ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিলে ৬ গৰাকী যুৱ ক্ৰিকেটাৰে | India Tour of Zimbabwe: 6 Players Who Picked In India's T20I Team For 1st Time Riyan Parag Abhishek Sharma Assam news - Assam Tv9

India Tour of Zimbabwe: জিম্বাবুৱেৰ ভ্ৰমণত নতুন মুখ ! ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিলে ৬ গৰাকী যুৱ ক্ৰিকেটাৰে, তেওঁলোক কোন কোন ?

Published: 

03 Jul 2024 12:53 PM

India Tour of Zimbabwe: জিম্বাবুৱেৰ বিৰুদ্ধে ৫ খন খেলৰ টি-২০ শৃংখলাত সুযোগ পালে কেইবাজনো ভাৰতীয় যুৱ ক্ৰিকেটাৰে। প্ৰথমবাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলত স্থান পোৱা এই যুৱ ক্ৰিকেটাৰ কেইজন কোন কোন ?

1 / 8টি-২০ বিশ্বকাপৰ অন্ত পৰিল। এইবাৰ শুভমন গিলৰ নেতৃত্বত ভাৰতীয় দলটোৱে জিম্বাবুৱেৰ বিৰুদ্ধে খেলিব টি-২০ শৃংখলা। ইতিমধ্যে জিম্বাবুৱেত উপস্থিত হৈছে ভাৰতীয় ক্ৰিকেট দলটো ।

টি-২০ বিশ্বকাপৰ অন্ত পৰিল। এইবাৰ শুভমন গিলৰ নেতৃত্বত ভাৰতীয় দলটোৱে জিম্বাবুৱেৰ বিৰুদ্ধে খেলিব টি-২০ শৃংখলা। ইতিমধ্যে জিম্বাবুৱেত উপস্থিত হৈছে ভাৰতীয় ক্ৰিকেট দলটো ।

2 / 8

জিম্বাবুৱেৰ বিৰুদ্ধে ৫ খন খেলৰ টি-২০ শৃংখলাত সুযোগ পালে কেইবাজনো ভাৰতীয় যুৱ ক্ৰিকেটাৰে। প্ৰথমবাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলত স্থান পোৱা এই যুৱ ক্ৰিকেটাৰ কেইজন কোন কোন ?

3 / 8

এইবাৰ ভাৰতীয় ক্ৰিকেট দলত প্ৰথমবাৰৰ বাবে স্থান লাভ কৰিছে অভিষেক শৰ্মাই । আইপিএলত ভাল প্ৰদৰ্শন কৰাৰ পাছতে এই জন যুৱ ক্ৰিকেটাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দল স্থান পোৱাটো ডাঙৰ সুযোগ বুলি ক’ব পাৰি ।

4 / 8

এইবাৰ জিম্বাবুৱে ভ্ৰমণ কৰা ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিছে অসমৰ যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগে । এইগৰাকী অসমৰ যুৱ ক্ৰিকেটাৰে এইবাৰৰ আইপিএলত ভাল প্ৰদৰ্শন কৰিছিল । ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ জয়ৰ অভিজ্ঞতা আছে ৰিয়ান পৰাগৰ ।

5 / 8

বহু অপেক্ষাৰ অন্তত ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিছে তুষাৰ দেশপাণ্ডেয়ে । ২০২৩-২৪ বৰ্ষৰ ৰঞ্জি ট্ৰফীতো ভাল ফৰ্মত আছিল তুষাৰ ।

6 / 8

এইবাৰ ভাৰতীয় ছিনিয়ৰ ক্ৰিকেট দলৰ হৈ খেলাৰ সুযোগ লাভ কৰিছে হৰ্ষিত ৰানাই । যোৱা আইপিএলৰ দুটা সংস্কৰণত ভাল প্ৰদৰ্শন কৰিছে হৰ্ষিত ৰানাই । এই গৰাকী বলাৰে আইপিএলৰ ১৩ খন মেচত ১৯টা উইকেট দখল কৰিছে । জিম্বাবুৱেৰ টি-২০ শৃংখলাৰ প্ৰথম ২ খন খেলৰ বাবে তেওঁক দলত সুযোগ দিয়া হৈছে।

7 / 8

ৰাজস্থান ৰয়েলছৰ উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেলে এইবাৰ ভাৰতৰ ছিনিয়ৰ টি-২০ দলত খেলাৰ সুযোগ লাভ কৰিছে । ভাৰতীয় দলৰ হৈ ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেট খেলাৰ অভিজ্ঞতা আছে ধ্ৰুৱ জুৰেলৰ ।

8 / 8

জিম্বাবুৱেৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ প্ৰথম ২ খন খেলৰ বাবে সুযোগ লাভ কৰিছে ছাই সুদৰ্শনে। যোৱা বছৰ তেওঁ এদিনীয়া ক্ৰিকেটত ভাৰতৰ দলৰ হৈ খেলাৰ সুযোগ লাভ কৰিছিল ছাই সুদৰ্শনে।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?