ভাৰতীয় ক্ৰিকেটপ্ৰেমীলৈ একেদিনাই দুটাকৈ সুখবৰ আইচিচিৰঃ অৰ্শদীপে জিনিলে এই সন্মান…
ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আইচিচিয়ে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকললৈ দিছে দুটাকৈ সুখবৰ। আইচিচিয়ে আজি ঘোষণা কৰিছে ২০২৪ বৰ্ষৰ পুৰুষৰ বৰ্ষশ্ৰেষ্ঠ টি-২০ ক্ৰিকেটাৰ সন্মান আৰু বৰ্ষশ্ৰেষ্ঠ টি-২০ দল। এই দুয়োটা ক্ষেত্ৰতে আধিপত্য দেখা গ’ল ভাৰতীয় ক্ৰিকেটাৰৰ।
চেন্নাইত আজি ইংলেণ্ডৰ বিপক্ষে চলিত টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হৈছে ভাৰতীয় দল। এই মেচখনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিল ক্ৰিকেটপ্ৰেমীসকলে। কিন্তু এই অপেক্ষাৰ মাজতে ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আইচিচিয়ে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকললৈ দিছে দুটাকৈ সুখবৰ। আইচিচিয়ে আজি ঘোষণা কৰিছে ২০২৪ বৰ্ষৰ পুৰুষৰ বৰ্ষশ্ৰেষ্ঠ টি-২০ ক্ৰিকেটাৰ সন্মান। ক্ৰিকেট বিশ্বৰ চাৰিগৰাকী তাৰকাৰ মাজত এই বঁটাৰ বাবে প্ৰতিদ্বন্দিতা হৈছিল। এই বঁটাৰ দৌৰত আছিল ভাৰতৰ অৰ্শদীপ সিং, পাকিস্তানৰ বাবৰ আজম, অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেড আৰু জিম্বাবুৱেৰ চিকন্দৰ ৰাজা।
বিগত বৰ্ষটোত এই আটাইকেইগৰাকী তাৰকাই টি-২০ ফৰ্মেটত দাঙি ধৰিছিল উজ্জীৱিত প্ৰদৰ্শন। অৱশ্যে সকলোকে পিছ পেলাই বৰ্ষটোৰ শ্ৰেষ্ঠ টি-২০ ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হৈছে অৰ্শদীপ সিং। ভাৰতৰ যুৱ তাৰকাগৰাকীয়ে বিগত সময়ছোৱাত ধাৰাবাহিকতা প্ৰদৰ্শনেৰে টি-২০ ফৰ্মেটত অনন্য সফলতা লাভ কৰিছে। বুমৰাহৰ অনুপস্থিতিত দলৰ বলিং আক্ৰমণৰ নেতৃত্ব বহন কৰি অৰ্শদীপ বিগত কেইটামান বৰ্ষত টি-২০ত দেশৰ শীৰ্ষস্থানীয় বলাৰ হিচাপে পৰিগণিত হৈছে।
অৰ্শদীপে বিগত বৰ্ষটোত ১৮খন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচত ১৩.৫ গড়ে মুঠ ৩৬টা উইকেট দখল কৰিছিল। বৰ্ষটোত টি-২০ত ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰিছিল বাওঁহতীয়া পেচাৰগৰাকীয়ে। তদুপৰি বিগত বৰ্ষতে অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপত ভাৰতৰ খিতাপ জয়ত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। এই বিশ্বকাপত মুঠ ১৭ টা উইকেটেৰে অৰ্শদীপে আফগানিস্তানৰ ফেজলহক ফাৰুকীৰ সৈতে যুটীয়াভাৱে শীৰ্ষত আছিল।
ইফালে অৰ্শদীপলৈ এই সন্মানৰ লগতে আইচিচিয়ে আজি ঘোষণা কৰা ২০২৪ বৰ্ষৰ বাবে বৰ্ষশ্ৰেষ্ঠ টি-২০ দলতো আছে ভাৰতীয় অনুৰাগীৰ বাবে সুখৰ বতৰা। বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ লগতে অৰ্শদীপে এই বৰ্ষশ্ৰেষ্ঠ দলটোতো স্থান লাভ কৰিছে। লক্ষণীয়ভাৱে এই দলটোত অধিনায়ক হিচাপে স্থান দিয়া হৈছে টি-২০ বিশ্বকাপজয়ী ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাক। এই দুই তাৰকাৰ লগতে ভাৰতৰ আন দুই তাৰকা বুমৰাহ আৰু পাণ্ডিয়াকো এই দলত স্থান দিয়া হৈছে।
বিগত ২০২৪ চনত ৰোহিতে ১১খন টি-২০ মেচত ৪২ গড়ে আৰু ১৬০ ষ্ট্ৰাইক ৰেটেৰে ৩৭৮ ৰান সংগ্ৰহ কৰিছিল। একে সময়তে পাণ্ডিয়াই ১৭খন মেচত ৩৫২ ৰান সংগ্ৰহ কৰাৰ লগতে ১৬টা উইকেটো দখল কৰিছিল। ইফালে টি-২০ বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱা যশপ্ৰীত বুমৰাহে মাত্ৰ ৮.২৬ গড়ে ৮খন মেচত ১৫টা উইকেট দখল কৰিছিল ২০২৪ বৰ্ষত। এনে প্ৰদৰ্শনৰ সুবাদতে আইচিচিৰ বৰ্ষশ্ৰেষ্ঠ দলটোত স্থান লাভ কৰে এই চাৰি তাৰকাই।
দলটোত স্থান লাভ কৰা আনকেইজন খেলুৱৈ হৈছে ক্ৰমে অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেড, ইংলেণ্ডৰ ফিল ছল্ট, পাকিস্তানৰ বাবৰ আজম, ৱেষ্ট ইণ্ডিজৰ খেলুৱৈ নিকোলাছ পুৰাণ, জিম্বাবুৱেৰ চিকন্দৰ ৰাজা, আফগানিস্তানৰ ৰছিদ খান, শ্ৰীলংকাৰ ৱানিন্দু হাছাৰাংগা।