অব্যাহত ভাৰতৰ অপ্ৰতিৰোধ্য গতিঃ নাগপুৰত সহজ জয় ভাৰতৰ, জাদেজাই অৰ্জিলে অনন্য কৃতিত্ব
ইংলেণ্ডৰ বিপক্ষে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাৰ আজি নাগপুৰত অনুষ্ঠিত প্ৰথমখন মেচত ভাৰতে ৪ উইকেটত সহজেই জয়লাভ কৰে। ৰবীন্দ্ৰ জাদেজা আৰু হৰ্ষিত ৰাণাৰ দৰ্শনীয় বলিঙৰ পিছত শুভমন গিল, শ্ৰেয়স আয়াৰ আৰু অক্ষৰ পেটেলৰ অৰ্ধশতকীয় ইনিংছৰ সহায়ত ভাৰতীয় দলে নাগপুৰত সহজ জয়েৰে শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰিছে।
ইংলেণ্ডৰ বিৰুদ্ধে অপ্ৰতিৰোধ্য গতি অব্যাহত আছে ভাৰতৰ। দুৰন্ত প্ৰদৰ্শনেৰে পাঁচখনীয়া মেচৰ টি-২০ শৃংখলা জয়ৰ পিছত আজি এদিনীয়া শৃংখলাতো জয়েৰে অভিযান আৰম্ভ কৰিছে ৰোহিত বাহিনীয়ে। তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাৰ আজি নাগপুৰত অনুষ্ঠিত প্ৰথমখন মেচত ভাৰতে ৪ উইকেটত সহজেই জয়লাভ কৰে। ৰবীন্দ্ৰ জাদেজা আৰু হৰ্ষিত ৰাণাৰ দৰ্শনীয় বলিঙৰ পিছত শুভমন গিল, শ্ৰেয়স আয়াৰ আৰু অক্ষৰ পেটেলৰ অৰ্ধশতকীয় ইনিংছৰ সহায়ত ভাৰতীয় দলে নাগপুৰত সহজ জয়েৰে শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰিছে।
অৱশ্যে মেচখনত বেটিং-বলিং উভয় দিশতে অত্যন্ত দুৰ্বল আৰম্ভণি ঘটায় ভাৰতে। এনে দুৰ্বল আৰম্ভণিক নেওচা দি ভাৰতীয় দলে উভয় দিশতে দুৰন্ত প্ৰত্যাৱৰ্তন ঘটায়। মেচখনত টছত জয়ী হৈ ইংলেণ্ডৰ অধিনায়ক বাটলাৰে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। আঘাতমুক্ত হৈ জাতীয় দললৈ প্ৰত্যাৱৰ্তন কৰাৰ পিছত প্ৰথমখন এদিনীয়া এদিনীয়া খেলা ছামিয়ে প্ৰথম অভাৰতেই সঠিক লাইন-লেংথেৰে ফৰ্মৰ ইংগিত দি মেইডেন অভাৰ বল কৰে।
কিন্তু ইয়াৰ পিছতে ইংলেণ্ডৰ দুই অপেনাৰ ছল্ট আৰু ডাকেটে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰি মাত্ৰ ৮.৫ অভাৰতে ৭৫ ৰানৰ যুটি বান্ধে। অৱশ্যে ৰান সংগ্ৰহৰ সময়ত ভুল বুজাবুজিৰ বাবে দুৰ্ভাগ্যৱশতঃ ৰান আউট হয় ছল্ট (৪৩)। ইয়াৰ পিছতেই যেন ছন্দ ঘূৰায় পায় ভাৰতীয় দলে। ৭৭ ৰানৰ দলীয় অভিষেককাৰী হৰ্ষিত ৰাণাই একেটা অভাৰতে দুটা উইকেট দখল কৰি ভাৰতৰ স্থিতি ঘূৰাই অনাৰ পিছত ১১১ ৰানত জাদেজাৰ বলত আউট হয় ৰুট।
এনে আকস্মিক বিপৰ্যয়ৰ পিছত অৱশ্যে অধিনায়ক বাটলাৰ (৫২) আৰু যুৱ অলৰাউণ্ডাৰ জেকব বেথেলে (৫১) দলক এক প্ৰত্যাহ্বানজনক স্থিতিত উপনীত কৰায়। ইনিংছৰ শেষৰফালে জ’ফ্ৰা আৰ্চাৰে খৰতকীয়াকৈ ২১ ৰান সংগ্ৰহ কৰি দলৰ স্ক’ৰ ২৪৮ ৰানলৈ লৈ যায়। ভাৰৰৰ হৈ হৰ্ষিত আৰু জাদেজাই ৩টাকৈ উইকেট দখল কৰাৰ বিপৰীতে ছামি, অক্ষৰ আৰু কুলদীপে এটাকৈ উইকেট লাভ কৰে।
ইফালে জয়ৰ বাবে ২৮৯ ৰানৰ সহজ লক্ষ্য আগত লৈ বেটিং কৰা ভাৰতে ইনিংছৰ আৰম্ভণিতেই উজুটি খায়। এদিনীয়া অভিষেক ঘটোৱা জয়ছোৱালে ১৫ ৰান সংগ্ৰহ কৰিয়েই ক্ৰীজ এৰাৰ পিছত দুৰ্বল ফৰ্ম অব্যাহত থকা অধিনায়ক ৰোহিতে মাত্ৰ ২ ৰান সংগ্ৰহ কৰিয়েই আউট হয়। অৱশ্যে ইয়াৰ পিছত সহ-অধিনায়ক গিল, আয়াৰ আৰু অক্ষৰে সুন্দৰ বেটিঙেৰে দলক বিপদৰ পৰা উদ্ধাৰ কৰি জয়ৰ পথো নিৰ্মাণ কৰি তোলে।
গিলে দলৰ হৈ সৰ্বাধিক ৮৭ ৰানৰ অৱদান আগবঢ়োৱাৰ বিপৰীতে আয়াৰে ৫৯ আৰু অক্ষৰে ৫২ ৰানৰ অৱদান আগবঢ়ায়। আনহাতে ৰাহুল (২) ব্যৰ্থ হ’লেও পাণ্ডিয়া (৯) আৰু জাদেজাই (১০) কোনো হানি ঘটিবলৈ নিদিয়াকৈ ৩৮.৪ অভাৰত দলক জয়ওৰ লক্ষত উপনীত কৰায়। দৰ্শনীয় ইনিংছটোৰ বাবে গিল মেচৰ শ্ৰেষ্ঠ বিৱবেচিত হয়। ইফালে মেচখনত তিনিটা উইকেট দখলৰ লগে লগে দুটাকৈ অনন্য কৃতিত্ব অৰ্জন কৰে জাদেজাই।
জেমছ এণ্ডাৰছনক (৪০) অতিক্ৰম কৰি ভাৰত-ইংলেণ্ডৰ এদিনীয়া মেচত সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছে তাৰকা অলৰাউণ্ডাৰগৰাকী (৪১)। কেৱল এয়াই নহয় জাদেজাই এই ৩টা উইকেটৰ সহায়ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৬০০ উইকেটো সম্পূৰ্ণ কৰিলে। টেষ্টত ৩২৩টা, এদিনীয়াত ২২৪টা আৰু টি-২০ত ৫৪টা উইকেট দখল কৰিছে জাদেজাই। এইদৰে কপিল দেৱৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৬০০০ ৰান সংগ্ৰহ আৰু ৬০০ উইকেট দখল কৰা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে জাদেজা।
সামগ্ৰিকভাৱে জাদেজা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৬০০ৰো অধিক উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰা ভাৰতৰ পঞ্চমজন খেলুৱৈ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখলৰ অভিলেখ আছে অনিল কুম্বলেৰ (৯৫৩) নামত। ইয়াৰ পিছতে অশ্বিনে ৭৬৫টা আৰু হৰভজনে ৭০৭টা উইকেট দখল কৰিছে। আনহাতে কিংবদন্তি তাৰকা কপিল দেৱে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ৬৮৭টা উইকেট দখল কৰিছিল।