চেম্পিয়নছ ট্ৰফীৰ পিছতে আহিব নেকি দুঃখবৰ? ৰোহিত শৰ্মাৰ অৱসৰক লৈ ক’লে গৌতম গম্ভীৰে…

চেম্পিয়নছ ট্ৰফীৰ পিছত ৰোহিত শৰ্মাৰ পৰিকল্পনা কি সেই সন্দৰ্ভত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে ডাঙৰ আভাস দিছে। ৰোহিতক লৈ চলি থকা জল্পনা-কল্পনাৰ সম্পূৰ্ণ অন্ত পেলাবলৈ চেষ্টা কৰিছে গম্ভীৰে। গম্ভিৰে কি কৈছে জানো আহক...

চেম্পিয়নছ ট্ৰফীৰ পিছতে আহিব নেকি দুঃখবৰ? ৰোহিত শৰ্মাৰ অৱসৰক লৈ কলে গৌতম গম্ভীৰে...

ৰোহিত শৰ্মাৰ অৱসৰক লৈ কি ক'লে গৌতম গম্ভীৰে?

Published: 

05 Mar 2025 15:46 PM

শেষ পৰ্যায়ত উপনীত হৈছে চেম্পিয়নছ ট্ৰফী ২০২৫। ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰিছে টীম ইণ্ডিয়া। এনে পৰিস্থিতিত ক্ৰিকেট অনুৰাগীৰ মনত অহা ডাঙৰ প্ৰশ্নটো হ’ল ৯ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ফাইনেলৰ পিছত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাৰ সিদ্ধান্ত কি হ’ব? অৱসৰ ল’ব নে ৫০ অভাৰৰ ফৰ্মেটত খেল অব্যাহত ৰাখিব? ছেমি ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰাৰ পিছত ৰাষ্ট্ৰীয় স্বাৰ্থৰ সৈতে জড়িত এই ডাঙৰ প্ৰশ্নৰ উত্তৰ দিছে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে।

প্ৰকৃততে চেম্পিয়নছ ট্ৰফীৰ আগতে এনে এটা ৰিপৰ্ট ওলাইছিল যে, এদিনীয়া ফৰ্মেটত এতিয়া বিচিচিআইয়ে ৰোহিত শৰ্মাৰ বিকল্পৰ কথা চিন্তা কৰিছে। ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে দলৰ নতুন অধিনায়ক বিচাৰিছে সংস্থাটোৱে। পাকিস্তানে আয়োজন কৰা চেম্পিয়নছ ট্ৰফীখন ৰোহিতৰ এদিনীয়া কেৰিয়াৰৰ অন্তিমখন টুৰ্ণামেণ্ট হ’ব বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। অৰ্থাৎ ইয়াৰ পিছত তেওঁ এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ল’ব পাৰিব।

গৌতম গম্ভীৰলৈ প্ৰশ্ন, ৰোহিতৰ পৰিকল্পনা কি?

অৱশ্যে, চেম্পিয়নছ ট্ৰফী ২০২৫ত ৰোহিতে দায়িত্ব লোৱাৰ ধৰণে দলটোক ফাইনেললৈ লৈ গৈছে। ৰোহিতৰ এই কাম দেখাৰ পাছত অনুৰাগীসকলে পুনৰ ভাবিবলৈ বাধ্য হৈছে যে সঁচাকৈয়ে ৰোহিতে এদিনীয়াৰ পৰা অৱসৰ ল’বনে?  অনুৰাগীৰ এই চিন্তা যেতিয়া ডুবাইত অনুষ্ঠিত সংবাদমেলত প্ৰশ্নৰ ৰূপত গৌতম গম্ভীৰৰ ওচৰলৈ আহিছিল, তেতিয়া তেওঁ ইয়াৰ উত্তৰ দিছিল। গৌতম গম্ভীৰক প্ৰত্যক্ষভাৱে প্ৰশ্ন কৰা হৈছে যে, চেম্পিয়নছ ট্ৰফীৰ পিছত ৰোহিত শৰ্মাৰ পৰিকল্পনা কি? তেওঁৰ মাজত এতিয়া কিমান ক্ৰিকেট বাকী আছে?

প্ৰশ্নৰ উত্তৰত গৌতম গম্ভীয়ে কয় , ” চেম্পিয়নছ ট্ৰফীৰ ফাইনেল সন্মুখত আছে… এই বিষয়ে মই এতিয়াই কি ক’ম? কিন্তু, এটা কথা মই ক’ম যে যদি আপোনাৰ অধিনায়কে এই ধৰণেৰে বেটিং কৰি থাকে তেন্তে ই ড্ৰেছিং ৰুমলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব যে ,তেওঁৰ মাজত এতিয়াও ক্ৰিকেট বাকী আছে। গম্ভীৰে কয় যে, ৰোহিতে ডাঙৰ ইনিংছ খেলা নাছিল যদিও তেওঁৰ ইনিংছ আকৰ্ষণীয় আছিল। তেওঁকয়, “আমি এই প্ৰভাৱেৰে খেলুৱৈসকলৰ বিচাৰ কৰোঁ।”

গম্ভীৰে আৰু কয়, “এজন বিশেষজ্ঞ আৰু সাংবাদিক হিচাপে আপোনালোকে কেৱল ৰান আৰু গড় চায়, কিন্তু আমি  চাওঁ যে খেলুৱৈজনে মেচখনত কি ছাব এৰি থৈ গৈছে। যদি সেই দিশটো উত্তম হয় তেন্তে ইয়াৰ কোনো গুৰুত্ব নাই। আমি যি ধৰণৰ ক্ৰিকেট খেলিব বিচাৰো তাত যদি অধিনায়কে প্ৰথমে হাত দাঙে, তেন্তে ইয়াতকৈ ভাল একো হ’ব নোৱাৰে।”

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা চেম্পিয়নছ ট্ৰফী ২০২৫ৰ প্ৰথমখন ছেমি ফাইনেলত ৰোহিত শৰ্মাই ২৯টা বলৰ সন্মুখীন হৈ ২৮ ৰান সংগ্ৰহ কৰিছিল, য’ত ৩টা চাৰি আৰু ১টা ছিক্স অন্তৰ্ভুক্ত আছে।

লগতে পঢ়ক: ভাৰতৰ হাতত পৰাজয়ৰ পিছতে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ষ্টিভ স্মিথৰ

গাখীৰ চাহত নিমখ দি খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক
সপোনত কেতিয়াবা শ্মশান দেখিছে নেকি? তেন্তে জানক ইয়াৰ অৰ্থ...
একেৰাহে এমাহ গাখীৰৰ সৈতে জালুক মিহলাই খালে কি হয় জানেনে?
অনন্ত আম্বানীৰ বনতাৰাত কি কি আৰু কিমান জীৱ-জন্তু আছে?