5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

হিউজ কাণ্ডৰ পুনৰাবৃত্তি! ক্ৰীজত বেটিং কৰি থকাৰ সময়তে মৃত্যু ভাৰতীয় ক্ৰিকেটাৰৰ

দহ বছৰ পূৰ্বে ক্ৰীজত বেটিং কৰি থকাৰ সময়ত এটা বাউন্সাৰৰ আঘাতত গুৰুতৰভাৱে আহত হৈ দুদিন পিছত কৰুণ মৃত্যুক সাৱটি লৈছিল অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ফিল হিউজে। এই হৃদয় বিদাৰক ঘটনা আজিও সজীৱ হৈ আছে ক্ৰিকেটপ্ৰেমীৰ মনত। তেনে এক ঘটনাই এইবাৰ সংঘটিত হৈছে ভাৰতত।

হিউজ কাণ্ডৰ পুনৰাবৃত্তি! ক্ৰীজত বেটিং কৰি থকাৰ সময়তে মৃত্যু ভাৰতীয় ক্ৰিকেটাৰৰ
খেলপথাৰতে মৃত্যু ক্ৰিকেটাৰৰ
monjit-dutta
Monjit Dutta | Published: 29 Nov 2024 13:23 PM

শেহতীয়াকৈ পুনৰ ক্ৰিকেট বিশ্বত চৰ্চিত হৈছে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ফিল হিউজৰ নাম। যোৱা ২৭ নৱেম্বৰত ক্ৰিকেটাৰগৰাকীৰ দশম মৃত্যু বাৰ্ষিকী সম্পূৰ্ণ হ’ল। সমগ্ৰ ক্ৰিকেট বিশ্বই এই দিনটোত হিউজক সুঁৱৰি শোকবিহ্বল হৈ পৰিল। খেলপথাৰত হুকহুকাই কান্দি উঠিল ছীন এব’ট। ২০১৪ চনৰ ২৫ নৱেম্বৰত ২৫ বছৰীয়া এব’টৰ এটা বাউন্সাৰে আঘাত কৰিছিল হিউজৰ মূৰত। লগে লগে খেলপথাৰত বাগৰি পৰিছিল যুৱ খেলুৱৈগৰাকী। ঘটনাৰ দুদিন পিছত চিকিৎসালয়ৰ বিচনাত জীৱনৰ সমাপ্তি ঘটিছিল হিউজৰ। হৃদয় বিদাৰকভাৱে হেৰাই গৈছিল এক উজ্জল সম্ভাৱনা।

ফিল হিউজৰ এই হৃদয় বিদাৰক ঘটনা আজিও সজীৱ হৈ আছে ক্ৰিকেটপ্ৰেমীৰ মনত। তেনে এক ঘটনাই এইবাৰ সংঘটিত হৈছে ভাৰতত। ক্ৰীজত বেটিং কৰি থকাৰ সময়তে আকস্মিকভাৱে হোৱা শাৰীৰিক অসুস্থতাই প্ৰাণ ল’লে এগৰাকী খেলুৱৈৰ। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত। ছত্রপতি সম্ভাজী নগৰ জিলাত অনুষ্ঠিত হৈ থকা এখন খেলৰ সময়ত ইমৰাণ চিকন্দৰ পেটেল নামৰ স্থানীয় এগৰাকী খেলুৱৈ খেলপথাৰতে মৃত্যু হয়।

এই ঘটনাই পুনৰ এবাৰ ক্ৰিকেটপ্ৰেমীক শোকাহত কৰি তুলিছে। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ৩৫ বৰ্ষীয় ইমৰানে স্থানীয় এখন ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। এই মেচখন গৰাৱাডে ক্ৰিকেট ষ্টেডিয়ামত লাকী বিল্ডাৰ্ছ এণ্ড ডেভেলপাৰছ আৰু ইয়ং ইলেভেনৰ মাজত অনুষ্ঠিত হৈছিল। এই মেচখনত ইমৰানে লাকী বিল্ডাৰ্ছ দলৰ নেতৃত্ব বহন কৰিছিল। অধিনায়ক হিচাপে দায়িত্বসহকাৰে ইমৰানে মেচৰ আৰম্ভণি ঘটাইছিল।

ইনিংছৰ ষষ্ঠ অভাৰত একেৰাহে দুটা চাৰি কোবাইছিল ইমৰানে। কিন্তু তাৰ পিছত হঠাতে তেওঁ কিছু শাৰীৰিক অসুস্থতা অনুভৱ কৰে। ইনিংছৰ সপ্তম অভাৰ আৰম্ভ হোৱাৰ সময়তে ইমৰানে আম্পায়াৰক ডিঙি আৰু হাতৰ বিষৰ অনুভৱ কৰা বুলি জানিবলৈ দিয়ে। ইমৰানৰ এনে গুৰুতৰ অৱস্থা দেখি খেলপথাৰত থকা আম্পায়াৰদ্বয়ে তেওঁক তৎক্ষণাত চিকিৎসালয়লৈ যাবলৈ পৰামৰ্শ দিয়ে।

ইয়াৰ পিছত ইমৰানে খেলপথাৰৰ বাহিৰলৈ যোৱাৰ সময়তে বাউণ্ডেৰী পোৱাৰ লগে লগে হঠাৎ বাগৰি পৰে। এনে পৰিস্থিতি দেখি সকলো খেলুৱৈ তথা মেচ অফিচিয়েল চিন্তিত হৈ পৰে আৰু লগে লগে তেওঁৰ কাষ চাপি আহে। সকলোৱে ইমৰানক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ নিবলৈ চেষ্টা কৰিছিল যদিও তেওঁৰ জীৱন ৰক্ষা কৰাত ব্যৰ্থ হয়। চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

এই ঘটনাই স্বাভাৱিকতেই সকলোকে শোকস্তব্ধ কৰি তুলিছে। ইমৰাণৰ মৃত্যুত স্তম্ভিত হৈ পৰিছে স্থানীয় খেলুৱৈসকল। এতিয়াও তেওঁলোকে বিশ্বাস কৰিব পৰা নাই এই ঘটনাক। খেলুৱৈগৰাকীৰ এনে শোকাৱহ মৃত্যুত ভাগি পৰিছে তেওঁৰ পৰিয়াল। উল্লেখ্য যে ৩৫ বৰ্ষীয় ইমৰানৰ পৰিয়ালত মাতৃ আৰু পত্নীৰ লগতে তিনিগৰাকী কন্যা সন্তান আছে। ইমৰানৰ অকাল মৃত্যুৱে পৰিয়ালটোক এতিয়া জোকাৰি তুলিছে।

Latest News