Champions Trophy 2025 : অষ্ট্ৰেলিয়াক ৪ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে,
চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় ক্ৰিকেট দলে । অষ্ট্ৰেলিয়াক ৪ উইকেটত পৰাস্ত কৰে ভাৰতে । শেষত এটা ছয়েৰে টীম ইণ্ডিয়াক জয় প্ৰদান কৰে কে এল ৰাহুলে।

চেম্পিয়নছ ট্ৰফী ২০২৫
চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰিছে টীম ইণ্ডিয়াই। ডুবাইত খেলা প্ৰথমখন ছেমি ফাইনেলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াক ৪ উইকেটত পৰাস্ত কৰি একেৰাহে চেম্পিয়নছ ট্ৰফীৰ তৃতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰে। টিম ইণ্ডিয়াৰ জয়ৰ ক্ষেত্ৰত মহম্মদ ছামী আৰু বিৰাট কোহলিয়ে বলিষ্ঠ প্ৰদৰ্শনেৰে সৰ্বাধিক ভূমিকা পালন কৰিছিল। ছামীয়ে ৪ উইকেট দখল কৰি অষ্ট্ৰেলিয়াক ২৬৪ ৰানত সীমাবদ্ধ কৰি ৰখাৰ বিপৰীতে কোহলীয়ে বলিষ্ঠ বেটিং প্ৰদৰ্শনেৰে পুনৰবাৰ টীম ইণ্ডিয়াক জয় দিশে লৈ গৈছিল ।
টীম ইণ্ডিয়াই একেৰাহে তৃতীয়বাৰৰ বাবে (আগতে ২০১৩ আৰু ২০১৭ চনত) এই প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে । ৪ মাৰ্চ মঙলবাৰে অনুষ্ঠিত হোৱা প্ৰথমখন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াই শক্তিশালী প্ৰদৰ্শন আগবঢ়ায়। ষ্টিভ স্মিথ, এলেক্স কেৰীৰ উজ্জ্বল ইনিংছত ভাৰতৰ বিৰুদ্ধে ২৬৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে অষ্ট্ৰেলিয়াই ।
চেছমাষ্টাৰ বিৰাট কোহলীৰ সৈতে শ্ৰেয়াছ আয়াৰৰ এক বৃহৎ অংশীদাৰিত্বৰে ভাৰতক জয় দিশত অধিক আগুৱাই নিয়ে । ২০১৩ চনত চেম্পিয়ন, ২০১৭ চনত ৰানাৰ্ছ আপ, আকৌ এবাৰ ফাইনেল প্ৰৱেশ কৰিছে ভাৰতে । ভাৰতীৰ হৈ ষ্টাৰ বেটছমেন বিৰাট কোহলীয়ে ৮৪ ৰান সংগ্ৰহ কৰি শীৰ্ষস্থান দখল কৰে। শ্ৰেয়াছ আয়াৰে ৪৫ ৰান কৰাৰ বিপৰীতে কে এল ৰাহুল আৰু হাৰ্দিক পাণ্ডিয়াই প্ৰথম ছেমিফাইনেলত ক্ৰমে ৪২ আৰু ২৮ ৰান সংগ্ৰহ কৰে।
প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই ৪৯.৩ অভাৰত ২৬৪ ৰান সংগ্ৰহ কৰি ২৬৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল । অষ্ট্ৰেলিয়াৰ হৈ ট্ৰেভিছ হেডে ৩৯ ৰানৰ, ষ্টিভ স্মিথে ৭৩ ৰান, এলেক্স কেৰীয়ে দ্ৰুত ইনিংছ খেলি ৬১ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ মহম্মদ ছামীয়ে ৩৮ ৰান দি তিনিটা উইকেট দখল কৰাৰ বিপৰীতে বৰুণ চক্ৰৱৰ্তী আৰু ৰবীন্দ্ৰ জাদেজাই দুটাকৈ উইকেট দখল কৰে।