Most Searched Athletes : ২০২৪ চনত সমগ্ৰ বিশ্বতে সৰ্বাধিক গুগল চাৰ্চত থকা খেলুৱৈসকল…চাওঁক তালিকাৰ শীৰ্ষ কোন ?
সমগ্ৰ বিশ্বতে পাণ্ডিয়াক সৰ্বাধিক গুগলত বিচাৰিছিল অনুৰাগীয়ে । এই তালিকাত আছে ক্ৰিকেটাৰ শশাংক সিঙৰ নামো । মাইক টাইছন, ইমান খলিফ আৰু জেক পলৰ দৰে বিখ্যাত খেলুৱৈৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । ২০২৪ চনত গুগল চাৰ্চৰ শীৰ্ষত থকা ১০ জন খেলুৱৈৰ তালিকা চাওঁ আহক।
সমগ্ৰ বিশ্বতে ২০২৪ চনত গুগলত সৰ্বাধিক চাৰ্চত থকা খেলুৱৈ সকলৰ ভিতৰত ভাৰতৰ কেইবাগৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে । এই তালিকাত আছে ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ তাৰকা ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ নাম । কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে পাণ্ডিয়াক সৰ্বাধিক গুগলত বিচাৰিছিল অনুৰাগীয়ে । এই তালিকাত আছে ক্ৰিকেটাৰ শশাংক সিঙৰ নামো । মাইক টাইছন, ইমান খলিফ আৰু জেক পলৰ দৰে বিখ্যাত খেলুৱৈৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । ২০২৪ চনত গুগল চাৰ্চৰ শীৰ্ষত থকা ১০ জন খেলুৱৈৰ তালিকা চাওঁ আহক।
২০২৪ চনত গুগলত সৰ্বাধিক সন্ধান কৰা খেলুৱৈৰ ভিতৰত ইমান খলিফ প্ৰথম স্থানত আছে। আলজেৰিয়াৰ এই ২৫ বছৰীয়া বক্সাৰগৰাকীয়ে ২০২৪ চনৰ পেৰিছ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰে। অৱশ্যে পিছত তেওঁৰ বিৰুদ্ধে পুৰুষ বুলি অভিযোগ উত্থাপন হয়। দ্বিতীয় স্থানত আছে আমেৰিকাৰ কিংবদন্তি বক্সাৰ মাইক টাইছন। একেদৰে লমিন ইয়ামাল,ছিমন বাইলছ, জেক পল দৰে বিখ্যাত খেলুৱৈক বছৰটোত চাৰ্চ কৰিছে অনুৰাগীয়ে ।
চাৰি নম্বৰত স্থান লাভ কৰে ছিমন বাইলছ। ২৭ বছৰীয়া ছিমন বাইলছ এগৰাকী আমেৰিকান জিমনাষ্ট। ২০২৪ চনৰ পেৰিছ অলিম্পিকত তেওঁ স্বৰ্ণ পদক লাভ কৰে। জেক পলৰ নাম পাঁচ নম্বৰত অন্তৰ্ভুক্ত কৰা হৈছে। আমেৰিকাৰ পেছাদাৰী বক্সাৰ পলে পৰাস্ত কৰিছিল কিংবদন্তি মাইক টাইছনক। ষষ্ঠ স্থান লাভ কৰিছে নিকো উইলিয়ামছে। ইউৰো কাপত স্পেইনৰ জয়ত লেমিন ইয়ামালৰ সৈতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ২২ বছৰীয়া উইলিয়ামছে।
এই তালিকাৰ সপ্তম স্থান লাভ কৰে ভাৰতৰ তাৰকা ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াই। এইবাৰ টি-২০ বিশ্বকাপ খিতাপ দখল কৰা টিম ইণ্ডিয়াৰ বাবে বাবে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল হাৰ্দিকে। ইয়াৰ উপৰিও তেওঁ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কত্ব লাভ কৰাৰ পিছত অনুৰাগী ট্ৰলৰ সন্মুখীন হৈছিল । একেদৰে এই বছৰতে বিবাহ বিচ্ছেদ হৈছিল পাণ্ডিয়াৰ ।
অষ্টম স্থানত আছে গলফাৰ স্কটি শ্বেফলাৰ। ২৮ বছৰীয়া শ্বেফ্লাৰ বৰ্তমান বিশ্বৰ ১ নম্বৰ গলফাৰ। এই তালিকাত নৱম স্থানত আছে ভাৰতৰ ক্ৰিকেটাৰ শশাংক সিঙৰ নাম। আই পি এলত পঞ্জাৱ কিংছৰ হৈ খেলা শশাংকক আই পি এল ২০২৫ৰ বাবে ৫ কোটি টকাৰ বিনিময়ত দলটোৱে ৰিটেইন কৰিছিল । আনহাতে তালিকাৰ শেষ স্থান আছে স্পেনিছ ফুটবলাৰ ৰড্ৰি। তেওঁ এইবাৰ ফিফা বেলন ডি অ’ৰ বঁটা লাভ কৰে।