India vs Sri Lanka: বলিঙেৰে চমক ৰিয়ানৰ! শ্ৰীলংকাৰ বিৰুদ্ধে ৮টা বলত ৩টা উইকেট দখল | India beat Sri Lanka in 1st t20i riyan parag shines Assam news - Assam Tv9

India vs Sri Lanka: বলিঙেৰে চমক ৰিয়ানৰ! শ্ৰীলংকাৰ বিৰুদ্ধে ৮টা বলত ৩টা উইকেট দখল

Updated On: 

28 Jul 2024 10:15 AM

IND VS SL: শ্ৰীলংকাৰ বিৰুদ্ধে জয়েৰে টি-২০ শৃংখলা আৰম্ভ কৰিলে টীম ইণ্ডিয়াই। প্ৰথমে বেটিং কৰি থকা টীম ইণ্ডিয়াই ২১৩ ৰানৰ ডাঙৰ স্ক'ৰ সংগ্ৰহ কৰে। শ্ৰীলংকাই লক্ষ্যটো প্ৰাপ্ত কৰাত ব্যৰ্থ হৈছিল। অধিনায়ক সূৰ্যকুমাৰ যাদৱ টীম ইণ্ডিয়াৰ বিজয়ৰ নায়ক আছিল, যিয়ে ৫৮ ৰান সংগ্ৰহ কৰিছিল। লগতে ৮টা ৫ ৰান দি বলত ৩টা উইকেট লৈ টীম ইণ্ডিয়াক বিজয়ৰ লক্ষ্যত উপনীত কৰাইছিল অসমৰ ৰিয়ান পৰাগে ।

India vs Sri Lanka: বলিঙেৰে চমক ৰিয়ানৰ!  শ্ৰীলংকাৰ বিৰুদ্ধে ৮টা বলত ৩টা উইকেট দখল

শ্ৰীলংকাৰ বিৰুদ্ধে বলিঙেৰে চমক ৰিয়ান পৰাগৰ

Follow Us On

শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ প্ৰথমখন খেলত টীম ইণ্ডিয়াই শক্তিশালী জয় লাভ কৰিছিল। প্ৰথমে বেটিং কৰি টীম ইণ্ডিয়াই ২১৩ ৰান সংগ্ৰহ কৰে আৰু শ্ৰীলংকাৰ দলে এই লক্ষ্য প্ৰাপ্ত কৰিব নোৱাৰে আৰু তেওঁলোকে মাত্ৰ ১৭০ ৰানে ইনিংছ সামৰে আৰু ৪৩ ৰানত ভাৰতৰ হাতত পৰাজিযত হয়। অধিনায়ক সূৰ্যকুমাৰ যাদৱ, শুভমন গীল, যশস্ৱী জয়ছোৱাল আৰু ঋষভ পন্ত টীম ইণ্ডিয়াৰ বিজয়ৰ নায়ক আছিল। অৰ্শদীপ সিং আৰু অক্ষৰ পেটেলে বলিঙত ভাল প্ৰদৰ্শন কৰিছিল। লগতে ৰিয়ান পৰাগৰ এটা অভাৰ শ্ৰীলংকাৰ ওপৰত গধুৰ হৈ পৰিছিল। যিয়ে বিজয় বিজয়ৰ লক্ষ্যত উপনীত কৰাইছিল টীম ইণ্ডিয়াক। ৩খনীয়া খেলৰ টি-২০ শৃংখলাত টীম ইণ্ডিয়াই ১-০ৰ অগ্ৰগতি লাভ কৰিছে আৰু দ্বিতীয়খন টি-২০ দেওবাৰে অনুষ্ঠিত হ’ব।

 

 

টীম ইণ্ডিয়াৰ বিজয়ৰ নায়ক

অধিনায়ক সূৰ্যকুমাৰ যাদৱে টীম ইণ্ডিয়াৰ বিজয়ৰ চিত্ৰনাট্য লিখিছিল। এই খেলুৱৈজনে মাত্ৰ ২৬টা বলত ৫৮ ৰান সংগ্ৰহ কৰিছিল। তেওঁৰ ইনিংছৰ ভিত্তিত টীম ইণ্ডিয়াই ২১৩ৰানৰ ডাঙৰ স্ক’ৰত উপনীত হয়। ইয়াৰ পাছতে ৰিয়ান পৰাগে বলিঙত নিজৰ শক্তি প্ৰদৰ্শন কৰে। শনিবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে বেটিঙত বিশেষ সফল নহ’লেও বলিঙেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৰিয়ান। ৰিয়ানে ১৭তম আৰু ২০তম অভাৰত বল কৰিছিল আৰু মাত্ৰ ৮টা বলত ৩টা উইকেট লৈছিল। পৰাগে মাত্ৰ ৫ ৰানত দি ৩জনকৈ বেটছমেনৰ চিকাৰ কৰিছিল। ডাঙৰ কথাটো হ’ল যে পৰাগৰ অভাৰত এটা ৰান আউটো আছিল। অৰ্থাৎ শ্ৰীলংকাই তেওঁলোকৰ ৮ বলৰ স্পেলত ৪টা উইকেট হেৰুৱাইছিল আৰু এইটোৱেই তেওঁলোকৰ পৰাজয়ৰ কাৰণ আছিল।

টীম ইণ্ডিয়াৰ প্ৰথম বেটিং

টছত জিকি শ্ৰীলংকাই টীম ইণ্ডিয়াক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল। শুভমন গীল আৰু যশস্বি জয়ছোৱালে টীম ইণ্ডিয়াক এক সুন্দৰ আৰম্ভণি দিছিল। দুয়োজনে পাৱাৰপ্লেত ৭৪ ৰান সংগ্ৰহ কৰিছিল। গীলে ১৬টা বলত ৩৪ ৰান সংগ্ৰহ কৰিছিল আৰু যশস্বীয়ে ২১টা বলত ৪০ৰান সংগ্ৰহ কৰিছিল। অৱশ্যে এই দুয়োজন খেলুৱৈয়ে একেৰাহে দুটা বলত পেভিলিয়নলৈ উভতি আহিছিল আৰু ইয়ে শ্ৰীলংকাক মেচখনলৈ ঘূৰাই আনিছিল। কিন্তু অধিনায়ক সূৰ্যকুমাৰ যাদৱে নিজৰ ষ্টাইলত বেটিং কৰিছিল আৰু শ্ৰীলংকাক বেকফুটত ঘূৰাই দিছিল। সূৰ্যই তেওঁৰ চিনাকি ষ্টাইলত উইকেটৰ পাছফালে শ্বট খেলিছিল আৰু স্পিনাৰৰ বিৰুদ্ধে তেওঁ চুইপ শ্বট ব্যৱহাৰ কৰি মাত্ৰ ২২টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰিছিল। সূৰ্যই ২৬টা বলত ৫৮ ৰান সংগ্ৰহ কৰিছিল। আউট হোৱাৰ পাছত পণ্টে ৩৩টা বলত ৪৯ ৰানৰ অৱদান আগবঢ়ায়। অক্ষৰ পেটেলে ইনিংছৰ অন্তিম বলত এটা ছিক্সৰ সহায়ত দলটোৱে ২১৩ ৰানৰ স্ক’ৰ প্ৰাপ্ত কৰে।

 

শ্ৰীলংকাই টীম ইণ্ডিয়াকো উপযুক্ত প্ৰত্যুত্তৰ দিছিল। অপেনাৰ পাথুম নিচানকা আৰু কুশল মেণ্ডিছে মাত্ৰ ৫২টা বলত ৮৪ ৰানৰ অংশীদাৰীত্ব কৰে। দুয়োজন বেটছমেনে ভাৰতৰ শীৰ্ষ বলাৰসকলক ধুই পেলাইছিল। কিন্তু তাৰ পাছত অৰ্শদীপ সিঙে ৯ম অভাৰত কুশল মেণ্ডিছক আউট কৰি টীম ইণ্ডিয়াক প্ৰথম সফলতা প্ৰদান কৰে। কিন্তু পাথুম নিচানকা ক্ৰীজত আছিল আৰু চুটি উচ্চতাৰ খেলুৱৈজনে পাল্লেকেল খেলপথাৰত দীঘলীয়া শ্বট খেলিছিল। তেওঁৰ বেটে ৪টা ছিক্স আৰু ৭টা চাৰি মাৰিছিল। কিন্তু ১৫তম অভাৰত তেওঁৰ উইকেট অক্ষৰ পেটেলে লৈছিল আৰু তাৰ পৰা মেচখন টীম ইণ্ডিয়াৰ ফালে ঘূৰি গৈছিল। অক্ষৰে একেটা অভাৰত কুশল পেৰেৰাক আউট কৰিছিল আৰু তাৰ পিছত শ্ৰীলংকাৰ উইকেটৰ পতনৰ যাত্ৰা আৰম্ভ হৈছিল।

শ্ৰীলংকাই ১৫৮ ৰানৰ স্ক’ৰত চতুৰ্থ উইকেট হেৰুৱাযই আৰু মাত্ৰ ১২ ৰানৰ ভিতৰতে দলটো অল আউট হয়। অৰ্থাৎ শ্ৰীলংকাই ১২ ৰানত ৭টা উইকেট হেৰুৱাইছিল। এইটো স্পষ্ট যে টীম ইণ্ডিয়াই ডেথ অভাৰত ভাল বলিং কৰিছিল আৰু যাৰ ফলত শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথম টি-২০ত টীম ইণ্ডিয়াই বৃহৎ জয় লাভ কৰিছিল।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version