AUS vs IND: ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথমখন টেষ্টৰ বাবে প্ৰায় স্থান নিশ্চিত অশ্বিনৰ…!

২২ নৱেম্বৰৰ পৰা অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া পাঁচখন টেষ্ট মেচ শৃংখলাৰ বাবে ভাৰতীয় দলটোৱে তিনিজন স্পিনাৰ লৈ যাত্ৰা কৰিছে। প্ৰকাশিত খবৰ অনুসৰি, প্ৰথমখন ষ্টেটৰ বাবে ভাৰতীয় দলটোৱে তিনিজন পেচাৰ, পেচ বলিং অল-ৰাউণ্ডাৰ হিচাপে নীতিশ কুমাৰ ৰেড্ডী আৰু স্পিনাৰ হিচাপে অশ্বিনক মূল একাদশত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে ।

AUS vs IND: ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথমখন টেষ্টৰ বাবে প্ৰায় স্থান নিশ্চিত অশ্বিনৰ...!

ৰবিচন্দ্ৰন অশ্বিন

Published: 

20 Nov 2024 13:47 PM

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন টেষ্ট মেচলৈ মাত্ৰ দুটা দিন বাকী । ২২ নৱেম্বৰৰ পৰা পাৰ্থত অনুষ্ঠিত হ’ব ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথমখন টেষ্ট মেচ । এই ষ্টেটৰ বাবে ভাৰতৰ ক্ৰিকেট দলৰ মূল একাদশত একমাত্ৰ অফস্পিনাৰ হিচাপে ৰবিচন্দ্ৰন অশ্বিনে স্থান পোৱাৰ সম্ভাৱনা আছে । ইতিমধ্যে ইয়াক লৈ ক্ৰিকেট অনুৰাগীৰ মাজত জল্পনা কল্পনা আৰম্ভ হৈছে ।

উল্লেখ্য যে, ২২ নৱেম্বৰৰ পৰা অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া পাঁচখন টেষ্ট মেচ শৃংখলাৰ বাবে ভাৰতীয় দলটোৱে তিনিজন স্পিনাৰ লৈ যাত্ৰা কৰিছে। প্ৰকাশিত খবৰ অনুসৰি, প্ৰথমখন ষ্টেটৰ বাবে ভাৰতীয় দলটোৱে তিনিজন পেচাৰ, পেচ বলিং অল-ৰাউণ্ডাৰ হিচাপে নীতিশ কুমাৰ ৰেড্ডী আৰু স্পিনাৰ হিচাপে অশ্বিনক মূল একাদশত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে ।

কিয় অশ্বিনে মূল একাদশত স্থান লাভ কৰিব পাৰে?

অশ্বিনে পাৰ্থ টেষ্টত স্থান পোৱাৰ মূল কাৰণ হ’ল অষ্ট্ৰেলিয়াৰ বেটিং লাইন আপ । অষ্ট্ৰেলিয়া দলটোত ৩ জন বাওঁহতীয়া বেটছমেন থকাৰ সম্ভাৱনা আছে । বাওঁহাতীয়া বেটছমেনৰ বিৰুদ্ধে পূৰ্বে অশ্বিনে ভাল প্ৰদৰ্শন কৰি আহিছে । চৰ্চা অনুসৰি, অষ্ট্ৰেলিয়া দলত ট্ৰেভিছ হেড, এলেক্স কেৰী আৰু উছমান খাৱাজাই স্থান পোৱাৰ সম্ভাৱনা আছে। এই তিনিওজনে হৈছে বাওঁহতীয়া বেটছমেন । এনে পৰিস্থিতিত তেওঁলোকৰ বিৰুদ্ধে অশ্বিনে প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰে ।

মনৰিবলগীয়া যে, পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত কেৱল পেচ বলাৰসকলে যে বেছি সফল হয় সেই কথা একেবাৰে স্পষ্ট কৈ ক’ব নোৱাৰি । সেয়েহে ভাৰতীয় ক্ৰিকেট দলে মূল একাদশত একমাত্ৰ স্পিনাৰ হিচাপে অশ্বিনক অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে । পাৰ্থ টেষ্টৰ বাবে ভাৰতীয় ক্ৰিকেট দলত যশস্বী জয়ছোৱাল, কে এল ৰাহুল, দেৱদত্ত পাড়িক্কাল, বিৰাট কোহলী, ঋষভ পণ্ট, ধ্ৰুৱ জুৰেইল, আৰ. অশ্বিন, নীতিশ কুমাৰ ৰেড্ডী, যশপ্ৰীত বুমৰাহ, আকাশদীপ, মহম্মদ চিৰাজে স্থান লাভ কৰাৰ সম্ভাৱনা আছে ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন টেষ্ট মেচ শৃংখলাত অংশগ্ৰহণ কৰিব ভাৰতীয় ক্ৰিকেট দলটোৱে । অহা ২২ নৱেম্বৰ তাৰিখৰ পৰা পাৰ্থত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন টেষ্ট মেচ আৰম্ভ হ’ব । একেদৰে ৬ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ দ্বিতীয় টেষ্ট, ১৪ পৰা ১৮ ডিচেম্বৰলৈ তৃতীয়াখন টেষ্ট, ২৬ পৰা ৩০ ডিচেম্বৰলৈ চতুৰ্থখন টেষ্ট আৰু ৩ পৰা ৭ জানুৱাৰীলৈ পঞ্চমখন টেষ্ট মেচ অনুষ্টিত হ’ব ।

শীতকালত মুখত লগাওক নাৰিকল তেল, আছে একাধিক লাভালাভ!
হাতৰ কোনটো আঙুলিত আৰু কিয় কাছৰ আঙুঠি পিন্ধিব নালাগে
কি সমস্যা থাকিলে খাব নালাগে গাখীৰ? জানক সবিশেষ...
ঠাণ্ডা দিনত কমলা খাব লাগে নে নাই? কি কয় বিশেষজ্ঞই...