গম্ভীৰৰ বাবেই ভংগ কৰা হৈছিল বিচিচিআইৰ গুৰুত্বপূৰ্ণ নিয়ম! উঠিছে গুৰুতৰ অভিযোগ
নিউজিলেণ্ডৰ বিপক্ষে ঘৰুৱা টেষ্ট শৃংখলাত ক্লীন ছুইপৰ সন্মুখীন হোৱাৰ পিছত ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ দক্ষতাৰ ওপৰত প্ৰশ্ন উঠিছে। এনে কঠোৰ সমালোচনাৰ সমান্তৰালকৈ এইবাৰ গম্ভীৰৰ বিপক্ষে আন এক গুৰুতৰ অভিযোগো উত্থাপিত হৈছে। অভিযোগ অনুসৰি মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ বাবে ভংগ হৈছে বিচিচিআইৰ এক গুৰুত্বপূৰ্ণ নিয়ম।
ৰাহুল দ্ৰাবিড়ৰ পিছত ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দায়িত্ব লোৱা প্ৰাক্তন তাৰকা গৌতম গম্ভীৰৰ কাৰ্যকালত দলে উন্নত প্ৰদৰ্শন দাঙি ধৰিব বুলি আশা কৰিছিল অনুৰাগীয়ে। কিন্তু অনুৰাগীৰ এই আশা গম্ভীৰৰ কাৰ্যকালৰ প্ৰাৰম্ভিক অৱস্থাতে ভংগ হোৱাৰহে উপক্ৰম হৈছে। প্ৰথমে দুৰ্বল শ্ৰীলংকাৰ বিপক্ষে এদিনীয়া শৃংখলাত পৰাজয় আৰু এতিয়া নিউজিলেণ্ডৰ বিপক্ষে ঘৰতে টেষ্ট শৃংখলাত ক্লীন ছুইপৰ সন্মুখীন হ’বলগীয়া হৈছে ভাৰতীয় দল। ইয়াৰ পিছতে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ দক্ষতাৰ ওপৰত প্ৰশ্ন উঠিছে।
এনে প্ৰশ্ন তথা সমালোচনাৰ সমান্তৰালকৈ এইবাৰ গম্ভীৰৰ বিপক্ষে আন এক গুৰুতৰ অভিযোগো উত্থাপিত হৈছে। অভিযোগ অনুসৰি মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ বাবে ভংগ হৈছে বিচিচিআইৰ এক গুৰুত্বপূৰ্ণ নিয়ম। শেহতীয়াকৈ বিচিচিআইৰ নিৰ্বাচক সমিতিয়ে আগন্তুক ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবেৰ ভাৰতীয় দল বাছনি কৰিছে। নিৰ্বাচক সমিতিৰ বৈঠকত বিচিচিআইৰ এক গুৰুত্বপূৰ্ণ নিয়ম ভংগ কৰা হৈছে।
বিচিচিআইৰ নিয়মাৱলী অনুসৰি মুখ্য প্ৰশিক্ষকজন বাছনি সমিতিৰ অংশ হ’ব নোৱাৰে যদিও ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে দল নিৰ্বাচনৰ সময়ত সমিতিৰ বৈঠকত অংশ লৈছিল গৌতম গম্ভীৰে। তেওঁৰ পৰামৰ্শ মতেই হৰ্ষিত ৰাণাক টেষ্ট দলত নিৰ্বাচিত কৰা হৈছিল বুলি জানিব পৰা গৈছে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ বিশেষ অভিজ্ঞতা নথকা হৰ্ষিত ৰাণাক এই গুৰুত্বপূৰ্ণ শৃংখলাৰ বাবে বাচনি কৰাক লৈয়ো আন এক বিতৰ্কৰ সূত্ৰপাত হৈছে।
কেৱল ইমানেই নহয়, নিউজিলেণ্ডৰ বিপক্ষে শৃংখলাৰ অন্তিমখন টেষ্ট অনুষ্ঠিত হোৱা মুম্বাই টেষ্টৰ সময়তো গৌতম গম্ভীৰে গ্ৰহণ কৰা এক সিদ্ধান্তত বিচিচিআই সন্তুষ্ট নহয় বুলি খবৰ প্ৰকাশ পাইছে। ৱাংখেড়েত অনুষ্ঠিত এই টেষ্টখনৰ বাবে গৌতম গম্ভীৰেই স্পীন সহায়ক পিটচ বনোৱাৰ সিদ্ধান্ত লৈছিল। সূত্ৰ অনুসৰি বিচিচিআইৰ বিষয়াসকল গম্ভীৰৰ এই কথাত একমত হোৱা নাছিল।
তদুপৰি বেটিং অৰ্ডাৰ সন্দৰ্ভতো গৌতম গম্ভীৰৰ সিদ্ধান্ত বিচিচিআইৰ বিষয়াসকলে সমৰ্থন কৰা নাছিল বুলি খবৰ প্ৰকাশিত হৈছে। এতিয়া যদি অষ্ট্ৰেলিয়াৰ বিপক্ষে আগন্তুক এই ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীতো ভাৰতীয় দল পৰাজয়ৰ সন্মুখীন হয় আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰে, তেতিয়া দলৰ জ্যেষ্ঠ খেলুৱৈসকলৰ লগতে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰেো বিপদত পৰিব পাৰে বুলি চৰ্চা আৰম্ভ হৈছে।
উল্লেখ্য যে নিউজিলেণ্ডৰ বিপক্ষে পৰাজয়ৰ পিছত ভাৰতীয় দলৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পথ প্ৰায় অসম্ভৱ হৈ পৰিছে। এই লক্ষ্যত উপনীত হ’বলৈ হ’লে ভাৰতীয় দলে অষ্ট্ৰেলিয়াক আগন্তুক শৃংখলাত ৮-০ ব্যৱধানত পৰাস্ত কৰিব লাগিব। ইয়াৰ পিছতো ভাৰতীয় দলে আন দলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। এনে পৰিস্থিতিত ভাৰতীয় দলৰ ফাইনেলৰ আশা প্ৰায় নিৰ্বাপিত হোৱা বুলিব পাৰি।