শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অনাকাংক্ষিত ৰেকৰ্ডঃ ১০ ৰাণত অল আউট, ৫টা বলতে জয়! হতভম্ব ক্ৰিকেট বিশ্ব

মালয়েছিয়াৰ বাংগীত অনুষ্ঠিত হোৱা আই চি চি টি-২০ বিশ্বকাপ এছিয়া কোৱালিফায়াৰ এৰ এখন মেচত ৰচিত হৈছে এক অনাকাংক্ষিত অভিলেখ। ছিংগাপুৰৰ বিপক্ষে মেচখনত মাত্ৰ ১০ ৰানত ইনিংছ সামৰি এক লজ্জাজনক অভিলেখৰ অধিকাৰী হৈছে মংগোলিয়া দল।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অনাকাংক্ষিত ৰেকৰ্ডঃ ১০ ৰাণত অল আউট, ৫টা বলতে জয়! হতভম্ব ক্ৰিকেট বিশ্ব
মংগোলিয়াৰ অনাকাংক্ষিত ৰেকৰ্ড
monjit-dutta
Monjit Dutta | Published: 05 Sep 2024 15:55 PM

ক্ৰিকেট হৈছে অনিশ্চয়তাৰে ভৰা খেল। যিকোনো মুহূৰ্ততে ঘটিব পাৰে যিকোনো দলৰ উত্থান কিম্বা পতন। সৃষ্টি বা ভংগ হ’ব পাৰে যিকোনো অভিলেখৰ। এনে অভিলেখৰে কিছুমান ক্ৰিকেট বিশ্বৰ স্মৃতিত ৰৈ যোৱাৰ বিপৰীতে আন কিছুমান অভিলেখ পাহৰণিৰ গৰ্ভত হেৰাই যায়। তথাপি কোনো কোনো সময়ত প্ৰায় প্ৰতিজন খেলুৱৈ তথা দলৰে থাকে অভিলেখ স্থাপনৰ আকাংক্ষা। কিন্তু এনে কিছুমান অভিলেখ আছে, যিসমূহ অভিলেখৰ নিজৰ নামৰ সংযোজিত হোৱাটো কোনো খেলুৱৈ তথা দলে নিবিচাৰে।

তেনে এক অনাকাংক্ষিত অভিলেখেৰে অধিকাৰী হ’ল মংগোলিয়া। মালয়েছিয়াৰ বাংগীত অনুষ্ঠিত হোৱা আই চি চি টি-২০ বিশ্বকাপ এছিয়া কোৱালিফায়াৰ এৰ এখন মেচত ৰচিত হৈছে এই অনাকাংক্ষিত অভিলেখ। ছিংগাপুৰৰ বিপক্ষে মেচখনত মাত্ৰ ১০ ৰানত ইনিংছ সামৰি এক লজ্জাজনক অভিলেখৰ অধিকাৰী হৈছে মংগোলিয়া দল।

মংগোলিয়াৰ এই হতাশজনক প্ৰদৰ্শনৰ বিপৰীতে ছিংগাপুৰে মাত্ৰ ৫টা বলতে এই লক্ষ্য অতিক্ৰম কৰি বিজয় সাব্যস্ত কৰে। মেচখনত ছিংগাপুৰৰ বলিং আক্ৰমণত সম্পূৰ্ণ নিষ্প্ৰভ পৰে মংগোলিয়াৰ বেটিং আক্ৰমণ। ১০ অভাৰত মাত্ৰ ১০ ৰান সংগ্ৰহ কৰি অল আউট হয় দলটো। মংগোলিয়াৰ এই বেটিং বিপৰ্যয়ৰ প্ৰধান কাৰণ হৈ পৰে ছিংগাপুৰৰ ভাৰতীয় মূলৰ এগৰাকী স্পিনাৰ।

হৰ্ষ ভৰদ্বাজ নামৰ এই ১৭ বৰ্ষীয় বলাৰগৰাকীয়ে মাত্ৰ ৩ ৰানত ৬টা উইকেট দখল কৰি মংগোলিয়াৰ বেটিং লাইন আপ তচনচ কৰি তোলে। লেগ স্পিনাৰ ভৰদ্বাজক ছিংগাপুৰৰ অধিনায়ক মনদ্বীপ সিঙে  বলিং মুকলি কৰাৰ দায়িত্ব দিয়ে। অধিনায়ক মনপ্ৰীতৰ ভৰসা অৱশ্যে ভংগ হ’বলৈ নিদিলে হৰ্ষই আৰু ৪ অভাৰত মাত্ৰ ৩ ৰান খৰচ কৰি ৬টাকৈ উইকেট দখল কৰি উজলি উঠে।

প্ৰতিপক্ষৰ বেটিং ক্ৰমৰ শীৰ্ষ ছয়গৰাকী বেটাৰৰ পাঁচগৰাকীয়েই চিকাৰ হয় যুৱ লেগ স্পিনাৰগৰাকীৰ। পাৱাৰপ্লে’ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই মংগোলিয়াই ৭ ৰানত ৫টা উইকেট হেৰুৱাইছিল আৰু হৰ্ছই অৰ্জন কৰিছিল ৫টা উইকেটৰ কৃতিত্ব। ইফালে মংগোলিয়াৰ পাঁচগৰাকী বেটাৰেই ব্যৰ্থ হয় কোনো ৰাণ সংগ্ৰহ কৰাত। এইদৰে মংগোলিয়া টি-২০ত সৰ্বনিম্ন স্ক’ৰৰ অধিকাৰী হয়।

টি-২০ ক্ৰিকেটৰ ইতিহাসত ১০ অভাৰত ১০ ৰান সংগ্ৰহ কৰা প্ৰথমটো দল ৰূপে পৰিগণিত হয় মংগোলিয়া। ইয়াৰ পূৰ্বে আইল অৱ মেন দলেও ১০ ৰানত অল আউট হৈছিল যদিও দলটোৱে ৮.৪ অভাৰ বেটিং কৰিছিল। লক্ষণীয়ভাৱে মংগোলিয়া দলে ইতিপূৰ্বেও এনে শোচনীয় বেটিং প্ৰদৰ্শনৰ সন্মুখীন হৈছিল। জাপানৰ বিৰুদ্ধে মাত্ৰ ১২ ৰানত ইনিংছ সামৰি অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈছিল দলটো।

Latest News