IND vs AUS: অনুৰাগীৰ বাঢ়িছে হৃদস্পন্দন! ২০১৫ বিশ্বকাপৰ কাকতালীয় সংযোগে বিপদত পেলাব নেকি ভাৰতক?

চেম্পিয়নছ ট্ৰফী ২০২৫ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মঙলবাৰে ছেমি ফাইনেল খেল খেলিব টিম ইণ্ডিয়াই। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই খেলখন। কিন্তু এইবাৰ এনে ১১টা ঘটনা ঘটিছে যিবোৰ ভাৰতীয় দলটোৰ  বিৰোধী।

IND vs AUS: অনুৰাগীৰ বাঢ়িছে হৃদস্পন্দন! ২০১৫ বিশ্বকাপৰ কাকতালীয় সংযোগে বিপদত পেলাব নেকি ভাৰতক?

ভাৰতীয় দল

Updated On: 

04 Mar 2025 13:47 PM

আজি অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫ৰ প্ৰথমখন ছেমি ফাইনেল।  ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত মুখামুখি হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়া। এই মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰাটো ভাৰতীয় দলৰ বাবে একেবাৰেই সহজ নহ’ব৷ চিন্তাৰ বিষয় যে, ভাৰতীয় দলটোৱে ২০১১ চনৰ বিশ্বকাপত শেষবাৰৰ বাবে অষ্ট্ৰেলিয়াক নক আউট মেচত পৰাস্ত কৰিছিল। ইয়াৰ পিছত অষ্ট্ৰেলিয়াই ভাৰতক ৩ খন নকআউট মেচত পৰাস্ত কৰে। একে সময়তে এইবাৰ এনে ১১টা কাকতালীয় ঘটনা সংঘটিত হৈছে যিবোৰ আছে ভাৰতীয় দলৰ বিৰুদ্ধে।

  • ভাৰতৰ উপৰিও অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। উল্লেখ্য যে, ২০১৫ চনৰ এদিনীয়া বিশ্বকাপৰ সময়ত এই চাৰিটা দলৰ মাজতহে ছেমি ফাইনেল খেল অনুষ্ঠিত হৈছিল। ইয়াৰ উপৰিও ২০১৫ চনত আৰু ১০টা এনে ঘটনা সংঘটিত হৈছিল, যিবোৰ এইবাৰো দেখা গৈছে।
  • ২০১৫ চনৰ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে খেলা খেলখনত বিৰাট কোহলিয়ে শতক অৰ্জন কৰিছিল। এইবাৰো গ্ৰুপ পৰ্যায়ত পাকিস্তানৰ বিৰুদ্ধে খেলা খেলখনত বিৰাটে শতক অৰ্জন কৰে।
  • ২০১৫ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিল। এইবাৰো ভাৰতৰ মুখামুখি হ’ব অষ্ট্ৰেলিয়াৰ দল।
  • ২০১৫ চনৰ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ দলটোত এজন খেলুৱৈ আছিল যাৰ উপাধি আছিল জনছন, সেইজন আছিল বেগী বলাৰ মিচেল জনছন। এইবাৰো অষ্ট্ৰেলিয়াৰ দলটোত স্পেন্সৰ জনছন আছে, যাৰ উপাধি জনছন।
  • মাৰ্চ মাহত অনুষ্ঠিত হৈছিল বিশ্বকাপৰ নকআউট মেচ। এইবাৰো চেম্পিয়নছ ট্ৰফীৰ নকআউট মেচ কেৱল মাৰ্চ মাহতহে অনুষ্ঠিত হৈছে।
  • ২০১৫ চনৰ বিশ্বকাপত ছেমি ফাইনেলৰ দুয়োখন খেল বিভিন্ন দেশত অনুষ্ঠিত হৈছিল। এখন মেচ আছিল অষ্ট্ৰেলিয়াত আৰু এখন মেচ আছিল নিউজিলেণ্ডত। এইবাৰো দুখন বেলেগ বেলেগ দেশত অনুষ্ঠিত হৈছে ছেমি ফাইনেল মেচ।
  • ২০১৫ চনৰ বিশ্বকাপৰ এবছৰৰ পাছত ভাৰতে আয়োজন কৰিছিল টি-২০ বিশ্বকাপ। এইবাৰো ২০২৬ চনত টি-২০ বিশ্বকাপ আয়োজন কৰিব ভাৰতে ।
  • ২০১৫ চনৰ বিশ্বকাপ খেলাৰ সময়ত আই পি এলৰ চেম্পিয়ন আছিল কলকাতা নাইট ৰাইডাৰ্ছ দল। আনকি বৰ্তমান আই পি এলৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ।
  • ইয়াৰ পিছতে কেকেআৰ দলে আইপিএলৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ অধিনায়কক পৰাস্ত কৰে। এইবাৰো কেকেআৰে পেট কামিন্সৰ অধিনায়কত্বত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ পৰা খিতাপ কাঢ়ি লৈছিল।
  • ২০১৫ চনত ৰাহুল দ্ৰাবিড় পুনৰ ৰাজস্থান ৰয়েলছ দললৈ উভতি আহে। এইবাৰো তেওঁ ৰাজস্থান ৰয়েলছ দলৰ সৈতে আই পি এলত কামবেক কৰিবলৈ ওলাইছে।
  • ২০১৫ চনত আৰ অশ্বিন আই পি এলত চেন্নাই ছুপাৰ কিংছ দলৰ অংশ আছিল। এইবাৰো তেওঁ কেৱল চি এছ কে দলৰ হৈ খেলিব।
মাহেকীয়াৰ সময়ত মন্দিৰলৈ যোৱাটো পাপ নেকি? জয়া কিশোৰীয়ে দিলে ইয়াৰ উত্তৰ
খালী পেটত গ্ৰীণ টি খাই নেকি? তেন্তে জানক ইয়াৰ ফলত কি হ'ব পাৰে...
ভুলতো বেগত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আৰ্থিক সমস্যাই...
মূৰত টুপী, হাতত কেমেৰা, সন্মুখত সিংহ... বিশ্ব বন্যপ্ৰাণী দিৱসত বিশেষ ৰূপত প্ৰধানমন্ত্ৰী মোদী