এইবাৰ ছিডনীতো অভিলেখ ৰচিলে বুমৰাহেঃ ভংগ কৰিলে ৪৭ বৰ্ষীয় অভিলেখ

চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত উজ্জীৱিত প্ৰদৰ্শনেৰে ভাৰতৰ তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহে টেষ্ট কেৰিয়াৰৰ ২০০ উইকেট সম্পূৰ্ণ কৰাৰ সমান্তৰালকৈ আন কেইটামান ঈৰ্ষণীয় অভিলেখো স্থাপন কৰিছে। এতিয়া ছিডনী টেষ্টতো অভিলেখৰ পৃষ্ঠাত নাম সংযোগ কৰিছে বুমৰাহে। অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত দুটা উইকেট দখলেৰে বুমৰাহে গঢ়িছে দুটা নতুন অভিলেখ।

এইবাৰ ছিডনীতো অভিলেখ ৰচিলে বুমৰাহেঃ ভংগ কৰিলে ৪৭ বৰ্ষীয় অভিলেখ

নতুন অভিলেখ বুমৰাহৰ

Published: 

04 Jan 2025 09:47 AM

অষ্ট্ৰেলিয়ান ভূমিত অব্যাহত আছে যশপ্ৰীত বুমৰাহৰ বলিঙৰ তীক্ষ্ণধী চোক। ধাৰাবাহিকতা ৰক্ষাৰে প্ৰায় অকলেই অষ্ট্ৰেলিয়াক এই শৃংখলাত প্ৰত্যাহ্বান জনাই আহিছে তাৰকা পেচাৰগৰাকীয়ে। কেংগাৰু বাহিনীৰ বেটিং বিভাগত ত্ৰাসৰ সৃষ্টি কৰি বুমৰাহে এইপৰ্যন্ত শৃংখলাত দখল কৰিছে সৰ্বাধিক উইকেট। ৰোহিত অনুপস্থিতিত এতিয়া ছিডনী টেষ্টত বুমৰাহে দলৰ নেতৃত্বৰ দায়িত্বও বহন কৰিছে আৰু অধিনায়কোচিত প্ৰদৰ্শনেৰে অষ্ট্ৰেলিয়াৰ ইনিংছত প্ৰাৰম্ভিক আঘাত হানি মেচখনত ভাৰতৰ স্থিতি কিছু সজীৱ কৰি তুলিছে।

এনে উজ্জীৱিত প্ৰদৰ্শনেৰে বুমৰাহে ইতিমধ্যেই শৃংখলাৰ মাজতে কেইবাটাও অনন্য কৃতিত্ব অৰ্জন কৰিছে। এই অষ্ট্ৰেলিয়া ভ্ৰমণতে বুমৰাহে টেষ্ট কেৰিয়াৰৰ ২০০ উইকেট সম্পূৰ্ণ কৰাৰ সমান্তৰালকৈ আন কেইটামান ঈৰ্ষণীয় অভিলেখো স্থাপন কৰিছে। এতিয়া ছিডনী টেষ্টতো অভিলেখৰ পৃষ্ঠাত নাম সংযোগ কৰিছে বুমৰাহে। অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত দুটা উইকেট দখলেৰে বুমৰাহে গঢ়িছে দুটা নতুন অভিলেখ।

কালি খেল সামৰণিৰ সময়ত অষ্ট্ৰেলিয়ান ইনিংছৰ প্ৰথমটো উইকেট দখল কৰা বুমৰাহে আজি পুৱা লাবুচেনৰ ৰূপত দ্বিতীয়টো উইকেট দখল কৰে। এইদৰে বুমৰাহ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাত সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হৈছে। এই ক্ষেত্ৰত তেওঁ দেশৰ প্ৰাক্তন স্পিনাৰ বিষান সিং বেদীৰ নামত থকা অভিলেখ ভংগ কৰিছে।

এতিয়া অষ্ট্ৰেলিয়াৰ যিকোনো টেষ্ট শৃংখলাত সৰ্বাধিক উইকেট দখল কৰা বলাৰ হিচাপে পৰিগণিত হৈছে যশপ্ৰীত বুমৰাহ। চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত এতিয়ালৈকে বুমৰাহে ৩২টা উইকেট দখল কৰিছে। বুমৰাহৰ পূৰ্বে অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলাত সৰ্বাধিক উইকেট দখলৰ অভিলেখ আছিল বিষান সিং বেদীৰ নামত। ১৯৭৭-৭৮ চনৰ অষ্ট্ৰেলিয়া ভ্ৰমণত তেওঁ সমগ্ৰ শৃংখলাত ৩১টা উইকেট দখল কৰিছিল।

এই অভিলেখৰ সমান্তৰালকৈ বুমৰাহে আন এক গুৰুত্বপূৰ্ণ অভিলেখো স্থাপন কৰিছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা এই ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ এটা সংস্কৰণত সৰ্বাধিক উইকেট দখলৰ ক্ষেত্ৰত এতিয়া যুটিয়াভাৱে শীৰ্ষস্থান দখল কৰিছে বুমৰাহে। এইক্ষেত্ৰত এতিয়া প্ৰাক্তন ভাৰতীয় তাৰকা স্পিনাৰ হৰভজন সিঙৰ নামত থকা অভিলেখ স্পৰ্শ কৰিছে।

হৰভজন সিঙে ২০০০-০১ ছিজনত অষ্ট্ৰেলিয়াৰ ভাৰত ভ্ৰমণৰ সময়ত ৩২টা উইকেট দখল কৰি এই অভিলেখ স্থাপন কৰিছিল। এতিয়া বুমৰাহে চলিত সংস্কৰণত ৩২ টা উইকেট দখলেৰে এই অভিলেখ স্পৰ্শ কৰিছে। অৱশ্যে অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছত বুমৰাহে হৰভজনক অতিক্ৰম কৰি এই অভিলেখ নিজৰ নামৰ সন্নিৱিষ্ট কৰাৰ সুযোগ লাভ কৰিব। নিশ্চিতভাৱে এই ইনিংছত উইকেটবিহীন হৈ নৰ’ব বুমৰাহ।

ঘৰলৈ ধন-সম্পত্তি আহিবলৈ কি কৰা উচিত? জানক ধনী হোৱাৰ লক্ষণ!
শুৱাৰ সময়ত বিচনাৰ তলত পানী ৰাখে নেকি? জানক ইয়াৰ ফলত কি হয়...
সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে