শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

IND vs AUS Semi-Final: ১৪ বছৰে কৰিব পৰা নাই পৰাস্ত! এইবাৰ ছেমিত অষ্ট্ৰেলিয়াক হৰুৱাব পাৰিবনে ভাৰতে?

IND vs AUS Semi-Final: আজি ডুবাইত অনুষ্ঠিত হ'ব চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ ছেমি ফাইনেল। এই খেলত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব। কিন্তু এই খেল সহজ নহ'ব ভাৰতীয় ক্ৰিকেট দলটোৰ বিৰুদ্ধে।

IND vs AUS Semi-Final: ১৪ বছৰে কৰিব পৰা নাই পৰাস্ত! এইবাৰ ছেমিত অষ্ট্ৰেলিয়াক হৰুৱাব পাৰিবনে ভাৰতে?
ভাৰতীয় ক্ৰিকেট দলImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 04 Mar 2025 10:52 AM

চেম্পিয়নছ ট্ৰফী ২০২৫ (champions trophy 2025) ৰ ছেমি ফাইনেলত আজি ভাৰতৰ বনাম অষ্ট্ৰেলিয়া। চেম্পিয়নছ ট্ৰফীৰ আটাইকেইখন খেল ভাৰতে ডুবাইত খেলিছে। বিচিচিআয়ে ভাৰতীয় দলটোক পাকিস্তানলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। যাৰ পাছত আই চি চিয়ে হাইব্ৰিড মডেলত খেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আটাইকেইখন মেচতে জয়ী হৈ টিম ইণ্ডিয়াই এতিয়া প্ৰৱেশ কৰিছে ছেমি ফাইনেলত। এই খেলত আজি ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব। ভাৰতীয় দলটোৱে ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত গ্ৰুপ পৰ্যায়ত আটাইকেইখন মেচতে জয়লাভ কৰিছে। কিন্তু ডুবাই যেন ভাৰতীয়ৰ বাবে সুৰক্ষিত নহয়।

ডুবাই সুৰক্ষিত নহয়

গ্ৰুপ পৰ্যায়ৰ তিনিখনে খেলত ইতিমধ্যে ভাৰতীয় দলটোৱে জয়লাভ কৰিছে। কিন্তু অষ্ট্ৰেলিয়াক সহজভাৱে ল’ব নোৱাৰি। অষ্ট্ৰেলিয়াৰ দলটোক নকআউট মেচত পৰাস্ত কৰাটো অতি কঠিন। একে সময়তে এই খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে, যাৰ বাবে ই ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ বাবে ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে। কিয়নো ডুবাইৰ এই খেলপথাৰত অষ্ট্ৰেলিয়া দলটোৱে আধিপত্য বিস্তাৰ কৰি আহিছে। ১৬ বছৰ পূৰ্বে এই খেলপথাৰত অন্তিমখন আৰু একমাত্ৰ মেচত পৰাস্ত হৈছিল অষ্ট্ৰেলিয়া।

উল্লেখ্য যে, অষ্ট্ৰেলিয়াই এতিয়ালৈকে ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ৫ খন এদিনীয়া খেল খেলিছে। এই সময়ছোৱাত অষ্ট্ৰেলিয়াই ৪খন মেচত জয়লাভ কৰাৰ বিপৰীতে মাত্ৰ এখনত পৰাস্ত হৈছে। ২০১৯ চনত পৰাস্ত হৈছিল অষ্ট্ৰেলিয়া। ইয়াৰ পাছৰ আটাইকেখনে মেচতে জয়লাভ কৰি আহিছে। এই সময়চোৱাত অষ্ট্ৰেলিয়াই কেইবাখনো মেচ খেলিছে যদিও ডুবাইত ৬ বছৰৰ মূৰত এদিনীয়া খেলিব।

ইয়াৰ বিপৰীতে,ভাৰতীয় ক্ৰিকেট দলটোৰ বাবে আটাইতকৈ ডাঙৰ কথাটো হ’ল যে বিগত ১৪ বছৰত এখন নকআউট মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰিব পৰা নাই। ভাৰতীয় ক্ৰিকেট দলে শেষবাৰৰ বাবে ২০১১ চনৰ বিশ্বকাপত নকআউট মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছিল। ইয়াৰ পিছত এই দুটা দলৰ মাজত ৩ খন আই চি চি নকআউট মেচ অনুষ্ঠিত হৈছে আৰু আটাইকেইখনতে ভাৰত পৰাস্ত হৈছে। এই তিনিখন মেচ আছিল ২০১৫ চনৰ বিশ্বকাপৰ ছেমি ফাইনেল, ২০২১ চনৰ টেষ্ট চেম্পিয়নশ্বিৰ ফাইনেল আৰু ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ অন্তিম মেচ। এই আটাইকেইখন মেচতে ভাৰত পৰাস্ত হৈছে।

গতিকে পৰাজয়ৰ এই ধাৰা ভাৰতে সলনি কৰিব পাৰে নে নাই সেয়া হ’ব লক্ষণীয়। ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ দৃষ্টি আজি টিম ইণ্ডিয়াৰ ওপৰত নিৱদ্ধ। কোটি কোটি অনুৰাগীৰ মনৰ আশা পূৰণ কৰি ভাৰতীয় ক্ৰিকেট দলটোৱে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰিব পাৰে নে নাই সেয়া সময়ে ক’ব।

 

অন্য খবৰ পঢ়কঃ চেম্পিয়নছ ট্ৰফীৰ মাজতে বেয়া খবৰ! ভাৰতে হেৰুৱালে এগৰাকী কিংবদন্তি খেলুৱৈক…