এসময়ৰ লেগ স্পিনাৰ পাণ্ডিয়া কিদৰে হ’ল পেচাৰ! আঁৰত আছে এইগৰাকী ব্যক্তিৰ ভূমিকা

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া বিগত কেইবাটাও বছৰ ধৰি ভাৰতীয় পেচ এটেকৰ গুৰুত্বপূৰ্ণ অংগস্বৰূপ হৈ আহিছে। পিছে জানেনে, বৰ্তমানৰ সুদক্ষ পেচাৰ হিচাপে পৰিচিত পাণ্ডিয়া পিছে নাছিল পূৰ্বে পেচাৰ। এক বিশেষ ঘটনাৰ বাবেহে এতিয়া ভাৰতীয় ক্ৰিকেটে পাণ্ডিয়াৰ ৰূপত এনে এগৰাকী বিশ্বমানৰ পেচ বলিং অলৰাউণ্ডাৰ লাভ কৰিছে।

এসময়ৰ লেগ স্পিনাৰ পাণ্ডিয়া কিদৰে হ’ল পেচাৰ! আঁৰত আছে এইগৰাকী ব্যক্তিৰ ভূমিকা

তাৰকা ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ আজি জন্মদিন

Published: 

11 Oct 2024 19:07 PM

ভাৰতীয় ক্ৰিকেট দলত স্পিন বলিং অলৰাউণ্ডাৰৰ সংখ্যা যথেষ্ট যদিও পূৰ্বৰে পৰা দলত পেচ বলিং অলৰাউণ্ডাৰৰ অভাৱ অনুভৱ হৈ আহিছে। সময়ে সময়ে দুই এজন পেচ বলিং অলৰাউণ্ডাৰ ভাৰতীয় দলত দেখিবলৈ পোৱা গ’লেও সেই সংখ্যা তেনেই নগণ্য। সম্প্ৰতি ভাৰতীয় ক্ৰিকেট দলত এই সমস্যা দূৰ কৰিছে হাৰ্দিক পাণ্ডিয়াই। সময়োচিত প্ৰদৰ্শনেৰে পাণ্ডিয়াই সীমিত অভাৰৰ ক্ৰিকেটত ভাৰতীয় দলত নিজৰ স্থান নিগাজী কৰি তোলাই নহয়, সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰে এগৰাকী অন্যতম শ্ৰেষ্ঠ অলৰাউণ্ডাৰ হিচাপে পৰিগণিত হৈছে। গত টি-২০ বিশ্বকাপত পুনৰ এবাৰ নিজকে প্ৰমাণ কৰি দেখুওৱাই পাণ্ডিয়াই ভাৰতৰ বিশ্বকাপ জয়ত লৈছিল গুৰুত্বপূৰ্ণ ভূমিকা।

আজি ভাৰতীয় দলৰ এই তাৰকাগৰাকীয়ে পালন কৰিছে জীৱনৰ ৩১ তম জন্মদিন। এই বিশেষ দিনটোত পাণ্ডিয়াক শুভকামনা জনাইছে সকলোৱে। টি-২০ বিশ্বকাপৰ ফাইনেলত পাণ্ডিয়াই দেখুওৱা অনন্য প্ৰদৰ্শনক পুনৰ এবাৰ সুঁৱৰিছে বহু অনুৰাগীয়ে। ফাইনেলত প্ৰায় নিশ্চিত পৰাজয়ৰ দিশে গতি কৰা ভাৰতীয় দলৰ ত্ৰাণকৰ্তাৰ ৰূপ লৈছিল পাণ্ডিয়াই। প্ৰটিয়াছ তাৰকা ক্লাছেনৰ উইকেট দখলেৰে মেচৰ স্থিতি ভাৰতৰ পক্ষে ঘূৰাই আনিছিল তাৰকাগৰাকীয়ে।

তদুপৰি অন্তিম অভাৰত ১৬ ৰান ৰক্ষা কৰি ভাৰতক ১৭ বছৰৰ পাছত টি-২০ বিশ্বকাপৰ খিতাপ তুলি দিছিল পাণ্ডিয়াই। ফাইনেলত পাণ্ডিয়াই ৩ অভাৰত ২০ ৰানত ৩টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰিছিল। কেৱল বিশ্বকাপ ফাইনেলতে নহয়, পাণ্ডিয়া বিগত কেইবাটাও বছৰ ধৰি ভাৰতীয় পেচ এটেকৰ গুৰুত্বপূৰ্ণ অংগস্বৰূপ হৈ আহিছে। পিছে জানেনে, এক বিশেষ ঘটনা নোহোৱা হ’লে ভাৰতীয় ক্ৰিকেটে পাণ্ডিয়াৰ ৰূপত লাভ নকৰিলেহেঁতেন এনে এগৰাকী বিশ্বমানৰ পেচ বলিং অলৰাউণ্ডাৰ।

বৰ্তমানৰ সুদক্ষ পেচাৰ হিচাপে পৰিচিত পাণ্ডিয়া পিছে নাছিল পূৰ্বে পেচাৰ। এগৰাকী লেগ স্পিনাৰ হিচাপেহে বলাৰৰ ভূমিকাত দেখা গৈছিল পাণ্ডিয়াক। তাৰ পিছত এটা ঘটনাই তেওঁৰ কেৰিয়াৰ সম্পূৰ্ণৰূপে সলনি কৰি পেলালে। হাৰ্দিক পাণ্ডিয়া জন্মগতভাৱে আছিল চুৰাটৰ বাসিন্দা। অৱশ্যে পিতৃ হিমাংশু পাণ্ডিয়াই দুই পুত্ৰ হাৰ্দিক আৰু ক্ৰুণালক ক্ৰিকেটাৰ হিচাপে গঢ়ি তোলাৰ মানসেৰে বৰোদালৈ স্থানান্তৰিত হয়।

ইয়াৰ পিছত তেওঁ হাৰ্দিক আৰু ক্ৰুণালক ভাৰতৰ প্ৰাক্তন উইকেটকীপাৰ বেটছমেন কিৰণ ম’ৰেৰ একাডেমীত নামভৰ্তি কৰাইছিল। শৈশৱৰ ব্যক্তিগত প্ৰশিক্ষক জিতেন্দ্ৰ কুমাৰৰ মতে, ৭ বছৰীয়া হাৰ্দিক আৰম্ভণিৰে পৰাই অতি কঠোৰ পৰিশ্ৰমী আছিল। পিতৃ হিমাংশু পাণ্ডিয়াই জানিবলৈ দিয়া মতে হাৰ্দিকে পূৰ্বে কেৱল বেটিংহে কৰিছিল। প্ৰশিক্ষণ গ্ৰহণৰ সময়ত বহু পিছতহে তেওঁ বলিং কৰিবলৈ আৰম্ভ কৰিছিল আৰু প্ৰথমে লেগ স্পিনাৰ হিচাপে নিজকে গঢ়ি তোলাৰ চেষ্টা কৰিছিল।

এই লেগ স্পিনাৰ পাণ্ডিয়াক পেচাৰ পাণ্ডিয়া হিচাপে প্ৰথমে আৱিষ্কাৰ কৰিছিল তেওঁৰ শৈশৱৰ প্ৰশিক্ষক সনথ কুমাৰে। এবাৰ নেট চেচনত নিম্ন ক্ৰমৰ বেটছমেনসকলে অনুশীলন কৰি আছিল। এই নিম্নক্ৰমৰ বেটাৰসকলৰ বাবে কেইগৰাকীমান বেগী বলাৰৰ প্ৰয়োজন আছিল যদিও সকলো বেগী বলাৰ ভাগৰুৱা হৈ পৰাৰ বাবে প্ৰশিক্ষক সনথ কুমাৰে পাণ্ডিয়াক নেটত বলিং কৰিবলৈ কয়। এই সময়ছোৱাত হাৰ্দিকে ঘণ্টাত প্ৰায় ১৩০ কিলোমিটাৰ বেগত বল নিক্ষেপ কৰিছিল।

তেওঁৰ গতি আৰু লাইন-লেংথৰ ওপৰত নিয়ন্ত্ৰণ দেখি সকলো আচৰিত হয় । ইয়াৰ পিছত সনথ কুমাৰে তেওঁক পেচ বলিঙৰ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিলে আৰু এতিয়া সনথ কুমাৰৰ এই প্ৰচেষ্টাৰ ফলাফল সকলোৰে সন্মুখত। প্ৰশিক্ষক সনথ কুমাৰৰ সঠিক দিকদৰ্শন আৰু নিজৰ একাগ্ৰতা তথা অধ্যৱসায়ৰ ফলত পাণ্ডিয়া এতিয়া ক্ৰিকেট বিশ্বৰে এগৰাকী অন্যতম শ্ৰেষ্ঠ অলৰাউণ্ডাৰ হিচাপে পৰিগণিত হৈছে।

আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...