শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

২০৩৬ৰ অলিম্পিক আয়োজনৰ বাবে সাজু ভাৰতঃ গৃ্হমন্ত্ৰী অমিত শ্বাহে কৰিলে ৰাজহুৱা ঘোষণা

আৰু কেইটামান বছৰৰ পিছত হয়তো দেশবাসীয়ে স্বচক্ষুৰে উপভোগ কৰিব পাৰিব বিশ্ব ক্ৰীড়া মহাসমাৰোহ অলিম্পিক। দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ খ্যাত অলিম্পিক ক্ৰীড়া মহাসমাৰোহ আয়োজনৰ বাবে সম্পূৰ্ণ সাজু ভাৰত। এই ঘোষণা কৰিছে কেন্দ্ৰীয় গৃ্হমন্ত্ৰী অমিত শ্বাহে।

২০৩৬ৰ অলিম্পিক আয়োজনৰ বাবে সাজু ভাৰতঃ গৃ্হমন্ত্ৰী অমিত শ্বাহে কৰিলে ৰাজহুৱা ঘোষণা
অলিম্পিক আয়োজনৰ বাবে সাজু ভাৰত
monjit-dutta
Monjit Dutta | Published: 14 Feb 2025 19:13 PM

আৰু কেইটামান বছৰৰ পিছত হয়তো দেশবাসীয়ে স্বচক্ষুৰে উপভোগ কৰিব পাৰিব বিশ্ব ক্ৰীড়া মহাসমাৰোহ অলিম্পিক। দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ খ্যাত অলিম্পিক ক্ৰীড়া মহাসমাৰোহ আয়োজনৰ বাবে সম্পূৰ্ণ সাজু ভাৰত। এই ঘোষণা কৰিছে কেন্দ্ৰীয় গৃ্হমন্ত্ৰী অমিত শ্বাহে। উত্তৰাখণ্ডৰ হালদ্ৱানীত অনুষ্ঠিত হোৱা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আজি সামৰণি অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰে। নিজ ভাষণত অমিত শ্বাহে ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰিবলৈ ভাৰত সাজু আছে বুলি মন্তব্য কৰে।

সামৰণি অনুষ্ঠানত অমিত শ্বাহে ক্ৰীড়া জগতত ভাৰতৰ ভৱিষ্যত অত্যন্ত উজ্জ্বল বুলি অভিহিত কৰি দেশবাসীৰ আগত প্ৰকাশ কৰে এক উৎসাহৰ খবৰ। তেওঁ কয় যে ২০৩৬ চনত অলিম্পিক আয়োজন কৰিবলৈ ভাৰত সাজু হৈছে আৰু এই উপলক্ষে অলিম্পিক আয়োজন কৰাৰ বাবে ভাৰতে দাবীপ্ৰস্তাৱো দাঙি ধৰিছে। বৰ্তমান এই প্ৰস্তুতি প্ৰাৰম্ভিক পৰ্যায়ত আছে বুলি উল্লেখ কৰে কেন্দ্ৰীয় গৃ্হমন্ত্ৰীগৰাকীয়ে।

অমিত শ্বাহৰ লগতে ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডব্য আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়েও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ধামীয়ে নিজ ভাষণত ‘দেৱভূমি উত্তৰাখণ্ড’ত অত্যন্ত চমকৃত ৰূপত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আয়োজন কৰা হৈছিল বুলি মন্তব্য কৰাৰ সমান্তৰালকৈ খেলুৱৈসকলে উন্নত প্ৰদৰ্শন কৰাৰ লগতে খেলসমূহ সফলতাৰে আয়োজন কৰি দেৱভূমিক খেলভূমিলৈ ৰূপান্তৰিত কৰিলে বুলিও প্ৰশংসা কৰে।

ইফালে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আয়োজনত মুখ্যমন্ত্ৰীগৰাকীৰ ভূমিকাৰ কথা উল্লেখ কৰি অমিত শ্বাহে মুখ্যমন্ত্ৰী ধামীৰ প্ৰচেষ্টাৰ বাবে উত্তৰাখণ্ড বিগত ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভ কৰা ২১ নং স্থানৰ পৰা এইবাৰ সপ্তম স্থানলৈ উন্নীত হৈছে বুলি প্ৰশংসা কৰে। তেওঁ লগতে ‘দেৱভূমি’উত্তৰাখণ্ডক ‘খেলভূমি’ হিচাপে গঢ়ি তোলাৰ বাবে সকলো খেলুৱৈকে অভিনন্দন জনায়। এই প্ৰতিযোগিতাৰ সময়ত খেলুৱৈসকলে গঢ়ি তোলা কিছু অভিলেখ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ সমপৰ্যায়ৰ বুলিও তেওঁ দোহাৰে।

উল্লেখ্য যে আগন্তুক সংস্কৰণৰ ৰাষ্ট্ৰীয় ক্ৰীড়া মেঘালয়ত অনুষ্ঠিত হ’ব। এই উপলক্ষে ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষাই আজি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পতাকা প্ৰদান কৰে। উত্তৰাখণ্ডৰ পৰা এতিয়া ৰাষ্ট্ৰীয় ক্ৰীড়া মশাল মেঘালয়লৈ যাব বুলি ঘোষণা কৰে কেন্দ্ৰীয় গৃ্হমন্ত্ৰী শ্বাহে। আগন্তুক সংস্কৰণৰ প্ৰতিযোগিতাখনৰ অধিকাংশ খেল মেঘালয়ত অনুষ্ঠিত হ’ব যদিও উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যতো কিছু খেল অনুষ্ঠিত হ’ব।