নীতিশ ৰেড্ডীয়েই নহয়, মেলবৰ্ণত উজলিল সুন্দৰোঃ অৰ্জিলে এই কৃতিত্ব
ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চলিত মেলবৰ্ণ টেষ্টৰ তৃতীয় দিনা আজি দেখিবলৈ পোৱা গ’ল নীতিশ কুমাৰ ৰেড্ডীৰ চমক। নীতিশ ৰেড্ডীৰ লগতে এই মেচখনত দৰ্শনীয় বেটিঙেৰে উজলি উঠে ৱাশ্বিংটন সুন্দৰে। এক গুৰুত্বপূৰ্ণ অৰ্ধশতকীয় ইনিংছ খেলি সুন্দৰে নীতিশ ৰেড্ডীক পূৰ্ণ সহযোগিতা আগবঢ়ায়। এই অৰ্ধশতকীয় ইনিংছটোৰে সুন্দৰে এক অনন্য কৃতিত্ব অৰ্জন কৰে।
ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চলিত মেলবৰ্ণ টেষ্টৰ তৃতীয় দিনা আজি দেখিবলৈ পোৱা গ’ল নীতিশ কুমাৰ ৰেড্ডীৰ চমক। দলীয় বিপৰ্যয়ৰ মাজতো ধৈৰ্যশীল বেটিঙেৰে ভাৰতীয় দলৰ স্থিতি মেচখনত কিছু শক্তিশালী কৰি তোলে। অষ্ট্ৰেলিয়ান বলিং আক্ৰমণৰ সমুখত দৃঢ়তাৰে থিয় দি যুৱ তাৰকাগৰাকীয়ে এক চমকপ্ৰদ শতক অৰ্জন কৰে। নীতিশ ৰেড্ডীৰ লগতে এই মেচখনত দৰ্শনীয় বেটিঙেৰে উজলি উঠে ৱাশ্বিংটন সুন্দৰে। এক গুৰুত্বপূৰ্ণ অৰ্ধশতকীয় ইনিংছ খেলি সুন্দৰে নীতিশ ৰেড্ডীক পূৰ্ণ সহযোগিতা আগবঢ়ায়।
নীতিশ আৰু সুন্দৰে অষ্টম উইকেটত শতকীয় যুটি বান্ধি ভাৰতক বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰে। দুয়োগৰাকীয়ে অষ্টম উইকেটত ১২৭ ৰানৰ যুটি বান্ধে। অশ্বিনৰ যোগ্য উত্তৰসূৰী হিচাপে চৰ্চিত হৈ পৰা সুন্দৰে পুনৰ এবাৰ নিজৰ যোগ্যতা প্ৰমাণ কৰি মেলবৰ্ণত আজি বেটিং ক্ৰমৰ নৱম স্থানত বেটিং কৰি ১৬২টা বলত ৫০ ৰান সংগ্ৰহ কৰে। অত্যন্ত ধৈৰ্যৰে ক্ৰীজত খোপনি পোতা ৱাশ্বিংটন সুন্দৰে এই দীঘলীয়া সময়ৰ ইনিংছটোত মাত্ৰ ১ চাৰি কোবায়।
সুন্দৰৰ এনে ধৈৰ্যশীল বেটিঙে নীতিশ ৰেড্ডীক উইকেটৰ আনটো মূৰত নিজৰ ইনিংছ আগুৱাই নিয়াত পূৰ্ণ সহযোগিতা আগবঢ়ায়। নীতিশ কুমাৰ ৰেড্ডীয়ে কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰাৰ বিপৰীতে সুন্দৰে অৰ্জন কৰে টেষ্ট কেৰিয়াৰৰ চতুৰ্থটো অৰ্ধশতক। এই অৰ্ধশতকীয় ইনিংছটোৰে সুন্দৰে এক অনন্য কৃতিত্ব অৰ্জন কৰে। অষ্ট্ৰেলিয়াত বেটিং ক্ৰমৰ ৯ নম্বৰ স্থানত খেলি অৰ্ধশতক অৰ্জন কৰা তৃতীয়গৰাকী ভাৰতীয় বেটাৰ হিচাপে পৰিগণিত হয় সুন্দৰ।
উল্লেখ্য যে ১৬ বছৰৰ পাছত প্ৰথমবাৰ এগৰাকী ভাৰতীয় বেটছমেনে অষ্ট্ৰেলিয়াত নৱম স্থানত খেলি অৰ্ধশতক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে হৰভজন সিঙে ২০০৮ চনত দুবাৰকৈ এই কৃতিত্ব অৰ্জন কৰিছিল। আনহাতে ১৯৯১ চনত মেলবৰ্ণত প্ৰাক্তন ক্ৰিকেটাৰ কিৰণ ম’ৰেই নৱম স্থানত বেটিং কৰি অৰ্ধশতক অৰ্জন কৰিছিল। এতিয়া এই দুগৰাকী প্ৰাক্তন খেলুৱৈৰ সৈতে নাম সংযোগ হৈছে ৱাশ্বিংটন সুন্দৰৰ।
অষ্ট্ৰেলিয়াৰ ৪৭৪ ৰানৰ বৃ্হৎ স্ক’ৰৰ প্ৰত্যুত্তৰত ভাৰতে নীতিশ আৰু সুন্দৰৰ অষ্টম উইকেটৰ শতকীয় যুটিৰ সহায়তে ভাৰতে ফ’ল’ অ’নৰ পৰা ৰক্ষা পৰে। লক্ষণীয়ভাৱে অষ্ট্ৰেলিয়াত তৃতীয়বাৰৰ বাবে অষ্টম উইকেটত শতকীয় যুটি বন্ধা কৃতিত্ব অৰ্জন কৰে নীতিশ আৰু সুন্দৰে। সমান্তৰালকৈ অষ্ট্ৰেলিয়াত ভাৰতীয় খেলুৱৈৰ দ্বাৰা অষ্টম আৰু নৱম স্থানত বেটিং কৰি একেটা ইনিংছতে ৫০ বা তাতোকৈ অধিক ৰান সংগ্ৰহ কৰাৰ দৃশ্য দ্বিতীয়বাৰৰ বাবে দেখা গ’ল।
ইয়াৰ পূৰ্বে ২০০৮ চনত অনিল কুম্বলে আৰু হৰভজন সিঙে এই কৃতিত্ব অৰ্জন কৰিছিল। দুয়োৰে এই অৱদানৰ সহায়ত ভাৰতে তৃতীয় দিনৰ সমাপ্তিলৈ প্ৰথম ইনিংছত ৯টা উইকেট হেৰুৱাই ৩৫৮ ৰান কৰিবলৈ সক্ষম হয়। নীতিশ কুমাৰ ৰেড্ডীয়ে ১০৫ ৰান আৰু মহম্মদ চিৰাজে ২ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ আছে। অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ স্ক’ৰতকৈ এতিয়াও ভাৰত ১১৬ ৰানত পিছ পৰি আছে।