GT vs RR Live Score, IPL 2025 : ৰাজস্থানক ৫৮ ৰানত পৰাস্ত কৰি পইণ্ট তালিকাৰ ১ নম্বৰ স্থানলৈ গুজৰাট টাইটানছ
Gujarat Titans vs Rajasthan Royals Live Score in Assamese : ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছৰ মাজত আজি অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ ২৩ সংখ্যক মেচ। সন্ধিয়া ৭.৩০ বজাৰ পৰা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই মেচখন। দুয়োটা দলে ছলিত ছিজনত এই পৰ্যন্ত চাৰিখনকৈ মেচ খেলিছে ।

ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছৰ মাজত আজি অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ ২৩ সংখ্যক মেচ। সন্ধিয়া ৭.৩০ বজাৰ পৰা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই মেচখন। দুয়োটা দলে ছলিত ছিজনত এই পৰ্যন্ত চাৰিখনকৈ মেচ খেলিছে । গুজৰাটে তিনিখন মেচত জয়ী হোৱাৰ বিপৰীতে এখন মেচত পৰাস্ত হৈছে । ইফালে, ৰাজস্থানে দুখন জয়ী হৈছে আৰু দুখনত পৰাস্ত হৈছে । গুজৰাট টাইটানছে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থকাৰ বিপৰীতে চাৰি পইণ্টেৰে তালিকাৰ সপ্তম স্থানত আছে ৰাজস্থান । গতিকে ৰাজস্থান আৰু গুজৰাটৰ খেলখন তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক হ’ব বুলি আশা কৰা হৈছে ।
LIVE NEWS & UPDATES
-
৫৮ ৰান জয়লাভ গুজৰাট টাইটানছৰ
ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ৫৮ ৰান জয়লাভ গুজৰাট টাইটানছৰ ।
-
অল আউট ৰাজস্থান
অল আউট ৰাজস্থান, ১৯.২ বলত আটাইকেইটা উইকেট হেৰুৱা ১৫৯ ৰান সংগ্ৰহ ৰাজস্থানৰ ।
-
জয় নিশ্চিত গুজৰাটৰ
জয় নিশ্চিত গুজৰাটৰ । ১ অভাৰত ৬০ ৰানৰ প্ৰয়োজন ৰাজস্থানক ।
-
প্ৰসিদ্ধ কৃষ্ণৰ ভাল বলিং প্ৰদৰ্শন
প্ৰসিদ্ধ কৃষ্ণৰ ভাল বলিং প্ৰদৰ্শন । ৪ অভাৰত ২৪ ৰান দি ৩ টা উইকেট দখল কৰে প্ৰসিদ্ধ কৃষ্ণই ।
-
প্ৰায় জয় নিশ্চিত গুজৰাট টাইটানছৰ, নৱমটো উইকেটৰ পতন ৰাজস্থানৰ
প্ৰায় জয় নিশ্চিত গুজৰাট টাইটানছৰ । ৯ টা উইকেট হেৰুৱাই ১৫০ ৰান সংগ্ৰহ ৰাজস্থানৰ । ১৮ টা বলত ৬৬ ৰানৰ প্ৰয়োজন ৰাজস্থানক ।
-
হেটমায়াৰ আটট
হেটমায়াৰ আউট । ৩২ বলত ৫২ ৰান সংগ্ৰহ কৰে হেটমায়াৰে ।
-
জয়ৰ দিশে গুজৰাট, সপ্তমটো উইকেট পতন ৰাজস্থানৰ
জয়ৰ দিশে গুজৰাট টাইটানছ । সপ্তমটো উইকেট পতন ৰাজস্থানৰ । হেটমায়াৰৰ অৰ্ধ শতক ।
-
অৰ্ধ শতক হেটমায়াৰৰ
৩০ টা বলত ৫২ ৰান সংগ্ৰহ হেটমায়াৰৰ । জয়ৰ বাবে প্ৰচেষ্টা অব্য়াহত হেটমায়াৰৰ ।
-
জয়ৰ দিশে গুজৰাট
১৫ অভাৰত ৬ টা উইকেট হেৰুৱাই ১৩৯ ৰান সংগ্ৰহ ৰাজস্থানৰ । ৩০ টা বল ৭৯ ৰানৰ প্ৰয়োজন ।
-
৬ টা উইকেট হেৰুৱালে ৰাজস্থানে
ৰাজস্থানৰ বিপৰ্যয় । ৬ টা উইকেট হেৰুৱালে ৰাজস্থানে । ১৩.২ বলত ১১৯ ৰান সংগ্ৰহ । এতিয়াও্ৰ ৪০ টা বলত ৯৯ ৰানৰ প্ৰয়োজন ।
-
জয়ৰ বাবে ৪১ টা বলত ৯৯ ৰানৰ প্ৰয়োজন ৰাজস্থানক
জয়ৰ বাবে ৪১ টা বলত ৯৯ ৰানৰ প্ৰয়োজন ৰাজস্থানক । ১৩ অভাৰত ১১৯ ৰান সংগ্ৰহ ৰাজস্থানৰ ।
-
সঞ্জু চেমছন আউট
সঞ্জু চেমছন আউট । ২৮ টা বলত ৪১ ৰান সংগ্ৰহ কৰে ৰাজস্থানৰ অধিনায়ক সঞ্জু চেমছনে । ৫ টা উইকেট হেৰুৱাই ১১৭ ৰান সংগ্ৰহ ৰাজস্থানৰ ।
-
৯ অভাৰত ৭৪ ৰান ৰাজস্থানৰ
৯ অভাৰত ৭৪ ৰান সংগ্ৰহ কৰিছে ৰাজস্থানে । ৪ টা উইকেটৰ পতন । বেটিঙত সঞ্জু চেমছেন আৰু শ্বিমৰন হেটমায়াৰ ।
-
ৰিয়ান পৰাগ আউট
ৰিয়ান পৰাগ আউট । ১৪ টা বলত ২৬ ৰান সংগ্ৰহ কৰি আউট ৰিয়ান । ৬.৪ অভাৰত ৬০ ৰান ৰাজস্থানৰ ।
-
প্ৰথমটো উইকেটৰ পতন ৰাজস্থানৰ
যশস্বী জয়ছৱাল আউট । ৭ টা বল ৬ ৰান কৰি আউট জয়ছৱাল । বেটিঙত আহিছে নীতিশ ৰানা ।
-
১ অভাৰত ৯ ৰান ৰাজস্থানৰ
ৰাজস্থানৰ অপেনিং বেটছমেন যশস্বী জয়ছৱাল আৰু সঞ্জু চেমছন । ১ অভাৰত ৯ ৰান সংগ্ৰহ ৰাজস্থানৰ । এটা ভাল অভাৰে আৰম্ভণি মহম্মদ চিৰাজৰ ।
-
গুজৰাটৰ ভাল বেটিং
গুজৰাট টাইটানছে ভাল বেটিং কৰি ২১৭ ৰান সংগ্ৰহ কৰে। ছাই সুদৰ্শনে ৫৩টা বলত ৮২ ৰান সংগ্ৰহ কৰে। জোছ বাটলাৰ আৰু শ্বাহৰুখ খানে ৩৬-৩৬ ৰান সংগ্ৰহ কৰে। শেষৰ অভাৰত ৰাহুল তিৱাতিয়াই ১২টা বলত ২৪ ৰান সংগ্ৰহ কৰে।
-
ৰাজস্থানৰ সন্মুখত ২১৮ ৰানৰ লক্ষ্য গুজৰাটৰ
২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ৰাজস্থানৰ সন্মুখত ২১৮ ৰানৰ লক্ষ্য বান্ধি দিলে গুজৰাটে ।
-
৬ টা উইকেটৰ পতন গুজৰাট টাইটানছৰ
৬ টা উইকেটৰ পতন গুজৰাট টাইটানছৰ । ১৯ অভাৰত ২০১ ৰান সংগ্ৰহ গুজৰাট টাইটানছৰ ।
-
ছাই সুদৰ্শন আউট
ছাই সুদৰ্শন আউট । ৫৩ টা বলত ৮২ ৰান কৰি আউট সুদৰ্শন । শতক অৰ্জনত ব্যৰ্থ ছাই সুদৰ্শন ।
-
শতকৰ দিশে ছাই সুদৰ্শন
ছাই সুদৰ্শন বেটিং অব্য়াহত । শতকৰ দিশে ছাই সুদৰ্শন । ৪৯ বলত ৮০ ৰান সংগ্ৰহ কৰি বেটিং কৰি আছে সুদৰ্শনে ।
-
চাৰিটা উইকেটৰ পতন গুজৰাটৰ
চাৰিটাৰ উইকেটৰ পতন গুজৰাটৰ । চলিত ১৭ অভাৰত ১৬৪ ৰান সংগ্ৰহ গুজৰাটৰ ।
-
শ্বাহৰুখ খান আউট
ষ্টাম্পিং আউত শ্বাহৰুখ খান । ২০ টা বলত ৩৬ ৰান কৰি আউট শ্বাহৰুখ । ১৬ অভাৰত ১৬৩ ৰান সংগ্ৰহ গুজৰাটৰ । ৩ টা উইকেট পতন ।
-
শ্বাহৰুখ খানৰ আক্ৰমণাত্মক বেটিং
শ্বাহৰুখ খানৰ আক্ৰমণাত্মক বেটিং । ১৬ টা বলত ৩৩ ৰান সংগ্ৰহ শ্বাহৰুখৰ । ১৪ অভাৰত ১৪০ ৰান গুজৰাটৰ ।
-
১৩ অভাৰৰ অন্তত গুজৰাটৰ ৰান ১২৫
১৩ অভাৰৰ অন্তত গুজৰাটৰ ৰান ১২৫ । বেটিঙত আছে ছাই সুদৰ্শন আৰু শ্বাহৰুখ খান । দুটা উইকেট পতন ।
-
বাটলাৰ আউট
বাটলাৰ আউট । ২৫ টা বলত ৩৬ ৰান কৰি আউট বাটলাৰ ।
-
ছাই সুদৰ্শনৰ ৫০ ৰান
ছাই সুদৰ্শনে ৫০ ৰান সংগ্ৰহ কৰে । ৩২ টা বল অৰ্ধশতক অৰ্জন ছাই সুদৰ্শনৰ । ২৪ টা বল ৩৬ ৰান সংগ্ৰহ কৰি আছে বাটলাৰে ।
-
৮ অভাৰত ৮১ ৰান সংগ্ৰহ গুজৰাট টাইটানছৰ
টাইম আউট । ৮ অভাৰত ৮১ ৰান সংগ্ৰহ গুজৰাট টাইটানছৰ । এটা উইকেট পতন । সুদৰ্শন-বাটলাৰ আক্ৰমণাত্মক বেটিং প্ৰদৰ্শন ।
-
২৪ টা বলত ৪১ ৰান সংগ্ৰহ ছাই সুদৰ্শনৰ
৬ অভাৰৰ অন্তত ৫৬ ৰান সংগ্ৰহ গুজৰাটৰ । এটা উইকেট পতন । ২৪ টা বলত ৪১ ৰান সংগ্ৰহ ছাই সুদৰ্শনৰ ।
-
ছাই সুদৰ্শনৰ আক্ৰমণাত্মক বেটিং প্ৰদৰ্শন
বাটলাৰ- ছাই সুদৰ্শনৰ আক্ৰমণাত্মক বেটিং প্ৰদৰ্শন । পাঁচ অভাৰৰ অন্তত গুজৰাটৰ ৰান ৪৯ । এটা উইকেট পতন ।
-
নতুন বেটছমেন বাটলাৰ
শুভমান গিলৰ আউটৰ পাছতে বেটিঙত আহিছে বাটলাৰ । আহিয়ে আক্ৰমণাত্ম বা়টলাৰ ।
-
শুভমান গিল আউট
শুভমান গিল আউট । তিনিটা বলত দুই ৰান সংগ্ৰহ কৰি আউট শুভমান । প্ৰথম উইকেট পতন গুজৰাটৰ ।
-
গুজৰাটৰ বেটিং আৰম্ভ
গুজৰাট টাইটানছৰ বেটিং আৰম্ভ হৈছে। আকৌ এবাৰ দলটোৱে অধিনায়ক শুভমান গিল আৰু ছাই সুদৰ্শনৰ পৰা ভাল আৰম্ভণি আশা কৰিছে।
-
দুয়োটা দলৰ মূল একাদশ
গুজৰাট টাইটানছঃ শুভমান গিল (অধিনায়ক), ছাই সুদৰ্শন, জোছ বাটলাৰ, শ্বাৰফান ৰাদাৰফোৰ্ড, শ্বাহৰুখ খান, ৰাহুল তেৱাটিয়া, ৰছিদ খান, চাই কিশোৰ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, আৰ্শ্বদ খান
ৰাজস্থান ৰয়েলছঃ সঞ্জু ছেমছন (অধিনায়ক), যশস্বী জয়ছোৱাল, নীতিশ ৰানা, ৰিয়ান পৰাগ, শ্বিমৰন হেটমায়াৰ, ধ্ৰুৱ জুৰেল, জোফ্ৰা আৰ্চাৰ, মহিষ থিকছানা, ফজলহাক ফাৰুকী, সন্দীপ শৰ্মা আৰু তুষাৰ দেশপাণ্ডে
-
ৰাজস্থান দলত পৰিৱৰ্তন
ৰাজস্থান ৰয়েলছৰ তাৰকা স্পিনাৰ ৱানিন্দু হাছাৰাংগা ব্যক্তিগত কাৰণত এই খেলৰ পৰা আঁতৰি আছে। তেওঁৰ ঠাইত পেচাৰ ফাজালহাক ফাৰুকিক নিৰ্বাচিত কৰা হৈছে। গুজৰাট টাইটানছৰ কোনো পৰিৱৰ্তন হোৱা নাই।
-
এতিয়ালৈকে গুজৰাটৰ প্ৰদৰ্শন
প্ৰথম মেচ- পঞ্জাব পৰাজিত
দ্বিতীয়খন মেচ- পৰাজিত মুম্বাই
তৃতীয় মেচ- পৰাজিত বেংগালুৰু
চতুৰ্থ মেচ- পৰাজিত হায়দৰাবাদ
-
এতিয়ালৈকে আৰ আৰৰ প্ৰদৰ্শন
প্ৰথম মেচঃ হায়দৰাবাদ জয়ী
দ্বিতীয়খন খেলঃ কলকাতা জয়ী
তৃতীয়খন মেচঃ চেন্নাইক পৰাস্ত
চতুৰ্থ মেচঃ পঞ্জাৱক পৰাস্ত
-
টছত জয়ী ৰাজস্থান ৰয়েলছ
টছ সম্পন্ন । টছত জয়ী হৈ প্ৰথমে বল কৰাৰ সিদ্ধান্ত ৰাজস্থান ৰয়েলছৰ ।
-
কাৰ হাতত আছে?
গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছ দুয়োটা দলৰ মাজত মুঠ ৬খন মেচ অনুষ্ঠিত হৈছে, ইয়াৰে ২০২২ চনৰ চেম্পিয়ন গুজৰাটৰ আধিপত্য দেখা গৈছে। গিলৰ দলটোৱে ৫খন মেচত জয়লাভ কৰাৰ বিপৰীতে ৰাজস্থানে মাত্ৰ ১খন খেলত জয়লাভ কৰিছে।
Published On - Apr 09,2025 6:49 PM