IND vs BAN: আজি চেম্পিয়নছ ট্ৰফীত ভাৰত-বাংলাদেশৰ যুঁজ, টীম ইণ্ডিয়াক পৰাস্ত কৰিবলৈ কি পৰিকল্পনা বাংলাদেশী অধিনায়কৰ?
Champions Trophy 2025: বিশ্বকাপ ২০২৩ৰ পিছত এদিনীয়া ক্ৰিকেটত ভাৰত আৰু বাংলাদেশৰ মাজত এয়া প্ৰথমখন খেল। প্ৰায় ডেৰ বছৰ পূৰ্বে খেলা সেই মেচখনত টিম ইণ্ডিয়াই সহজেই জয়লাভ কৰিছিল আৰু দলটোৰ শেহতীয়া ফৰ্মখনলৈ চালে আকৌ এবাৰ বাংলাদেশৰ বিৰুদ্ধে জয়লাভ কৰাটো বেছি কঠিন যেন নালাগে।

৮টা দলৰ মাজত আৰম্ভ হৈছে চেম্পিয়নছ ট্ৰফীৰ যুদ্ধ। এই প্ৰতিযোগিতাখন পাকিস্তান আৰু ডুবাইত ১৯ দিনৰ যুঁজৰ নামিব প্ৰতিটো দল। পাকিস্তানত আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ এতিয়া ডুবাইত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী মেচখনৰ ওপৰত চকু ক্ৰিকেট বিশ্বৰ। আজি এই মেচত মুখামুখি হ’ব ভাৰত আৰু বাংলাদেশ। এই মেচখনলৈ চাই টিম ইণ্ডিয়াক জয়ী হিচাপে গণ্য কৰা হৈছে যদিও পৰাজয় মানি ল’বলৈ সাজু নহয় বাংলাদেশ। খেলখনৰ এদিন পূৰ্বে বাংলাদেশৰ অধিনায়ক নাজমুল হোছেইন শান্তোৱে মুকলিকৈ ঘোষণা কৰিছে যে তেওঁ যিকোনো দলক পৰাস্ত কৰিব পাৰে আৰু ভাৰতৰ বিৰুদ্ধেও তেওঁৰ হাতত জয়ৰ পৰিকল্পনা আছে।
২০ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে খেলিব টিম ইণ্ডিয়াই। বিশ্বকাপ ২০২৩ৰ পিছত এই ফৰ্মেটত দুয়োটা দলৰ মাজত এয়া প্ৰথম সংঘৰ্ষ। যোৱাবাৰ টিম ইণ্ডিয়াই কোনো সমস্যা নোহোৱাকৈ জয়লাভ কৰিছিল আৰু এইবাৰো তেনেধৰণৰ কিবা এটাই আশা কৰা হৈছে। বিশেষকৈ প্ৰতিযোগিতাখনৰ ঠিক আগতে ৰোহিত শৰ্মাৰ নেতৃত্বত গঠিত দলটোৱে এদিনীয়া শৃংখলাত ইংলেণ্ডক যিদৰে ক্লীন ছুইপ কৰিছিল, সেইটো দেখি ভাৰতীয় দলটোক পৰাস্ত কৰাটো সহজ নহ’ব বুলি অনুমান কৰাটো কঠিন নহয়।
আছে যিকোনো দলক পৰাস্ত কৰাৰ ক্ষমতা
কিন্তু এই সকলোবোৰ প্ৰত্যাহ্বান আৰু বাস্তৱতাৰ মাজতো বাংলাদেশী অধিনায়ক শান্তোৱে উচ্চ মনোবলেৰে খেলপথাৰত প্ৰৱেশ কৰাৰ দাবী কৰিছে। সংবাদমেলত শান্তোৱে আত্মবিশ্বাসেৰে কয় যে তেওঁৰ দলৰ এই চেম্পিয়নছ ট্ৰফীত আন যিকোনো দলক পৰাস্ত কৰাৰ ক্ষমতা আছে। চেম্পিয়নছ ট্ৰফী ফৰ্মেটৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি বাংলাদেশী অধিনায়কগৰাকীয়ে কয় যে প্ৰতিটো দলেই এই খিতাপ জয় কৰিবলৈ সক্ষম। তেওঁ কয়, “আমাৰ দলটো অতি সন্তুলিত আৰু আমি নিশ্চিত যে আমি সকলোকে পৰাস্ত কৰিব পাৰো…যদি আমি আমাৰ পৰিকল্পনা সঠিকভাৱে কাৰ্যকৰী কৰিব পাৰো তেন্তে আমি যিকোনো দলক পৰাস্ত কৰিব পাৰো।”
ভাৰতৰ বিৰুদ্ধে এই খেলুৱৈসকলৰ ওপৰত বিশ্বাস
খেলখনত ভাৰতৰ বিৰুদ্ধে পৰিকল্পনা প্ৰকাশ কৰাৰ সময়তে বাংলাদেশী অধিনায়কগৰাকীয়ে কয় যে তেওঁলোকৰ বেগী বলাৰ আৰু অল ৰাউণ্ডাৰসকলে জয়লাভ কৰিবলৈ সক্ষম। যুৱ বেগী বলাৰ নাহিদ ৰানা, অভিজ্ঞ পেচাৰ টাস্কিন আহমেদ, শক্তিশালী অলৰাউণ্ডাৰ মেহদি হাছান মিৰাজ আৰু মেহমুদুল্লাৰ দৰে খেলুৱৈৰ ওপৰত নিৰ্ভৰ কৰি জয়ৰ সপোন দেখা শান্তোৱে কয়, ‘স্পষ্টভাৱে অল ৰাউণ্ডাৰে দলটোলৈ সদায় ভাৰসাম্য আনে আৰু আমাৰ ওচৰত বহুতো উৎকৃষ্ট অলৰাউণ্ডাৰ আছে। আশাকৰোঁ তেওঁলোকে ভাল প্ৰদৰ্শন দেখাব।