বিপৰ্যস্ত দল, সফলতাৰ দৌৰ অব্যাহত বুমৰাহৰঃ মেলবৰ্ণত পুনৰ তুলিলে অভিলেখৰ লহৰ
চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত বুমৰাহে এতিয়ালৈকে সৰ্বাধিক ৩০টা উইকেট দখল কৰিছে। কালি মেচৰ চতুৰ্থ দিনা টেষ্ট কেৰিয়াৰৰ ২০০ উইকেট সম্পূৰ্ণ কৰা বুমৰাহে আজি অন্তিম দিনা অষ্ট্ৰেলিয়ান ইনিংছৰ অন্তিমটো উইকেট দখল কৰি ৫ উইকেট সম্পূৰ্ণ কৰে। এই সফলতা লাভৰ লগে লগে বুমৰাহে অনন্য অভিলেখ স্থাপন কৰিছে।
চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্ট বাদ দি পৰৱৰ্তী সময়ছোৱাত চূড়ান্ত ব্যৰ্থ হৈছে ভাৰতীয় দল। এডিলেইডত পৰাজয়, গাব্বাত বৰষুণৰ আশীৰ্বাদত কোনোমতে ড্ৰ খেলাৰ পিছত এতিয়া মেলবৰ্ণ টেষ্টত পৰাজয়ৰ শংকাত ভুগিছে ভাৰতে। ৩৪০ ৰানৰ বৃ্হৎ জয়ৰ লক্ষ্য অনুসৰণ কৰি ৩৩ ৰানতে ৩টা উইকেট হেৰুৱাই ভাৰত সম্পূৰ্ণ ৰূপে বেকফুটত সোমাই পৰিছে। এই শৃংখলাত এতিয়ালৈকে দুই এক ব্যতিক্ৰম বাদ দি ভাৰতীয় দল সামগ্ৰিকভাৱে প্ৰায় ব্যৰ্থ হৈছে। পিছে দলৰ এই বিপৰ্যয়ৰ মাজতো ধাৰাবাহিকতা ৰক্ষাৰে স্বভাৱসিদ্ধ প্ৰদৰ্শনেৰে চমকি উঠিছে যশপ্ৰীত বুমৰাহ।
এই শৃংখলাত চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰাখি বুমৰাহে এতিয়ালৈকে সৰ্বাধিক ৩০টা উইকেট দখল কৰিছে। কালি মেচৰ চতুৰ্থ দিনা বুমৰাহে অষ্ট্ৰেলিয়ান ইনিংছৰ চাৰিটা উইকেট দখল কৰি টেষ্ট কেৰিয়াৰৰ ২০০ উইকেট সম্পূৰ্ণ কৰিছিল। ইয়াৰ সমান্তৰালৈ কালি তেওঁ কেইবাটাও অভিলেখ নিজৰ নামত সংযোজিত কৰিছিল। আজি মেচৰ অন্তিম দিনা বুমৰাহে অষ্ট্ৰেলিয়ান ইনিংছৰ অন্তিমটো উইকেট দখল কৰি ৫ উইকেট সম্পূৰ্ণ কৰে।
ইয়াৰ লগে লগে চলিত এই শৃংখলাত তৃতীয়বাৰৰ বাবে বুমৰাহে ৫ উইকেট দখলৰ কৃতিত্ব অৰ্জন কৰিছে। এই প্ৰদৰ্শনেৰে তেওঁ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত এক ঈৰ্ষণীয় অভিলেখ স্থাপন কৰিছে। নিজা টেষ্ট কেৰিয়াৰত যশপ্ৰীত বুমৰাহে আজি ১৩ সংখ্যকবাৰ ৫ উইকেট দখল কৰিছে। সমান্তৰালকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চতুৰ্থবাৰৰ বাবে তেওঁ এটা ইনিংছত ৫টা উইকেট দখল কৰিছে।
লক্ষণীয়ভাৱে কেংগাৰু বাহিনীৰ বিৰুদ্ধে বুমৰাহে এই ৫ উইকেট দখলৰ কৃতিত্ব প্ৰতিবাৰ অষ্ট্ৰেলিয়ান ভূমিতে অৰ্জন কৰিছে। একে সময়তে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত এইবাৰ দশমবাৰৰ বাবে যশপ্ৰীত বুমৰাহে এটা ইনিংছত ৫টা উইকেট দখল কৰে। ইয়াৰ লগে লগে তেওঁ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত ১০ বাৰ ৫টা উইকেট দখল কৰা প্ৰথমজন বেগী বলাৰ হিচাপে পৰিগণিত হৈছে।
এই তালিকাত দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স। কামিন্সে টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত ৯ বাৰ এনে কৃতিত্ব অৰ্জন কৰিছে। ইফালে SENA দেশত এছিয়ান খেলুৱৈ হিচাপে সৰ্বাধিকবাৰ ৫ উইকেট দখল কৰা বলাৰৰ তালিকাত তৃতীয় স্থানলৈ উন্নীত হৈছে বুমৰাহ। SENA দেশত নৱম বাৰৰ বাবে বুমৰাহে এই কৃতিত্ব অৰ্জন কৰিছে। এতিয়া এই তালিকাত তেওঁৰ সন্মুখত আছে কেৱল মুট্টিয়া মুৰলীধৰণ আৰু ৱাছিম আক্ৰাম।
টেষ্ট ইতিহাসৰে সৰ্বাধিক উইকেট দখলকাৰী বলাৰ মুৰলীধৰণে SENA দেশত ১০ বাৰ আৰু ৱাছিম আক্ৰামে ১১ বাৰকৈ ৫ উইকেট দখল কৰিছিল। ইফালে বিদেশৰ মাটিত বুমৰাহে ১১ সংখ্যক বাৰৰ বাবে ৫ উইকেট দখল কৰিছে। এইদৰে বিদেশৰ মাটিত সৰ্বাধিক সংখ্যক ৫ উইকেট দখল কৰা এছিয়ান খেলুৱৈৰ তালিকাত যৌথভাৱে তৃতীয় স্থান লাভ কৰিছে বুমৰাহে। এই ক্ষেত্ৰত তেওঁ স্পৰ্শ কৰিছে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ইমৰাণ খানক।
নিজ টেষ্ট কেৰিয়াৰত ইমৰাণ খানেও বিদেশত ১১ বাৰ ৫ উইকেট দখল কৰিছিল। আনহাতে, ১৪ বাৰ পাঁচ উইকেট দখলেৰে এই তালিকাত দ্বিতীয় স্থানত আছে পাকিস্তানৰে ৱাছিম আক্ৰাম। একেদৰে ১৫ বাৰ এই কৃতিত্ব অৰ্জনেৰে মুৰলীধৰণ আছে শীৰ্ষস্থানত। অনাগত সময়ত বুমৰাহে এই সকলো অভিলেখ ভংগ কৰি নিজা অভিলেখ স্থাপন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।