IND VS AUS: টীম ইণ্ডিয়াৰ অনুশীলনৰ সময়ত অনুৰাগীৰ প্ৰৱেশ নিষিদ্ধ, কিয় লোৱা হ’ল এই সিদ্ধান্ত…?

ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন খেল এডিলেইডত অনুষ্ঠিত হ’ব। এই টেষ্ট মেচৰ বাবে ইতিমধ্যে টিম ইণ্ডিয়াই প্ৰস্তুতি চলাই আছে । কিন্তু টীম ইণ্ডিয়াৰ অনুশীলনৰ সময়ত অনুৰাগীৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । ইয়াৰ কাৰণ কি জানেনে ?

IND VS AUS: টীম ইণ্ডিয়াৰ অনুশীলনৰ সময়ত অনুৰাগীৰ প্ৰৱেশ নিষিদ্ধ, কিয় লোৱা হল এই সিদ্ধান্ত...?

ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী

Updated On: 

04 Dec 2024 15:47 PM

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন খেল এডিলেইডত অনুষ্ঠিত হ’ব। এই টেষ্ট মেচৰ বাবে ইতিমধ্যে টিম ইণ্ডিয়াই প্ৰস্তুতি চলাই আছে । কিন্তু টীম ইণ্ডিয়াৰ অনুশীলনৰ সময়ত অনুৰাগীৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । ইয়াৰ কাৰণ কি জানেনে ? ইয়াৰ মূল কাৰণ হৈছে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ জনপ্ৰিয়তা ।

প্ৰকৃততে এডিলেইডত টিম ইণ্ডিয়াৰ অনুশীলন চলি থকাৰ সময়ত ক্ৰিকেট অনুৰাগীক অনুশীলন উপভোগ কৰিবলৈ দিয়া হৈছিল । এই অনুশীলনৰ সময়তে একাংশ অনুৰাগীয়ে চিঞৰি চিঞৰি বিৰাট আৰু ৰোহিতৰ নাম মাতিবলৈ ধৰে। ইয়াৰ বাবেই খেলুৱৈসকলৰ অনুশীলনৰ সময়ত বহু সমস্যাৰ সৃষ্টি হয় । যাৰ ফলত অনুশীলনৰ সময়ত অনুৰাগীৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।

টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি, এতিয়াৰ পৰা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী(Border Gavaskar Trophy)ৰ চলি থকা সময়ত টিম ইণ্ডিয়াৰ অনুশীলন চাবলৈ কোনো অনুৰাগীক প্ৰৱেশৰ অনুমতি দিয়া নহ’ব। মঙলবাৰে অনুশীলনৰ সময়ত সহস্ৰাধিক অনুৰাগীয়ে ষ্টেডিয়ামত উপস্থিত হৈ ইমানেই হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰে যে টিম ইণ্ডিয়া এই লৈ চিন্তিত হৈ পৰে।

প্ৰতিবেদন অনুসৰি, অনুৰাগীসকলে ভাৰতীয় বেটছমেনসকলৰ পৰা ছয় বা চাৰিৰ দাবী কৰি আছিল। কেৱল এয়াই নহয়, আউট হোৱা খেলুৱৈসকলকো বাৰে বাৰে ট্ৰ’ল কৰা হৈছিল। বহুতে খেলুৱৈসকলৰ পৰা চেলফি দাবী কৰিছিল। অনুৰাগীৰ এই কাৰ্যৰ বাবে ভাৰতীয় খেলুৱৈসকলে বহু সমস্যাৰ সন্মুখীন হয় ।

অনুৰাগীৰ এই আচৰণৰ বাবে টীম ইণ্ডিয়াৰ খেলুৱৈসকলে অনুশীলনত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব পৰা নাছিল । গতিকে এনে সমস্যা সৃষ্টি হোৱাৰ বাবে টীম ইণ্ডিয়াৰ অনুশীলনৰ সময়ত অনুৰাগীৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । উল্লেখ্য যে, ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টত জয়লাভ কৰি অগ্ৰগতি লাভ কৰি আছে টিম ইণ্ডিয়াই । ৬ ডিচেম্বৰৰ পৰা ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত দ্বিতীয়খন টেষ্ট এডিলেইডত অনুষ্ঠিত হ’ব।

অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ ৰহস্যৰ বিষয়ে জানো আহক
ভগৱান শিৱক কিয় নাৰিকল আগবঢ়োৱা নহয়?
চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাবলৈ আৰম্ভ কৰক এই বস্তু
ঘৰত তুলসী গছ আছে নেকি? এনেদৰে কৰক ব্যৱহাৰ, উজ্বল হৈ উঠিব ছাল...