বিচিচিআই প্ৰসঙ্গত এয়া কি ক’লে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে! হেডৰ মন্তব্যত সুখী হ’ল ভাৰতীয় অনুৰাগীও
অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰৰ মুখত শুনা গৈছে ভাৰতীয় ক্ৰিকেট দল তথা বিচিচিআইৰ প্ৰশংসা। আনহে নালাগে, এই শৃংখলাত ভাৰতীয় দলৰ বাবে মূৰৰ কামোৰণি হৈ পৰা ট্ৰেভিছ হেডেও বিচিচিআই আৰু ভাৰতীয় দলক প্ৰশংসা কৰিছে। এক কথাত প্ৰশংসা কৰা বাদেই, বিচিচিআইৰ শক্তিশালী স্থিতিকো স্বীকাৰ কৰিছে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে।
সাম্প্ৰতিক ক্ৰিকেট বিশ্বত আটাইতকৈ শক্তিশালী ক্ৰিকেট দল হিচাপে প্ৰথমেই হয়তো উচ্চাৰিত হ’ব অষ্ট্ৰেলিয়া আৰু ভাৰতীয় ক্ৰিকেট দলৰ নাম। সেয়ে এই দুয়োটা দলৰ মাজত অনুষ্ঠিত হোৱা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীক এই সময়ত আটাইতকৈ প্ৰতিদ্বন্দিতাপূৰ্ণ শৃংখলা হিচাপে উল্লেখ কৰিছে বহু ক্ৰিকেট বিশেষজ্ঞই। চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীতো এই প্ৰতিদ্বন্দিতা স্পষ্টকৈ প্ৰতিফলিত হৈছে। প্ৰথমখন টেষ্টত ভাৰতে জয়লাভ কৰাৰ পিছত দ্বিতীয় টেষ্টত অষ্ট্ৰেলিয়াই বিধ্বস্ত কৰে ভাৰতক। আনহাতে ড্ৰ’ ৰূপে সমাপ্ত হৈছে তৃতীয় টেষ্ট।
অহা ২৬ ডিচেম্বৰৰ পৰা মেলবৰ্ণত চতুৰ্থ টেষ্টত অৱতীৰ্ণ হ’ব দুয়োটা দল। এই টেষ্টৰ পূৰ্বে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰৰ মুখত শুনা গৈছে ভাৰতীয় ক্ৰিকেট দল তথা বিচিচিআইৰ প্ৰশংসা। আনহে নালাগে, এই শৃংখলাত ভাৰতীয় দলৰ বাবে মূৰৰ কামোৰণি হৈ পৰা ট্ৰেভিছ হেডেও বিচিচিআই আৰু ভাৰতীয় দলক প্ৰশংসা কৰিছে। এক কথাত প্ৰশংসা কৰা বাদেই, বিচিচিআইৰ শক্তিশালী স্থিতিকো স্বীকাৰ কৰিছে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে।
শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে এক ভিডিঅ’। এই ভিডিঅ’টোত অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলক ভাৰতীয় ক্ৰিকেট, বিচিচিআই আৰু আইচিচিক এক শব্দত বৰ্ণনা কৰিবলৈ কোৱা হৈছিল। এই সন্দৰ্ভত অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে তিনিওটা প্ৰসঙ্গতে ‘বিগ’ বুলি অভিহিত কৰে। আনহাতে ভাৰতীয় অনুৰাগীৰ বাবে শংকাৰ কাৰণ হৈ পৰা ট্ৰেভিছ হেডে পিছে এইবাৰ নিজৰ উত্তৰেৰে লাখ লাখ ভাৰতীয় অনুৰাগীৰ হৃদয়হে জয় কৰিছে।
হেডে বিচিচিআইক ‘ৰুলাৰ্ছ’ অৰ্থাৎ শাসক হিচাপে অভিহিত কৰে। আনহাতে আইচিচিক তেওঁ বিচিচিআইতকৈ তলত স্থান দি ‘চেকণ্ড‘ বুলি উল্লেখ কৰে। আনহাতে ভাৰতীয় ক্ৰিকেটক তেওঁ শক্তিশালী বুলি অভিহিত কৰে। দলটোৰ তাৰকা স্পিনাৰ নাথান লায়নে বিচিচিআইক ‘বিগ’, আইচিচিক ‘বছ’ আৰু ভাৰতীয় ক্ৰিকেটক ‘পেছনেট’ বুলি অভিহিত কৰে। ইফালে গ্লেন মেক্সৱেলে আইচিচিক ‘বছ’ আৰু বিচিচিআইক ‘পাৱাৰফুল’ অৰ্থাৎ শক্তিশালী’ বুলি অভিহিত কৰে।
তেওঁ লগতে ভাৰতীয় ক্ৰিকেটক ফেনাটিক বুলি উল্লেখ কৰে। আনহাতে অষ্ট্ৰেলিয়াৰ তাৰকা ক্ৰিকেটাৰ ষ্টিভ স্মিথেও বিচিচিআইক প্ৰশংসা কৰে। তেওঁ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডক ‘পাৱাৰহাউছ’ বুলি অভিহিত কৰে। আইচিচিৰ প্ৰসঙ্গত তেওঁ হাস্যৰসিকভাৱে ‘ইমান শক্তিশালী নহয়’ বুলি উল্লেখ কৰে। ইয়াৰ পিছত তেওঁ অৱশ্যে স্মিথে হাঁহি হাঁহি সেয়া ধেমালি আছিল বুলি মন্তব্য কৰে।
🤭 Describe the BCCI, the ICC and Indian cricket in one word….
Don’t worry everyone, Smudge was just jokin! pic.twitter.com/AxJZJT15P8
— ABC SPORT (@abcsport) December 23, 2024
উল্লেখ্য, আইচিচিৰ আটাইতকৈ শক্তিশালী সদস্য ৰাষ্ট্ৰ হিচাপে পৰিচিত বিচিচিআই। কেৱল শক্তিৰ দিশৰ পৰাই নহয়, বিচিচিআই বিশ্বৰ আটাইতকৈ ধনী ক্ৰিকেট ব’ৰ্ড। শেহতীয়াকৈ বিচিচিআইৰ সচিব হিচাপে দায়িত্বত থকা জয় শ্বাহে আইচিচিৰ অধ্যক্ষৰ পদো গ্ৰহণ কৰিছে। তদুপৰি চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত বিচিচিআইয়ে লোৱা স্থিতিৰ প্ৰতি আইচিচিয়ে দিয়া সমৰ্থনেও ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ শক্তি প্ৰমাণ কৰিছে।