5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শ্ৰীলংকা ভ্ৰমণৰ বাবে টি-২০ দলৰ নেতৃত্বত সূৰ্য, দায়িত্ব কৰ্তন পাণ্ডিয়াৰঃ নতুন দায়িত্বত গীল

নিয়মীয়া অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ বিদায়ৰ পিছত কোনে টি-২০ দলটোৰ নেতৃত্ব লাভ কৰিব সেই লৈ ব্যাপক চৰ্চা চলি আছিল। টি-২০ বিশ্বকাপত সহ-অধিনায়কৰ দায়িত্বত থকা হাৰ্দিক পাণ্ডিয়াৰ নাম এইক্ষেত্ৰত আগস্থানত আছিল যদিও শেহতীয়াকৈ সূৰ্যকুমাৰ যাদৱৰ নাম উচ্চাৰিত হৈছিল।

শ্ৰীলংকা ভ্ৰমণৰ বাবে টি-২০ দলৰ নেতৃত্বত সূৰ্য, দায়িত্ব কৰ্তন পাণ্ডিয়াৰঃ নতুন দায়িত্বত গীল
ভাৰতীয় টি-২০ দলৰ নতুন অধিনায়ক সূৰ্য
monjit-dutta
Monjit Dutta | Published: 18 Jul 2024 21:36 PM

বহু জল্পনা-কল্পনাৰ অন্তত আজি আগন্তুক শ্ৰীলংকা ভ্ৰমণৰ বাবে বিচিচিআইৰ নিৰ্বাচক সমিতিয়ে ঘোষণা কৰিছে ভাৰতীয় দল। ঘোষিত এই দলটোত দেখিবলৈ পোৱা গৈছে কেইবাটাও পৰিৱৰ্তন। এই ভ্ৰমণত ভাৰতীয় দলে এদিনীয়া আৰু টি-২০ শৃংখলাত অৱতীৰ্ণ হ’ব। আৰু এই দুয়োটা ফৰ্মেটৰ বাবেই আজি নিৰ্বাচকে ভাৰতীয় দল ঘোষণা কৰিছে। টি-২০ বিশ্বকাপ জয়ৰ পিছতে দুই জ্যেষ্ঠ তাৰকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অৱসৰৰ পিছত এতিয়া নতুন ৰূপত দেখিবলৈ পোৱা যাব ভাৰতীয় দলটোক।

নিয়মীয়া অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ বিদায়ৰ পিছত কোনে টি-২০ দলটোৰ নেতৃত্ব লাভ কৰিব সেই লৈ ব্যাপক চৰ্চা চলি আছিল। টি-২০ বিশ্বকাপত সহ-অধিনায়কৰ দায়িত্বত থকা হাৰ্দিক পাণ্ডিয়াৰ নাম এইক্ষেত্ৰত আগস্থানত আছিল যদিও শেহতীয়াকৈ সূৰ্যকুমাৰ যাদৱৰ নাম উচ্চাৰিত হৈছিল। আৰু এই চৰ্চাৰ দৰেই আজি ঘোষিত দলটোত যাদৱক অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হয়।

লক্ষণীয়ভাৱে পাণ্ডিয়াৰ হাতৰ পৰা দলৰ টি-২০ অধিনায়ক পদো কৰ্তনহে কৰা হৈছে। তেওঁৰ স্থানত শেহতীয়াকৈ জিম্বাবুৱে ভ্ৰমণত দলৰ নেতৃত্বত থকা শুভমন গীলক দিয়া হৈছে সহ-অধিনায়কৰ দায়িত্ব। টি-২০ দলৰ লগতে শুভমন গীলক এদিনীয়া দলৰো সহ-অধিনায়ক হিচাপে বাছনি কৰা হৈছে। এনে পৰিস্থিতিত ৰোহিত শৰ্মাৰ অৱসৰৰ পিছত গীলক ভাৰতৰ অধিনায়ক হিচাপে নিযুক্তিৰ সম্ভাৱ্য পৰিকল্পনা গা কৰি উঠা বুলি ক’ব পাৰি।

এই ভ্ৰমণৰ বাবে ঘোষিত দুয়োটা দলতে জিৰণি দিয়া হৈছে দলৰ তাৰকা বলাৰ যশপ্ৰীত বুমৰাহক। আনহাতে ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিছে লোকেশ ৰাহুলৰ। উইকেটৰক্ষক বেটাৰগৰাকীক এদিনীয়া দলটোত স্থান দিয়া হৈছে। এদিনীয়া দলটোত তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীকো স্থান দিয়া হৈছে। ৰাহুলৰ লগতে প্ৰত্যাৱৰ্তন ঘটিছে শ্ৰেয়স আয়াৰৰো।

আনহাতে দুয়োটা দলৰ ভিতৰত একমাত্ৰ নতুন মুখ হিচাপে স্থান পাইছে যুৱ পেচাৰ হৰ্ষিত ৰাণাই। ৰাণাক এদিনীয়া দলত অন্তৰ্ভুক্ত কৰা হৈছে। ইফালে জিম্বাবুৱে ভ্ৰমণত আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰাত বিফল হ’লেও ৰিয়ান পৰাগৰ ওপৰত আস্থা প্ৰকাশ কৰিছে নিৰ্বাচকে। টি-২০ৰ লগতে ৰিয়ানক এদিনীয়া দলতো স্থান দিয়া হৈছে।

জিম্বাবুৱে ভ্ৰমণত জিলিকি উঠিলেও ৰুতুৰাজ গায়কোৱাড আৰু অভিষেক শৰ্মাক দলত স্থান দিয়া হোৱা নাই। আনহাতে টি-২০ দলত স্থান লাভ কৰিলেও এদিনীয়া দলত দেখা নাযাব সঞ্জু চেমচনক। ইফালে আঘাতৰ পিছত এইবাৰ এদিনীয়াত প্ৰথমবাৰৰ বাবে দেখা যাব ঋষভ পণ্টক। তাৰকা খেলুৱৈজনক দুয়োটা দলতে স্থান দিয়া হৈছে।

উল্লেখ্য যে অহা ২৭ জুলাইৰ পৰা আৰম্ভ হ’ব ভাৰতীয় দলৰ শ্ৰীলংকা ভ্ৰমণ। ২৭ জুলাইত প্ৰথমখন টি-২০ মেচ অনুষ্ঠিত হোৱাৰ পিছত দ্বিতীয়খন টি-২০ ২৮ জুলাইত আৰু তৃতীয়খন ৩০ জুলাইত অনুষ্ঠিত হ’ব। ইয়াৰ পিছত ২ আগষ্টৰ পৰা আৰম্ভ হ’ব ৩খন মেচৰ এদিনীয়া শৃংখলা। এদিনীয়া শৃংখলাৰ পৰৱৰ্তী মেচ দুখন ৪ আগষ্ট আৰু ৭ আগষ্টত অনুষ্ঠিত হ’ব।

ঘোষিত টি-২০ দলঃ সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুভমন গীল (সহ-অধিনায়ক), যশস্বী জয়ছোৱাল, ৰিংকু সিং, ৰিয়ান পৰাগ, ঋষভ পণ্ট, সঞ্জু চেমচন, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণৈ, অৰ্শদীপ সিং, খলিল আহমেদ, মহম্মদ চিৰাজ।

এদিনীয়া দলঃ ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল (সহ-অধিনায়ক), বিৰাট কোহলী, কে এল ৰাহুল, ঋষভ পণ্ট, শ্ৰেয়স আয়াৰ, শিৱম ডুবে, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, ৱাশ্বিংটন সুন্দৰ, অৰ্শদীপ সিং, ৰিয়ান পৰাগ, অক্ষৰ পেটেল, খলিল আহমেদ, হৰ্ষিত ৰাণা।

Latest News