শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

GT vs PBKS Live Score, IPL 2025: IPL ২০২৫ ৰ প্ৰথমখন মেচত পাঞ্জাৱ কিংছৰ জয়, ঘৰুৱা খেলপথাৰত ১১ ৰানত পৰাস্ত গুজৰাট

Gujarat Titans vs Punjab Kings, Live Score in Assamese: IPL 2025ৰ ৫মখন খেলত গুজৰাট টাইটানছ আৰু পাঞ্জাৱ কিংছৰ মাজত অনুষ্ঠিত হৈছে। আজি বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামত শুভমন গীলৰ গুজৰাট টাইটানছৰ সন্মুখত শ্ৰেয়াছ আয়াৰৰ পাঞ্জাৱ কিংছ । কোনটো দলে মাৰিব বাজি? আই পি এলত গুজৰাট বনাম পাঞ্জাৱৰ খেলৰ সম্পূৰ্ণ লাইভ আপডেট চাওক।

trishna-kalita
Trishna Kalita | Updated On: 25 Mar 2025 23:28 PM
GT vs PBKS Live Score, IPL 2025: IPL ২০২৫ ৰ প্ৰথমখন মেচত পাঞ্জাৱ কিংছৰ জয়, ঘৰুৱা খেলপথাৰত ১১ ৰানত পৰাস্ত গুজৰাট
IPLত গুজৰাট টাইটানছৰ বনাম পাঞ্জাৱ কিংছ

আজি আই পি এল ২০২৫ত অভিযান আৰম্ভ কৰিছে গুজৰাট টাইটানছ আৰু পাঞ্জাৱ কিংছে। আইপিএল ২০২৫ৰ বাবে সম্পূৰ্ণ নতুন ৰূপত পাঞ্জাৱ কিংছক। দলৰ সকলো মুখ নতুন। নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰৰ কমাণ্ডত এই দলটোৱে নামিছে গুজৰাটৰ বিৰুদ্ধে ছিজনৰ প্ৰথমখন মেচত । গুজৰাট টাইটানছৰ ঘৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে আই পি এল ২০২৫ৰ ৫মখন খেল। ১৮ সংখ্যক ছিজনত গুজৰাট আৰু পাঞ্জাৱ দুয়োটা দলৰ এইখন প্ৰথম মেচ। একে সময়তে এইখন সামগ্ৰিক IPLত দুয়োটা দলৰ ষষ্ঠখন মেচ। আইপিএল ২০২৫ত গুজৰাট টাইটানছৰ অধিনায়কৰ দায়িত্বত আছে শুভমন গীল।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 25 Mar 2025 11:08 PM (IST)

    পেভিলিয়নলৈ উভটিল বাটলাৰ

    যুঁজি যুঁজি অৱশেষত হাৰ মানিলে যশ বাটলাৰে। মাৰ্কো য়ান্সেনৰ বলত ক্লিনবল্ড যশ বাটলাৰ।

  • 25 Mar 2025 10:55 PM (IST)

    ৪ অভাৰত ৬২ ৰানৰ প্ৰয়োজন

    একেৰাহে ২ অভাৰত পাঞ্জাৱে কোনো বাউণ্ডেৰী ল’বলৈ সুযোগ নিদিয়াৰ বাবে গুজৰাটৰ ৰানৰ গতি নিয়ন্ত্ৰণ হয়। ১৬ অভাৰৰ পাছত ১৮২ ৰান সংগ্ৰহ গুজৰাটৰ। এতিয়া দলটোক জয়ৰ বাবে ৪ অভাৰত ৬২ ৰানৰ প্ৰয়োজন।

  • 25 Mar 2025 10:34 PM (IST)

    ছাই সুদৰ্শন আউট

    ছাই সুদৰ্শনৰ বিস্ফোৰক ইনিংছৰ অন্ত। ৪১ বলত ৭৪ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী সুদৰ্শন।

  • 25 Mar 2025 10:19 PM (IST)

    সুদৰ্শনৰ সুন্দৰ অৰ্ধশতক

    লেহেমীয়া আৰম্ভণিৰ পাছত ৰানৰ গতি বৃদ্ধি কৰি ৩১টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰিছে ছাই সুদৰ্শনে। তেওঁ এতিয়ালৈকে ৪টা ছয় আৰু ৩টা চাৰিটা মাৰিছে।

  • 25 Mar 2025 10:04 PM (IST)

    শুভমন গীলৰ বিস্ফোৰক ইনিংছৰ অন্ত

    গুজৰাট টাইটানছৰ প্ৰথমটো উইকেটৰ পতন। মেক্সৱেলৰ বলত পেভিলিয়নমুখী গুজৰাটৰ অধিনায়ক শুভমন গীল। ৬ অভাৰৰ অন্তত এটা উইকেট হেৰুৱাই গুজৰাটে সংগ্ৰহ কৰে ৬১ ৰান।

  • 25 Mar 2025 09:49 PM (IST)

    শুভমন গীলৰ অগ্ৰগতি

    প্ৰথম ৩ অভাৰত মাত্ৰ ১৭ ৰান সংগ্ৰহ কৰি লাহে লাহে আৰম্ভণি কৰা গুজৰাটৰ হৈ অগ্ৰগতি লাভ কৰিছে অধিনায়ক গীল। গিলে নিজৰ প্ৰিয় খেলপথাৰত মাৰিলে বাউণ্ডেৰী। চতুৰ্থ অভাৰত গিলে আজমতুল্লাহ উমৰজাইৰ বলত ২টা ছয় আৰু ১ চাৰি মাৰে।

  • 25 Mar 2025 09:16 PM (IST)

    গুজৰাট টাইটানছৰ আগত ২৪৪ ৰানৰ লক্ষ্য

    ২০‌ অভাৰৰ অন্তত বিস্ফোৰক বেটিঙেৰে পাঞ্জাৱে সংগ্ৰহ কৰে ২৪৩ ৰাণ। মাত্ৰ ৩ ৰাণৰ বাবে শতকৰপৰা উপেক্ষিত পঞ্জাৱৰ অধিনায়ক শ্ৰেয়াছ আয়াৰ।৪২ বলত ৯৭ ৰাণ সংগ্ৰহ আয়াৰৰ। পঞ্জাৱৰ হৈ শশাংক সিঙে সংগ্ৰহ কৰে ১৬ বলত ৪৪ ৰান।

  • 25 Mar 2025 09:05 PM (IST)

    পাঞ্জাৱে সম্পূৰ্ণ কৰিলে ২০০ ৰান

    ১৮ নং অভাৰত ২০০ ৰানৰ স্ক’ৰ অতিক্ৰম কৰিছে পাঞ্জাৱে। এই অভাৰত শশাংকে ছিক্স আৰু ফ’ৰ মাৰি দলটোক ২০০ ৰানৰ বাহিৰলৈ লৈ যায়।

  • 25 Mar 2025 08:53 PM (IST)

    পাঞ্জাৱৰ পঞ্চমটো উইকেটৰ পতন

    পাঞ্জাৱ কিংছক আক্ৰমণ ছাই কিশোৰৰ। ১৬ নং অভাৰত মাৰ্কাছ ষ্টোইনিছৰ উইকেট দখল।

  • 25 Mar 2025 08:38 PM (IST)

    শ্ৰেয়াছ আয়াৰৰ অৰ্ধশতক

    প্ৰথমখন মেচতেই পঞ্জাৱৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে অৰ্জন কৰিলে অৰ্ধশতক। ২৭ টা বলত অৰ্ধশতক অৰ্জন শ্ৰেয়াছ আয়াৰৰ

  • 25 Mar 2025 08:27 PM (IST)

    পেভিলিয়নমুখী মেক্সৱেল

    পাঞ্জাৱৰ একেৰাহে চতুৰ্থটো উইকেটৰ পতন। আজমতুল্লাহ উমৰজাইৰ পাছতে ৰাণশূণ্যভাৱে পেভিলিয়নমুখী গ্লেন মেক্সৱেল

  • 25 Mar 2025 08:04 PM (IST)

    পাঞ্জাৱৰ দ্বিতীয়টো উইকেটৰ পতন

    ৰাচিদ খানৰ বলত ৪৭ৰাণ কৰি পেভিলিয়নমুখী প্ৰিয়াংশ আৰ্যা

  • 25 Mar 2025 08:01 PM (IST)

    প্ৰিয়াংশৰ বিস্ফোৰক বেটিং

    ষষ্ঠ তথা পাৱাৰ প্লেৰ অন্তিম অভাৰৰ অন্তত পঞ্জাৱ কিংছে এটা উইকেট হেৰুৱায় সংগ্ৰহ কৰে ৭৩ ৰাণ। আৰ্ছাদ খানৰ বলত একেৰাহে ৩টা চাৰি আৰু ১টা ছিক্স প্ৰিয়াংশৰ।

  • 25 Mar 2025 07:52 PM (IST)

    পাঞ্জাৱৰ প্ৰথমটো উইকেটৰ পতন

    পাঞ্জাৱে পালে প্ৰথমটো আঘাত। গুজৰাটৰ ৰাবাদাই লাভ কৰিছে সফলতা । চতুর্থ অভাৰৰ প্রথম বলত ৰাবাদাই প্রভসীমৰণ সিঙৰ উইকেট দখল কৰে৷

  • 25 Mar 2025 07:36 PM (IST)

    মূল একাদশত কোন কোন?

    গুজৰাট টাইটানছঃ শুভমন গীল, ছাই সুদৰ্শন, জ’ছ বাটলাৰ, ৰাহুল টেৱাটিয়া, শ্বাহৰুখ খান, ছাই কিশোৰ, আৰ্শ্বদ খান, ৰছিদ খান, কাগিছ’ ৰাবাদা, মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণ।

    পাঞ্জাৱ কিংছ : প্ৰভসীমৰন, প্ৰিয়ংশ আৰিয়া, শ্ৰেয়াছ আয়াৰ, শশাংক সিং, মাৰ্কাছ ষ্টয়নিছ, গ্লেন মেক্সৱেল, সূৰ্য্যংশ শ্বেডজ, আজমাতুল্লাহ ওমৰজাই, মাৰ্কো জেনছন, অৰ্শদীপ সিং আৰু যুজবেন্দ্ৰ চাহাল।

  • 25 Mar 2025 07:34 PM (IST)

    পাঞ্জাৱৰ বেটিং আৰম্ভ

    পাঞ্জাৱ কিংছৰ বেটিং আৰম্ভ হোৱাৰ লগে লগে অভিষেক ঘটোৱা প্ৰভসীমৰণ সিঙৰ সৈতে অ’পেনিং কৰিছে প্ৰিয়ংশ আৰ্য্যই । গুজৰাটৰ হৈ বলিং মুকলি কৰিছে মহম্মদ ছিৰাজে। এই দলৰ হৈ প্ৰথমবাৰৰ বাবে খেলিছে ছিৰাজে ।

  • 25 Mar 2025 07:30 PM (IST)

    পাঞ্জাৱৰ সম্ভাৱ্য ১২ গৰাকী খেলুৱৈ

    শ্ৰেয়াছ আয়াৰ, প্ৰভসিমৰন সিং, প্ৰিয়ংশ আৰ্য্য, মাৰ্কাছ ষ্টয়নিছ, গ্লেন মেক্সৱেল, শশাংক সিং, নেহাল ৱাধেৰা/সূৰ্য্যংশ শ্বেডজ, মাৰ্কো জান্সেন, হৰপ্ৰীত ব্ৰাৰ, লকি ফাৰ্গুচন, অৰ্শদীপ সিং আৰু যুজবেন্দ্ৰ চাহাল।

  • 25 Mar 2025 07:28 PM (IST)

    গুজৰাটৰ পৰা সম্ভাৱ্য ১২ জন খেলুৱৈ

    শুভমান গীল (C), জ’ছ বাটলাৰ, ছাই সুদৰ্শন, শ্বাহৰুখ খান, গ্লেন ফিলিপছ, ৱাশ্বিংটন সুন্দৰ, ৰাহুল টেৱাটিয়া, ৰছিদ খান, কাগিছ’ ৰাবাদা, প্ৰসিদ্ধ কৃষ্ণ, মহম্মদ ছিৰাজ

  • 25 Mar 2025 07:04 PM (IST)

    টছত জয়লাভ গুজৰাট টাইটানছৰ

    আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত টছত জয়লাভ কৰে গুজৰাট টাইটানছৰ অধিনায়ক শুভমান গীলে। টছত জিকি ফিল্ডিং কৰাৰ সিদ্ধান্ত গীলৰ।

  • 25 Mar 2025 06:47 PM (IST)

    GT-PBKSৰ মেচত দেখা যাব ৪ গৰাকীকৈ দামী খেলুৱৈৰ মুখ

    গুজৰাট টাইটানছ আৰু পাঞ্জাৱ কিংছৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনত দেখা যাব আটাইতকৈ দামী খেলুৱৈৰ ভিতৰত থকা ৪ খন ডাঙৰ মুখ। ইয়াৰে এজন হ’ব পাঞ্জাৱৰ অধিনায়ক শ্ৰেয়াছ আয়াৰ। তেওঁৰ উপৰিও যুজবেন্দ্ৰ চাহাল, অৰ্শদীপ সিং আৰু জ’ছ বাটলাৰৰ নাম অন্তৰ্ভুক্ত আছে।

  • 25 Mar 2025 06:33 PM (IST)

    GT vs PBKS, IPL 2025: IPLত আজি গুজৰাট বনাম পাঞ্জাৱ

    আজি IPLত ষষ্ঠবাৰৰ বাবে মুখামুখি হ’ব গুজৰাট আৰু পাঞ্জাৱ। ইয়াৰ পূৰ্বে গুজৰাটে খেলা ৫ খন খেলৰ ভিতৰত ৩ খন খেলত জয়লাভ কৰিছে। আনহাতে পাঞ্জাৱে ২ খন মেচত জয়লাভ কৰিছে।

Published On - Mar 25,2025 6:30 PM