শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰঞ্জী ট্ৰফীৰ জৰিয়তে কিমান ধন লাভ কৰিব বিৰাট কোহলীয়ে, জানেনে?

সুদীৰ্ঘ ১৩ বছৰৰ পিছত ভাৰতীয় ক্ৰিকেটৰ ঘৰুৱা প্ৰতিযোগিতা ৰঞ্জী ট্ৰফীলৈ প্ৰত্যাৱৰ্তন ঘটাইছে তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে। ৰঞ্জী ট্ৰফীলৈ কোহলীৰ প্ৰত্যাৱৰ্তনৰ পিছতে প্ৰতিযোগিতাখনত খেলাৰ সূত্ৰে কোহলীয়ে কিমান ধন লাভ কৰিব, সেই বিষয়ে বহু অনুৰাগীয়ে জানিবলৈ চেষ্টা কৰিছে। এই ক্ষেত্ৰত বিচিচিআইয়ে নিৰ্ধাৰণ কৰা দৰমহাৰ বিষয়ে জানো আহক।

ৰঞ্জী ট্ৰফীৰ জৰিয়তে কিমান ধন লাভ কৰিব বিৰাট কোহলীয়ে, জানেনে?
বিৰাট কোহলী
monjit-dutta
Monjit Dutta | Published: 01 Feb 2025 14:21 PM

সুদীৰ্ঘ ১৩ বছৰৰ পিছত ভাৰতীয় ক্ৰিকেটৰ ঘৰুৱা প্ৰতিযোগিতা ৰঞ্জী ট্ৰফীলৈ প্ৰত্যাৱৰ্তন ঘটাইছে তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে। বিচিচিআইৰ কঠোৰ স্থিতিৰ পিছতে ভাৰতীয় দলৰ আন খেলুৱৈসকলৰ লগতে কোহলীয়েও ঘৰুৱা ক্ৰিকেটত অংশ লৈছে। যোৱা ৩০ জানুৱাৰীৰ পৰা অৰুণ জেটলী ষ্টেডিয়ামত ৰে’লৱেৰ বিৰুদ্ধে দিল্লীৰ মেচত ৰঞ্জী ট্ৰফীলৈ প্ৰত্যাৱৰ্তন ঘটায়। প্ৰিয় তাৰকাগৰাকীক স্বচক্ষুৱে দেখাৰ আশাত তথা তেওঁৰ খেল সমুখৰ পৰা উপভোগ কৰাৰ আশাৰে ষ্টেডিয়ামত ভিৰ কৰিছিল অসংখ্য অনুৰাগীয়ে। অৱশ্যে প্ৰত্যাশা অনুসৰি মেচখনত নিজা প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হয় কোহলী।

ৰঞ্জী ট্ৰফীলৈ কোহলীৰ প্ৰত্যাৱৰ্তনৰ পিছতে অনুৰাগীৰ মনত আন এক প্ৰশ্নৰো উদ্ৰেক হৈছে। এই ঘৰুৱা প্ৰতিযোগিতাখনত খেলাৰ সূত্ৰে কোহলীয়ে কিমান ধন লাভ কৰিব, সেই বিষয়ে বহু অনুৰাগীয়ে জানিবলৈ চেষ্টা কৰিছে। স্বাভাৱিকতেই ৰঞ্জী মেচৰ পৰা কোহলীৰ উপাৰ্জন আন্তঃৰাষ্ট্ৰীয় আৰু ইণ্ডিয়ান আই পি এলৰ দৰমহাৰ তুলনাত কম। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সৈতে এ+ গ্ৰেডত চুক্তিবদ্ধ খেলুৱৈ হিচাপে কোহলীয়ে বাৰ্ষিক ৭ কোটি টকা দৰমহা লাভ কৰে।

লগতে তেওঁ প্ৰতিখন টেষ্ট মেচত ১৫ লাখ টকা উপাৰ্জন কৰে। ইয়াৰ উপৰিও তেওঁ এণ্ডাৰছমেণ্ট আৰু আই পি এলৰ চুক্তিৰ জৰিয়তে যথেষ্ট পৰিমাণৰ ধন লাভ কৰে। অৱশ্যে ঘৰুৱা ক্ৰিকেটৰ পৰা তেওঁ বিচিচিআইয়ে নিৰ্ধাৰণ কৰা শাখা অনুসৰি উপাৰ্জন কৰে। বিচিচিআইৰ ঘৰুৱা ক্ৰিকেটৰ দৰমহাৰ গাঁথনি অনুসৰি প্ৰথম শ্ৰেণীৰ খেলুৱৈৰ বাবে মেচ মাচুল তেওঁলোকৰ অভিজ্ঞতাৰ ভিত্তিত পৃথক পৃথক হয়।

সেই অনুসাৰে ৪০ খনতকৈ অধিক মেচ খেলা খেলুৱৈয়ে প্ৰতিদিনে ৬০ হাজাৰ টকা উপাৰ্জন কৰে। আনহাতে ২১-৪০ খন মেচ খেলা খেলুৱৈয়ে প্ৰতিদিনে ৫০ হাজাৰ টকা উপাৰ্জন কৰে। একেদৰে ২০খনতকৈ কম মেচ খেলা খেলুৱৈয়ে প্ৰতিখন খেলতে প্ৰতিদিনে ৪০ হাজাৰ টকা উপাৰ্জন কৰে। মূল একাদশত নাথাকিলেও দলটোত থকা খেলুৱৈসকলে অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি ২০,০০০ৰ পৰা ৩০,০০০ টকাৰ ভিতৰত উপাৰ্জন কৰে।

এই ছিজনৰ পূৰ্বে কোহলীয়ে ২৩খন ৰঞ্জি ট্ৰফী মেচ খেলিছে। সামগ্ৰিকভাৱে কোহলীয়ে মুঠতে ১৪০ খনতকৈও অধিক প্ৰথম শ্ৰেণীৰ মেচ খেলিছে আৰু সেই সূত্ৰে তেওঁ ৰঞ্জী মেচৰ প্ৰতিদিনে ৬০,০০০ টকা উপাৰ্জনৰ শিতানত পৰে। অৰ্থাৎ কোহলীয়ে ৰে’লৱেৰ বিৰুদ্ধে মেচখনত অংশগ্ৰহণ কৰাৰ বাবে ২,৪০,০০০ টকা উপাৰ্জন কৰিছে।