দুৰন্ত বুমৰাহলৈ আইচিচিৰ অনন্য সন্মানঃ এই শিতানত লাভ কৰিলে শ্ৰেষ্ঠত্বৰ বঁটা

ধাৰাবাহিকতা ৰক্ষাৰে বিগত বৰ্ষটোত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিছিল যশপ্ৰীত বুমৰাহে। বিশেষকৈ টেষ্ট ফৰ্মেটত বুমৰাহে নিজৰ বলিঙেৰে একপ্ৰকাৰে ত্ৰাস সৃষ্টি কৰিছিল। এই প্ৰদৰ্শনৰ সুবাদতে বুমৰাহক ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আইচিচিয়ে ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰ হিচাপে স্বীকৃতি দিছে।

দুৰন্ত বুমৰাহলৈ আইচিচিৰ অনন্য সন্মানঃ এই শিতানত লাভ কৰিলে শ্ৰেষ্ঠত্বৰ বঁটা

যশপ্ৰীত বুমৰাহ

monjit-dutta
Published: 

27 Jan 2025 17:52 PM

সাম্প্ৰতিক বিশ্ব ক্ৰিকেটত পৰিলক্ষিত হয় বেটাৰৰ আধিপত্য। ২২ গজত বলাৰক তচনচ কৰি বেটাৰে তোলে ছয়-চাৰিৰ ফুলজাৰি। তাৰ মাজতো বেটাৰৰ বাবে প্ৰত্যাহ্বান হৈ পৰে এটা নাম। নিখুঁত লাইন-লেংথ, ভেৰিয়েচন আৰু গতিৰে বেটাৰৰ আধিপত্য নেওচি নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিষ্ঠা কৰিছে এগৰাকী তাৰকা পেচাৰে। নাম তেওঁৰ যশপ্ৰীত বুমৰাহ। বিগত কেইবাটাও বৰ্ষ ধৰি ভাৰতীয় বলিং আক্ৰমণৰ নেতৃত্ব বহন কৰি অহা বুমৰাহে সমগ্ৰ বিশ্বতে এইসময়ত শ্ৰেষ্ঠতম বলাৰ হিচাপে আত্মপ্ৰতিষ্ঠা কৰিছে।

বুমৰাহৰ এই শ্ৰেষ্ঠত্ব স্বীকাৰ কৰিছে সকলোৱে। ধাৰাবাহিকতা ৰক্ষাৰে তেওঁ প্ৰতিপক্ষৰ বাবে ক্ৰীজত হৈ পৰে ত্ৰাসৰ কাৰণ। এনে ধাৰাবাহিকতাৰেই বুমৰাহে বিগত বৰ্ষটোত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিছিল। বিশেষকৈ টেষ্ট ফৰ্মেটত বুমৰাহে নিজৰ বলিঙেৰে একপ্ৰকাৰে ত্ৰাস সৃষ্টি কৰিছিল। এই প্ৰদৰ্শনৰ সুবাদতে বুমৰাহক ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আইচিচিয়ে ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰ হিচাপে স্বীকৃতি দিছে।

উল্লেখ্য যে পিঠিৰ আঘাতৰ পৰা সুস্থ হৈ ২০২৩ চনৰ শেষৰ ফালে টেষ্ট ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনৰ পিছতে বুমৰাহ স্বভাৱসিদ্ধ প্ৰদৰ্শনেৰে উজলি উঠিছিল। বিগত বৰ্ষত ঘৰৰ মাটিত ইংলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট শৃংখলা জয়ত বুমৰাহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আনহাতে দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া ভ্ৰমণতো অনবদ্য প্ৰদৰ্শন আগবঢ়াইছিল বুমৰাহে।

বিগত বৰ্ষটোত বুমৰাহে মুঠ ১৩খন টেষ্ট খেলিছিল আৰু ১৪.৯২ গড়ে ৭১টা উইকেট দখল কৰিছিল। এনে প্ৰদৰ্শনেৰে তেওঁ বিগত বৰ্ষত তেওঁ টেষ্ট ফৰ্মেটত সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপে পৰিগণিত হৈছিল। উল্লেখ্য যে যশপ্ৰীত বুমৰাহ আইচিচিৰ বৰ্ষশ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰৰ বঁটা লাভ কৰা ভাৰতৰ মাত্ৰ ষষ্ঠগৰাকী তাৰকা। তেওঁৰ পূৰ্বে ৰাহুল দ্ৰাবিড়, গৌতম গম্ভীৰ, বীৰেন্দ্ৰ ছেহৱাগ, ৰবিচন্দ্ৰন অশ্বিন আৰু বিৰাট কোহলীয়েহে এই বঁটা লাভ কৰিছে।

একেদৰে এই সন্মান লাভ কৰা দেশৰ প্ৰথমগৰাকী পেচাৰ হিচাপে পৰিগণিত হৈছে বুমৰাহ। ইফালে এই সন্মান লাভ কৰাৰ পিছত বুমৰাহে বঁটা লাভ কৰি অতিশয় আনন্দিত হোৱা বুলি জানিবলৈ দিয়ে। টেষ্ট ফৰ্মেটক অত্যন্ত প্ৰিয় বুলি অভিহিত কৰি বুমৰাহে লগতে ভিজাগ টেষ্টত তেওঁ দখল কৰা ইংলেণ্ডৰ বেটাৰ অলি পোপৰ উইকেটটো তেওঁৰ বাবে বৰ্ষটোৰ আটাইতকৈ বিশেষ উইকেট আছিল বুলি আঙুলিয়াই দিয়ে।

মাত্ৰ ১৮ টকাত ১০ গ্ৰাম সোণ ! কিন্তু কেনেকৈ? জানক সবিশেষ...
পাকঘৰত আছে নেকি এইসমূহ সামগ্ৰী? তেন্তে আজিয়েই কৰক আঁতৰ...
দেৱী সৰস্বতী বিবাহিত নে অবিবাহিত?
সৰস্বতী পূজাৰ দিনা কি কি খাব নালাগে, জানেনে?