মেলবৰ্ণ টেষ্টৰ মাজতে অৱসৰ ৰোহিত-কোহলীৰ! কোনে জনালে অৱসৰৰ শুভকামনা?

মেলবৰ্ণ টেষ্টত এক শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে ভাৰতীয় দল। ৩৪০ ৰানৰ এক বৃ্হৎ লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলে মাত্ৰ ১৫৫ ৰানতে ইনিংছ সামৰি ১৮৪ ৰানত পৰাজয় স্বীকাৰ কৰিছে। এই গুৰুত্বপূৰ্ণ মেচখনত দলৰ দুই অভিজ্ঞ খেলুৱৈ ৰোহিত আৰু কোহলীৰ শোচনীয় প্ৰদৰ্শনৰ পিছত ক্ষুব্ধ হৈ পৰিছে অনুৰাগীসকল।

মেলবৰ্ণ টেষ্টৰ মাজতে অৱসৰ ৰোহিত-কোহলীৰ! কোনে জনালে অৱসৰৰ শুভকামনা?

ৰোহিত-কোহলীৰ অৱসৰ!

Published: 

30 Dec 2024 12:24 PM

মেলবৰ্ণ টেষ্টত এক শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে ভাৰতীয় দল। ৩৪০ ৰানৰ এক বৃ্হৎ লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলে মাত্ৰ ১৫৫ ৰানতে ইনিংছ সামৰি ১৮৪ ৰানত পৰাজয় স্বীকাৰ কৰিছে। জয় নহ’লেও অন্ততঃ ড্ৰ’ৰ বাবে ভাৰতে চেষ্টা চলাব বুলি অনুৰাগীয়ে আশা প্ৰকাশ কৰিছিল যদিও শোচনীয় বেটিং প্ৰদৰ্শনেৰে লজ্জাজনক আত্মসমৰ্পণ কৰিছে ভাৰতে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই মেলবৰ্ণ টেষ্টত ভাৰতীয় দলৰ বেটিং ক্ৰমৰ পৰা আশা কৰা হৈছিল ধৈৰ্যশীল আৰু যুঁজাৰু মনোবৃত্তিৰ। বিশেষকৈ দলৰ আটাইতকৈ অভিজ্ঞ দুই খেলুৱৈ ৰোহিত আৰু কোহলীৰ ওপৰত আছিল অধিক দায়িত্ব।

কিন্তু অনুৰাগীৰ আশা চূৰ্ণ কৰি আজি পুনৰ চূড়ান্ত ব্যৰ্থতাৰে অষ্ট্ৰেলিয়াৰ হাতত উইকেট তুলি দিয়ে দুই অভিজ্ঞ তাৰকাই। এই টেষ্টৰ প্ৰথম ইনিছত মাত্ৰ ৩ ৰান সংগ্ৰহ কৰা ৰোহিতে দ্বিতীয় ইনিংছতো অনুৰাগীৰ আশাত চেঁচাপানী ঢালি ৯ ৰানতে বিদায় লয়। আনহাতে প্ৰথম ইনিংছত ৩৬ ৰান সংগ্ৰহ কৰাৰ পিছত দ্বিতীয় ইনিংছত মাত্ৰ ৫ ৰানহে কৰিবলৈ সক্ষম হয় কোহলীয়ে। দুয়োগৰাকী জ্যেষ্ঠ খেলুৱৈ এই শৃংখলাত চূড়ান্ত ব্যৰ্থ হৈছে।

ধাৰাবাহিক ব্যৰ্থতাৰ বাবে এতিয়া এই দুয়োগৰাকী তাৰকা সন্মুখীন হৈছে ব্যাপক সমালোচনাৰ। দুয়োগৰাকী খেলুৱৈৰ টেষ্ট কেৰিয়াৰৰ অন্তিম পৰ্যায়ত আছে। এতিয়া এনে শোচনীয় প্ৰদৰ্শনৰ পিছত এই দুয়োগৰাকী খেলুৱৈৰ অৱসৰৰ দাবীও উত্থাপন হোৱা পৰিলক্ষিত হৈছে। আনকি ভাৰতীয় অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত এতিয়া ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক অৱসৰৰ দাবী তুলি আগতীয়া অভিনন্দনো জনাইছে।

অৰ্থাৎ অনুৰাগীসকলে এই দুয়োগৰাকী খেলুৱৈৰ টেষ্ট কেৰিয়াৰ এতিয়া শেষ হৈছে আৰু ভৱিষ্যতে তেওঁলোকক টেষ্ট খেলা দেখা নাযাব বুলিয়েই ধৰি লৈছে। এই দুগৰাকী খেলুৱৈৰ অৱসৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত বহু পোষ্ট ভাইৰেল হৈ আছে আৰু ইয়াৰ ফলশ্ৰুতিতে এতিয়া ‘#HappyRetirement’ হেচটেগ ট্ৰেণ্ডিং হৈ আছে। নেটিজেনে আনকি দুয়োকে অৱসৰৰ বাবে অভিনন্দন জনাই ক্ৰিকেটীয় স্মৃতিসমূহৰ বাবে ধন্যবাদো জনাইছে।

উল্লেখ্য যে এই শৃংখলাত ৰোহিতে এতিয়ালৈকে ৩খন মেচৰ ৫ ইনিংছত মাত্ৰ ৬.২০ গড়ে ৩১ ৰান সংগ্ৰহ কৰিছে। একে সময়তে বিৰাট কোহলীয়ে ৪খন খেলৰ ৭ ইনিংছত ২৭.৮৩ গড়ে মাত্ৰ ১৬৭ ৰান সংগ্ৰহ কৰিছে। পাৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছৰ শতক বাদ দিলে কোহলীৰ প্ৰদৰ্শন অত্যন্ত শোচনীয়। দলৰ প্ৰধান খেলুৱৈ হোৱাৰ পিছতো এনে শোচনীয় প্ৰদৰ্শনৰ বাবে দুয়োৰে ওপৰত ক্ষোভিত হৈ পৰিছে অনুৰাগীসকল।

পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?