Happy Birthday Sachin Tendulkar: কেৱল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটেই নে! আই পি এলতো চমক দিছিল শচীনেঃ আজিও অক্ষত এই ৰেকৰ্ড…

আজি ক্ৰিকেটৰ ভগৱান শচীনে ভৰি দিলে জীৱনৰ ৫২টা বৰ্ষত। নিজৰ ৪০ বছৰ বয়সলৈ খেলপথাৰত চমক দি এই মহাতাৰকাগৰাকীয়ে ৰচিলে অলেখ অভিলেখ। ইয়াৰে কেইবাটাও অভিলেখ আজিও আছে অক্ষত অৱস্থাত। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰতো শচীনৰ নামত আছে এক অনন্য অভিলেখ।

Happy Birthday Sachin Tendulkar: কেৱল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটেই নে! আই পি এলতো চমক দিছিল শচীনেঃ আজিও অক্ষত এই ৰেকৰ্ড…

আই পি এলত শচীনৰ ৰেকৰ্ড

Updated On: 

24 Apr 2025 19:16 PM

২৪ এপ্ৰিল, ভাৰতীয় ক্ৰিকেটৰ বাবে এক আশীৰ্বাদৰ দিন এয়া। ভাৰতীয় ক্ৰিকেটৰ লগতে সমগ্ৰ ক্ৰিকেট বিশ্বৰ আৱেগ, গৌৰৱ তথা অনন্য মধুৰ স্মৃতিৰ আধাৰ হৈ ৰৈছে এই দিনটো। কিয়নো এই ২৪ এপ্ৰিল দিনটোতে জন্ম লভা এট শিশু কালক্ৰমত হৈ পৰিছিল ‘ক্ৰিকেটৰ ভগৱান’, সমগ্ৰ ক্ৰিকেট বিশ্বৰ মহানায়ক। কৈশোৰতে দেশৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক আৰু সমুখত বিশ্ব ত্ৰাস বলিং আক্ৰমণ। বেটিং কৰিবলৈ যোৱাৰ সময়ত আনকি বলৰ আঘাতত তেজেৰে ভৰি পৰিল মুখ। এনে বিপৰ্যয় নেওচিও প্ৰবল আত্মবিশ্বাসত কিশোৰটিয়ে কৈ উঠিল, ‘মই বেট ধৰিম।’ আৰু এই আত্মবিশ্বাসেই কিশোৰটি হৈ পৰিল জীৱন্ত কিংবন্তি। নাম তেওঁৰ শচীন তেণ্ডুলকাৰ।

আজি ক্ৰিকেটৰ ভগৱান শচীনে ভৰি দিলে জীৱনৰ ৫২টা বৰ্ষত। নিজৰ ৪০ বছৰ বয়সলৈ খেলপথাৰত চমক দি এই মহাতাৰকাগৰাকীয়ে ৰচিলে অলেখ অভিলেখ। ইয়াৰে কেইবাটাও অভিলেখ আজিও আছে অক্ষত অৱস্থাত। হয়তো কিছু অভিলেখ থাকিব অনন্ত কাললৈ! ২৪ বছৰীয়া সুদীৰ্ঘ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰত শতকৰ শতক, টেষ্ট ফৰ্মেটত মেচৰ দ্বিশতকেৰে শচীন অদ্বিতীয়।

মাত্ৰ ১৬ বছৰ বয়সত বিশ্বত্ৰাস পাকিস্তানী পেচ আক্ৰমণৰ সমুখত প্ৰথমখন খেলতে তেওঁ প্ৰমাণ কৰিছিল নিজক, ক্ৰিকেট বিশ্বক জনাইছিল সগৌৰৱে, তেওঁ দীৰ্ঘ দূৰত্বৰ ঘোঁৰা। ক্ৰিকেটৰ আটাইকেইটা ফৰ্মেটতে ছাপ পেলাই থৈ গৈছে শচীন তেণ্ডুলকাৰে। বৰ্তমান সময়ত অৱশ্যে টেষ্ট আৰু এদিনীয়া ফৰ্মেটতকৈ টি-২০ৰ প্ৰতিহে দেখিবলৈ পোৱা যায় অধিকাংশ খেলুৱৈৰ আগ্ৰহ। অনুৰাগীৰ ক্ষেত্ৰতো সেই একেই কথাই প্ৰযোজ্য।

এই টি-২০ ফৰ্মেটৰে আটাইতকৈ জনপ্ৰিয় লীগ আই পি এলৰ উন্মাদনাত এতিয়া ব্যস্ত ভাৰত। ২০০৮ চনত যেতিয়া আই পি এল আৰম্ভ হৈছিল, সেই সময়ত বহুতেই ভবা নাছিল যে টেষ্ট আৰু এদিনীয়াত ‘শাসন’ কৰা শচীনে ২০ অভাৰৰ ফৰ্মেটতো নিজকে প্ৰমাণ কৰিব। পিছে এই অনুমানক ভুল প্ৰমাণ কৰি আই পি এলতো মাষ্টাৰ ব্লাষ্টাৰে ঘটালে বিস্ফোৰণ। ২০১৩ চনলৈকে মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল আই পি এলত খেলিছিলি শচীনে।

এই ৬ বছৰীয়া আই পি এলত পুনৰ এবাৰ শচীনে দেখুৱাই দিছিল যে ‘ক্লাছ চিৰস্থায়ী’। ছয়টা ছিজনত ৭৮খন মেচ খেলি প্ৰায় ৩৫ গড়ে ২৩৩৪ ৰান সংগ্ৰহ কৰা শচীনে আনকি ২০১০ চনত ১৫খন মেচত ৬১৮ ৰান সংগ্ৰহ কৰি অৰেঞ্জ কেপো জয় কৰে। ২০১১ চনৰ ১৫ এপ্ৰিলত ৱাংখেড়েত কোচি টাস্কাৰ্ছৰ বিৰুদ্ধে ৬৬টা বলত আই পি এলৰ প্ৰথমটো শতক অৰ্জন কৰিছিল শচীনে। নিজৰ ৩৭ বছৰ ৩৫৬ দিন বয়সত শচীনে এই শতক অৰ্জন কৰে।

এই তালিকাত তেওঁৰ ওপৰত আছে কেৱল এডাম গিলক্ৰিষ্ট, সনথ জয়সূৰিয়া আৰু ক্ৰীছ গেইল। কিন্তু ভাৰতীয় হিচাপে আই পি এলত শতক অৰ্জন কৰা খেলুৱৈ হিচাপে শচীনৰ ৰেক’ৰ্ড আজিও অক্ষত। সেই বছৰতে জন্মদিনত শচীনে ডেকান চাৰ্জাৰ্ছৰ বিৰুদ্ধে ৪২টা বলত ৫১ ৰানৰ আন এক ইনিংছ খেলে। অৱশ্যে ২০১৩ চনৰ পিছত এনে প্ৰতিযোগিতামূলক ক্ৰিকেট খেলা নাই মাষ্টাৰ ব্লাষ্টাৰে। তাৰ মাজতে পিছে শেহতীয়াকৈ মাষ্টাৰছ লীগত অনুৰাগীক পুনৰ এবাৰ নিজৰ অনন্য বেটিং শৈলীয়ে বিমুগ্ধ কৰে শচীনে।

আজি দেশৰ লগতে সমগ্ৰ বিশ্বৰ ক্ৰিকেটপ্ৰেমীয়ে স্মৰণ কৰিছে ২২ গজত শচীনৰ সেই অতুলনীয় কলা।  যেতিয়ালৈকে ক্ৰিকেট থাকিব, যেতিয়ালৈকে বেট আৰু বলৰ প্ৰতিদ্বন্দীতাত গুঞ্জৰিত হ’ব ষ্টেডিয়াম, তেতিয়ালৈকে সগৌৰৱে চিৰউজ্জল হৈ থাকিব মাষ্টাৰ ব্লাষ্টাৰ শচীন ৰমেশ তেণ্ডুলকাৰ।

ভূ-স্বৰ্গ কাশ্মীৰত দুখৰ ক'লা ডাৱৰ! ঠন ধৰি উঠা পৰ্যটন উদ্যোগৰ বৃহৎ ক্ষতি
বয়সৰ পৰা ওজন বৃদ্ধিলৈ...জানক স্তন কৰ্কট ৰোগৰ কাৰণসমূহ...
টুথব্ৰাছত লক্ষ্য কৰিছেনে এই প্ৰয়োজনীয় দিশ? সাৱধান, নাই কৰা যদি হ’ব পাৰে বিস্তৰ ক্ষতি..
মুখৰ কৰ্কট ৰোগৰ প্ৰধান লক্ষণসমূহ কি কি? সবিশেষ জানক