ক্ৰিকেটৰ ধাৰাভাষ্যকাৰসকলে একোখন মেচৰ বাবদ কিমান ধন লাভ কৰে জানেনে?
ক্ৰিকেটত ভিন্ন সময়ত ধাৰাভাষ্য কৰে সুনীল গাভাস্কাৰ, ৰবি শাস্ত্ৰী, সৌৰভ গাংগুলী, শচীন তেণ্ডুলকাৰ, ৰিকি পন্টিং, মেথিউ হেডেন আদিয়ে । দৰ্শকৰ উপভোগ্য কৰি ধাৰাভাষ্য প্ৰদানৰ বাবে মোটা বেতন পায় তেওঁলোকে । একোখন মেচৰ বাবে এজন ধাৰাভাষ্যকাৰে কিমান টকা পায় জানেনে?

প্ৰতিপক্ষৰ নিদ্ৰা হৰণ বেটছমেনৰ । বলাৰে দেখুৱাইছে বিধ্বংসী ৰূপ । এইবোৰ ক্ৰিকেট মেচৰ পৰিচিত ছবি । এই ধৰণৰ প্ৰদৰ্শনে কমেন্টেৰী বক্সতো তোলে জোৱাৰ । খেলপথাৰত সৃষ্টি হয় ধুমুহা । শব্দৰ চুনামি আনে কমেন্টেৰী বক্সত থকা বিশেষজ্ঞই । দৰ্শকৰ বাবে বিশদ বিৱৰণ দাঙি ধৰে ধাৰাভ্যকাৰে । প্ৰাক্তন ক্ৰিকেটাৰসকল এতিয়া ধাৰাভাষ্যকাৰ । তেওঁলোকৰ কণ্ঠস্বৰ, বিশ্লেষণ শুনিবলৈ আগ্ৰহী হৈ থাকে দৰ্শক । আইপিএলতো ধুমুহাৰ দৰে ধাৰাভাষ্য কৰিছে প্ৰাক্তন ক্ৰিকেটাৰে ।
ক্ৰিকেটত ভিন্ন সময়ত ধাৰাভাষ্য কৰে সুনীল গাভাস্কাৰ, ৰবি শাস্ত্ৰী, সৌৰভ গাংগুলী, শচীন তেণ্ডুলকাৰ, ৰিকি পন্টিং, মেথিউ হেডেন আদিয়ে । দৰ্শকৰ উপভোগ্য কৰি ধাৰাভাষ্য প্ৰদানৰ বাবে মোটা বেতন পায় তেওঁলোকে । একোখন মেচৰ বাবে এজন ধাৰাভাষ্যকাৰে কিমান টকা পায় জানেনে?
২২ গজত তেওঁ বেছি দিন নাথাকিল কিন্তু প্ৰাক্তন অ’পেনাৰ আকাশ চোপ্ৰা এতিয়া কমেণ্টেৰী জগতত যথেষ্ট জনপ্ৰিয় । এটা প’ডকাষ্টত তেওঁক সোধা হৈছিল, কনিষ্ঠ ধাৰাভাষ্যকাৰ আৰু জ্যেষ্ঠ ধাৰাভাষ্যকাৰে কিমান দৰমহা পায় ? সেই প্ৰশ্নৰ উত্তৰত আকাশ চোপ্ৰাই কয় যে প্ৰতিখন মেচৰ বাবে ধাৰাভাষ্যকাৰৰ দৰমহা বেলেগ বেলেগ । কনিষ্ঠ ধাৰাভাষ্যকাৰসকলে প্ৰতিদিনে প্ৰায় ৩৫-৪০ হাজাৰ টকা উপাৰ্জন কৰে । আনহাতে অভিজ্ঞ ধাৰাভাষ্যকাৰে দিনটোত ধাৰাভাষ্যৰ বাবে প্ৰায় ৬-১০ লাখ টকা উপাৰ্জন কৰে । ইয়াৰ সমান্তৰালকৈ তেওঁ কয় যে সাধাৰণতে এজন ধাৰাভাষ্যকাৰে ১০০ দিন ধাৰাভাষ্য কৰে । সেই হিচাপ অনুসৰি এবছৰত এজন ধাৰাভাষ্যকাৰে ৬-১০ কোটি টকা উপাৰ্জন কৰে ।
সুনীল গাভাস্কাৰ, ৰবি শাস্ত্ৰী, অনিল কুম্বলে, সৌৰভ গাংগুলী, শচীন তেণ্ডুলকাৰৰ দৰে চেলিব্ৰিটিক প্ৰায়ে বক্সৰ হট চিটত দেখা যায় । ইৰফান পাঠান, মহম্মদ কাইফ, হৰভজন সিঙো এই তালিকাত আছে । শিখৰ ধাৱনে শেহতীয়াকৈ অভিষেক ঘটাইছে । চেতেশ্বৰ পূজাৰা আৰু অম্বতি ৰায়ুডুকো মাইক্ৰ’ফোন দাঙি লোৱা দেখা যায় । বহু সময়ত ছিৰিজ অনুসৰি বিশেষজ্ঞক চুক্তিবদ্ধ কৰা হয় । তেওঁলোকৰ দৰমহাও অভিজ্ঞতা আৰু কথন শৈলীৰ ওপৰত নিৰ্ভৰ কৰে ।
আই পি এলত ধাৰাভাষ্য কৰা কেইজনমান ধাৰাভাষ্যকাৰৰ দৰমহা জানো আহক-
বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আই পি এলত কমেন্টেৰী কৰাৰ বাবে ৰবি শাস্ত্ৰীয়ে লাভ কৰে প্ৰায় ১.৬৭ কোটি টকা ।
আন্তঃৰাষ্ট্ৰীয় ছিৰিজত কমেণ্টেৰীৰ বাবে প্ৰায় ৫৭ লাখ টকা লাভ কৰে সুনীল গাভাস্কৰে । ইয়াৰ বাহিৰেও তেওঁ আই পি এলত কমেণ্টেৰীৰ বাবে লাভ কৰে ২.৩৫ কোটি টকা ।
সঞ্জয় মঞ্জৰেকাৰেও আই পি এল আৰু আন্তঃৰাষ্ট্ৰীয় শৃংখলাত কমেন্টৰীৰ বাবে বছৰি প্ৰায় ৬ কোটি টকা উপাৰ্জন কৰে । প্ৰতিখন আন্তঃৰাষ্ট্ৰীয় শৃংখলাত তেওঁৰ আয় প্ৰায় ৪২ লাখ টকা ।
ভাৰতীয় ক্ৰিকেটৰ জাম্বো অনিল কুম্বলেই কমেণ্টেৰীৰ পৰা বছৰি ৫.৫ কোটি টকা উপাৰ্জন কৰে । প্ৰতিখন আন্তঃৰাষ্ট্ৰীয় ছিৰিজত প্ৰায় ৩২ লাখ টকাৰ দৰমহা লাভ কৰে তেওঁ ।
ক্ৰিকেট জগতৰ অতি জনপ্ৰিয় ধাৰাভাষ্যকাৰ হৰ্ষ ভোগলে । তীক্ষ্ণ ক্ৰিকেট বিশ্লেষণেৰে তেওঁ দীৰ্ঘদিন ধৰি ক্ৰিকেটপ্ৰেমীৰ হৃদয়ত স্থান দখল কৰি আহিছে । প্ৰতিখন ছিৰিজত তেওঁৰ আয় প্ৰায় ৩২ লাখ টকা । তেওঁ ধাৰাভাষ্যৰ পৰা বাৰ্ষিক প্ৰায় ৫.৫ কোটি টকা উপাৰ্জন কৰে ।
প্ৰতিবেদন- সংঘমিত্ৰা চক্ৰবৰ্তী, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা