্বকাপ জয়ৰ পাছতেই এই যুৱ ক্ৰিকেটাৰজনক লৈ কেৰিবিয়ান ক্ৰিকেটত হৈ চৈ লাগিছিল । সকলোৰে মুখে মুখে ভৱিষ্যতৰ তাৰকা নিকোলাচ পুৰাণৰ নাম । এই ল’ৰাটোৱে শীঘ্ৰেই বিশ্ব কঁপাব । সেই সপোন দেখিছিল ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটপ্ৰেমীয়ে । কিন্তু তেতিয়াই ঘটিছিল অঘটন । অনুশীলনৰ পৰা নিজে গাড়ী চলাই গৃহাভিমুখে ৰাওনা হৈছিল পুৰাণ । বাটতেই পতিত হয় ভয়ংকৰ দুৰ্ঘটনাত । প্ৰথমে এখন গাড়ীয়ে খুন্দা মাৰে, কোনোমতে গাড়ীখন নিয়ন্ত্ৰণ কৰাৰ সময়তেই খুন্দিয়াই আন এখন গাড়ীয়ে ।

নিকোলাচে যেতিয়া চকু মেলিছিল তেওঁ গাড়ীখন চূৰ্ণ-বিচূৰ্ণ হৈ পৰিছিল । সমুখত ৰৈ আছিল এম্বুলেন্স । ততাতৈয়াকৈ নিকোলাচক নিয়া হয় চিকিৎসালয়লৈ । ১২ দিন হাস্পতালত থকাৰ পাছত ভৰষা হৈ পৰে হুইলচেয়াৰ । ডাক্তৰক তেওঁ সুধিছিল আকৌ ক্ৰিকেট খেলিব পাৰিবনে? সেই প্ৰশ্নত অবাক ডাক্তৰ । অভিব্যক্তি দেখি পুৰাণে কথাতো সলাই সুধিলে, দৌৰিম পাৰিমতো! তেতিয়া চিকিৎসকে ক’লে হয়তো পাৰিব । চিকিৎসকে যিদৰে উত্তৰ দিলে, মনোবল ভাঙি যোৱাৰে কথা ।

ইচ্ছাশক্তি কিমান প্ৰবল হ’লে ডাক্তৰৰ সেই ‘হয়তো’ৰ ধূসৰতাৰ পৰা নিজকে থিয় কৰাব পৰা যায়, সেয়া দেখুৱালে নিকোলাচ পুৰাণে । হৈ পৰিল দুৰ্দান্ত নিকোলাচ । কিন্তু সেই পুৰণি দুৰ্ঘটনাৰ কথা জানো পাহৰিব পাৰি । বৰঞ্চ সেই ঘটনাই যেন আগুৱাই যোৱাৰ প্ৰেৰণা দিয়ে ।

প্ৰতিবেদন- দীপাংকৰ ঘোষাল, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা