5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অৱশেষত চূড়ান্ত হ’ল হাইব্ৰিড মডেলৰ চেম্পিয়নছ ট্ৰফীঃ পাকিস্তানে পালে এই উপহাৰ…

আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত আইচিচিয়ে অৱশেষত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে। কেইবা পৰ্যায়ৰ আলোচনাৰ অন্তত আইচিচিয়ে হাইব্ৰিড মডেলত প্ৰতিযোগিতাখন আয়োজন কৰাৰ বাবে আনুষ্ঠানিক অনুমোদন জনাইছে। ইয়াৰ বিনিময়ত আইচিচিয়ে পাকিস্তানক আন এক উপহাৰ প্ৰদান কৰিছে।

অৱশেষত চূড়ান্ত হ’ল হাইব্ৰিড মডেলৰ চেম্পিয়নছ ট্ৰফীঃ পাকিস্তানে পালে এই উপহাৰ…
হাইব্ৰিড মডেলতে হ’ব চেম্পিয়নছ ট্ৰফী
monjit-dutta
Monjit Dutta | Published: 19 Dec 2024 17:06 PM

দীৰ্ঘদিনীয়া বাদ-বিবাদ, জল্পনা-কল্পনাৰ অৱশেষত অৱসান ঘটিল। আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত আইচিচিয়ে অৱশেষত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে। কেইবা পৰ্যায়ৰ আলোচনাৰ অন্তত আইচিচিয়ে হাইব্ৰিড মডেলত প্ৰতিযোগিতাখন আয়োজন কৰাৰ বাবে আনুষ্ঠানিক অনুমোদন জনাইছে। বিচিচিআইয়ে প্ৰতিযোগিতাখনত ভাৰতীয় দলৰ বাবে নিৰপেক্ষ স্থানৰ বাবে কৰি অহা দাবীৰ প্ৰতিয়েই সমৰ্থন প্ৰকাশ কৰি অহা বৰ্ষৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ বাবে হাইব্ৰিড মডেলৰ সিদ্ধান্ত লয়।

ইয়াৰ বিনিময়ত আইচিচিয়ে পাকিস্তানক আন এক উপহাৰ প্ৰদান কৰিছে। আইচিচিয়ে পাকিস্তানক ২০২৮ চনত এক আইচিচি ইভেণ্টৰ বাবে আয়োজন স্বত্ব প্ৰদান কৰিছে। সদস্য ক্ৰিকেট ব’ৰ্ডসমূহৰ বৈঠকৰ পিছত আইচিচিয়ে এই সিদ্ধান্ত ঘোষণা কৰিছে। অৱশ্যে আইচিচিয়ে নিৰপেক্ষ স্থান সন্দৰ্ভত কোনো ঘোষণা কৰা নাই। কিন্তু বিচিচিআইয়ে পূৰ্বেই ডুবাইৰ প্ৰস্তাৱ আগবঢ়োৱালৈ চাই ডুবাইতে ভাৰতৰ মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে বিচিচিআইয়ে নিৰাপত্তাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি আৰু ভাৰত চৰকাৰৰ পৰা অনুমতি লাভ নকৰাৰ দোহাই দি চেম্পিয়নছ ট্ৰফীৰ  বাবে পাকিস্তান ভ্ৰমণ অস্বীকাৰ কৰি আইচিচিৰ ওচৰত হাইব্ৰিড মপ্ডেলৰ বাবে আবেদন জনাইছিল। ইফালে পিচিবিয়ে প্ৰতিযোগিতখনৰ বাবে হাইব্ৰিড মডেলত সন্মতি নজনায় বুলি দৃঢ় স্থিতি গ্ৰহণ কৰিছিল যদিও অৱশেষত দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত আইচিচিয়ে হাইব্ৰিড মডেলৰে সিদ্ধান্ত লয়।

উল্লেখ্য যে আইচিচিয়ে ৩ বছৰ পূৰ্বে অৰ্থাৎ ২০২১ চনৰ নৱেম্বৰ মাহত চেম্পিয়নছ ট্ৰফীৰ আয়োজনৰ স্বত্ব পাকিস্তানক প্ৰদান কৰিছিল। এইদৰে পাকিস্তানে ১৯৯৬ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোনো আইচিচি টুৰ্ণামেণ্টৰ দায়িত্ব লাভ কৰিছিল। আইচিচিয়ে প্ৰতিযোগিতাখনৰ বাবে ৬৫ মিলিয়ন ডলাৰৰ পুঁজি মুকলি কৰাৰ পিছত পাকিস্তানে ষ্টেডিয়ামৰ মেৰামতিৰ কামো আৰম্ভ কৰিছিল। কিন্তু তেনে সময়তে বিচিচিআইয়ে আইচিচিক পাকিস্তানলৈ দল প্ৰেৰণ নকৰে নকৰে বুলি জানিবলৈ দিয়ে।

ইয়াৰ পিছতে দুয়োখন দেশৰ ক্ৰিকেট ব’ৰ্ডৰ মাজত বিবাদ তীব্ৰতৰ হৈ পৰে। আনকি যোৱা ১০ নৱেম্বৰত পিচিবিয়ে পাকিস্তান চৰকাৰৰ সৈতেও এই বিষয়ত আলোচনাত মিলিত হয়। এই সময়ছোৱাত পিচিবিয়ে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ কথা চিন্তা কৰিছে বুলিও খবৰ ওলাল। অৱশ্যে তেনে কোনো পদক্ষেপ গ্ৰহণৰ পৰা বিৰত থাকে পিচিবি। ইফালে বিবাদ ক্ৰমাৎ তীব্ৰ হৈ পৰাৰ বাবে ২৯ নৱেম্বৰত আইচিচিয়ে এক বৈঠকৰ দিন ধাৰ্য কৰে।

কিন্তু মাত্ৰ ১৫-২০ মিনিটৰ এই বৈঠকত কোনো ফলাফল পোৱা নগ’ল। অৱশেষত ধাৰাবাহিক আলোচনা আৰু বৈঠকৰ অন্তত আজি এই সিদ্ধান্ত ঘোষণা কৰা হৈছে। উল্লেখ্য যে বিচিচিআইয়ে মূলতঃ নিৰাপত্তাৰ দোহাই দি পাকিস্তান ভ্ৰমণৰ পৰা বিৰত আছে। অৱশ্যে চুবুৰীয়া দেশ দুখনৰ মাজত ৰাজনৈতিক পৰিস্থিতিৰ বাবেও ভাৰতীয় দলে পাকিস্তান ভ্ৰমণ নকৰে বুলি একপ্ৰকাৰে নিশ্চিত আছিল।

Latest News