IND VS ZIM, 3rd T20I: জিম্বাব’ৱেৰ বিৰুদ্ধে তৃতীয়খন T20ত দলত স্থান নাপালে ৰিয়ান পৰাগে, মূল একাদশৰ পৰা বাদ পৰিল ৰিয়ানসহ ৪জন
Zimbabwe vs India, 3rd T20I:জিম্বাব'ৱেৰ বিৰুদ্ধে তৃতীয় টি-২০ত টীম ইণ্ডিয়াৰ প্লেয়িং ইলেভেনত ৪টা ডাঙৰ পৰিৱৰ্তন কৰা হৈছে। দলত স্থান দিয়া হৈছে যশস্বি জয়ছোৱাল, সঞ্জু চেমছন আৰু শিৱম ডুবেক। দলৰ পৰা বাদ দিয়া হৈছে ৰিয়ান পৰাগসহ ৪জনক।
জিম্বাব’ৱে বিৰুদ্ধে তৃতীয় টি-২০ত টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে টীম ইণ্ডিয়াৰ অধিনায়ক শুভমন গীল। কিন্তু টছত জিকাৰ পাছত তেওঁ লোৱা সিদ্ধান্তটো অতি আকৰ্ষণীয় আছিল।শুভমন গীলে টীম ইণ্ডিয়াৰ প্লেয়িং ইলেভেনত ৪টা পৰিৱৰ্তন কৰিছিল। বিশ্বকাপ জয় কৰা তিনিজন খেলুৱৈক দলটোৰ প্লেয়িং ইলেভেনত প্ৰৱেশ কৰোৱা হৈছিল। হাৰাৰেত খেলাৰ সুযোগ দিয়া হৈছেশিৱম ডুবে, যশস্বি জয়ছোৱাল আৰু সঞ্জু চেমছনক। । লগতে, বাওঁহাতৰ ফাষ্ট বলাৰ খলিল আহমেদকো প্লেয়িং ইলেভেনলৈ নিৰ্বাচিত কৰা হৈছে। দলৰ পৰা বাদ দিয়া হৈছে ৰিয়ান পৰাগসহ ৪জনক।
কোন কোন বাদ পৰিছে
সঞ্জু, যশস্বী আৰু শিৱমৰ প্ৰৱেশৰ লগে লগে দলটোৰ পৰা বাদ দিয়া হৈছে ধ্ৰুৱ জুৰেল, ৰিয়ান পৰাগ, চাই সুদৰ্শনক। ইয়াৰ উপৰিও দ্ৰুত বলাৰ মুকেশ কুমাৰক বিশ্ৰাম দিয়া হৈছে।
#TeamIndia win the toss and will bat first 👌
Sanju Samson, Yashasvi Jaiswal and Shivam Dube make the Playing XI 🙌
Follow the Match ▶️ https://t.co/FiBMpdZo0K#ZIMvIND pic.twitter.com/4b6jBqx899
— BCCI (@BCCI) July 10, 2024
টীম ইণ্ডিয়াৰ প্লেয়িং ইলেভেনত আছে ৫জন টপ অৰ্ডাৰৰ বেটছমেন
জিম্বাব’ৱে বিৰুদ্ধে টীম ইণ্ডিয়াই তৃতীয় টি-২০ত প্লেয়িং ইলেভেনত ৫জন টপ অৰ্ডাৰৰ বেটছমেন আছে। ইয়াৰ ভিতৰত আছে শুভমান গীল, যশস্বী জয়ছোৱাল, ৰুতুৰাজ গায়কৱাড়, সঞ্জু চেমচন আৰু অভিষেক শৰ্মা। এটা দলৰ প্লেয়িং ইলেভেনত ইমান সংখ্যক টপ অৰ্ডাৰ বেটছমেনক খেলা দেখাটো অতি বিৰল। অৱশ্যে, গায়কৱাড আৰু চেমছনৰ মাজৰ অভাৰত বেটিঙৰ অভিজ্ঞতাও আছে। ইতিমধ্যে প্ৰথমে বেটিং কৰি অৰ্ধশতক অৰ্জন কৰিছে শুভমন গীলে।
ভাৰতীয় দলটোৰ মূল একাদশত আছে: যশস্ৱী জয়ছোৱাল, অভিষেক শৰ্মা, শুভমন গীল, ৰুতুৰাজ গায়কৱাড়, সঞ্জু চেমচন, শিৱম দুবে, ৰিংকু সিং, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণোই, আবেশ খান, খলিল আহমেদ
টি-২০ শৃংখলাখনৰ কথা ক’লে, প্ৰথমখন মেচত জয়লাভ কৰিছিল জিম্বাব’ৱেই। কিন্তু তাৰ পাছত দ্বিতীয়খন মেচত টীম ইণ্ডিয়াই প্ৰচণ্ড প্ৰত্যাৱৰ্তন কৰি ১০০ ৰানত জয়লাভ কৰিছিল।