5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

স্থিতি নৰম হৈছে পাকিস্তানৰ! চেম্পিয়নছ ট্ৰফীৰ বাবে এইবাৰ ভাৰতলৈ দিছে এনে প্ৰস্তাৱ

আগন্তুক চেম্পিয়নছ ট্ৰফীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অনিশ্চয়তা এতিয়াও অব্যাহত আছে। বিচিচিআইৰ দল প্ৰেৰণ নকৰাৰ সিদ্ধান্ত আৰু পিচিবিৰ কঠোৰ সৃষ্টিৰ বাবে এতিয়া প্ৰকাশ পোৱা নাই চেম্পিয়নছ ট্ৰফীৰ সূচী। তেনে সময়তে এই চলিত বিতৰ্ক সন্দৰ্ভত পিচিবিয়ে কিছু শিথিলতা প্ৰদৰ্শন কৰিব পাৰে বুলি খবৰ পোহৰলৈ আহিছে।

স্থিতি নৰম হৈছে পাকিস্তানৰ! চেম্পিয়নছ ট্ৰফীৰ বাবে এইবাৰ ভাৰতলৈ দিছে এনে প্ৰস্তাৱ
চেম্পিয়নছ ট্ৰফীৰ বাবে পিচিবিৰ নতুন প্ৰস্তাৱ
monjit-dutta
Monjit Dutta | Published: 15 Nov 2024 13:41 PM

ক্ৰিকেট বিশ্বত সম্প্ৰতি চৰ্চিত আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বিতৰ্ক। পাকিস্তানত আয়োজিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ বাবে বিচিচিআইয়ে ভাৰতীয় দল চুবুৰীয়া দেশখনলৈ প্ৰেৰণ কৰা নহয় বুলি স্পষ্ট কৰি দিয়াৰ পিছত চেম্পিয়নছ ট্ৰফীক কেন্দ্ৰ কৰি ব্যাপক বাদ-বিবাদৰ সৃষ্টি হৈছে। বিচিচিআইৰ এই সিদ্ধান্তৰ বিপৰীতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডেও গ্ৰহণ কৰিছে কঠোৰ স্থিতি। প্ৰতিযোগিতাখনৰ সম্পূৰ্ণ আয়োজন স্বত্ব লাভ কৰা পিচিবিয়ে হাইব্ৰিড মডেলৰ প্ৰতি সন্মতি প্ৰকাশ নকৰে বুলি স্পষ্ট কৰি দিছিল। তদুপৰি এই বিষয়ত পিচিবিয়ে আইনী পদক্ষেপ গ্ৰহণৰ চিন্তা-চৰ্চা কৰা বুলিও প্ৰকাশ পাইছিল।

কেৱল সিমানেই নহয়, ভাৰতে এই প্ৰতিযোগিতাৰ বাবে পাকিস্তান ভ্ৰমণ নকৰিলে আইচিচিৰ কোনো প্ৰতিযোগিতাতে পাকিস্তান ক্ৰিকেট দলে ভাৰতীয় দলৰ বিপক্ষে মেচত অৱতীৰ্ণ নহয় বুলি পাকিস্তান চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে সাজু হোৱাৰ খবৰো প্ৰকাশ পাইছিল। এনে চৰ্চাৰ মাজতে এইবাৰ পোহৰলৈ আহিছে আন এক খবৰ। এই খবৰ অনুসৰি যোৱা কিছুদিন ধৰি কঠোৰ স্থিতি গ্ৰহণ কৰি অহা পাকিস্তান এতিয়া কিছু নৰম হৈছে।

প্ৰায় ২৮ বছৰৰ মূৰত পাকিস্তানে কোনো আইচিচি টুৰ্ণামেণ্ট আয়োজনৰ সুযোগ লাভ কৰিছে। এনে পৰিস্থিতিত কোনো কাৰণতে এই প্ৰতিযোগিতা আয়োজনৰ সুযোগ হেৰুৱাব বিচৰা নাই পাকিস্তানে। সেয়ে বিচিচিআইক সৈমান কৰাৰ মানসেৰে আন এক বিকল্প প্ৰস্তাৱ আগবঢ়াইছে পিচিবিয়ে। পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পাকিস্তান ক্ৰিকেট ব’ৰ্ডে প্ৰতিযোগিতাখন আয়োজনৰ স্বত্ব অটুট ৰাখিবলৈ কিছু শিথিলতা দেখুৱাব পাৰে।

এই বাতৰি মতে, পাকিস্তান ক্ৰিকেট ব’ৰ্ড প্ৰতিযোগিতাখনৰ সূচীত কিছু পৰিৱৰ্তন কৰিবলৈ সাজু। ভাৰতীয় দলক গ্ৰুপ ষ্টেজৰ ৩ খন মেচৰ ভিতৰত অন্ততঃ এখন খেল পাকিস্তানত খেলিবলৈ পিচিবিয়ে আহ্বান জনাব পাৰে বুলি সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। এই মেচখন লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বুলিও সংবাদ মাধ্যমে দাবী কৰিছে। ভাৰতৰ গ্ৰুপ পৰ্যায়ৰ আনকেইখন মেচ হাইব্ৰিড মডেলত অনুষ্ঠিত কৰাত পিচিবিয়ে সন্মতি প্ৰকাশ কৰিব। খেলিব পাৰিব।

লগতে ভাৰত যদি ছেমি ফাইনেলত প্ৰৱেশ কৰে, তেতিয়া এই মেচখনো পাকিস্তানৰ বাহিৰত অনুষ্ঠিত হোৱাৰ প্ৰতি সন্মতি জনাব পাকিস্তানে। কিন্তু ফাইনেল মেচখন পাকিস্তানতে অনুষ্ঠিত কৰাত জোৰ দিছে পিচিবিয়ে। অৰ্থাৎ গ্ৰুপৰ এখন মেচ আৰু ফাইনেলৰ বাদে প্ৰতিযোগিতাখন্ৰ বাবে পাকিস্তানে বিগত বৰ্ষত অনুষ্ঠিত হোৱা এছিয়া কাপৰ দৰেই হাইব্ৰিড মডেলত সন্মতি দিব পাৰে। অৱশ্যে পিচিবিয়ে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।

Latest News