মেলবৰ্ণত শতক চিৰাজৰ! অনাকাংক্ষিত তালিকাত সংযোগ হ’ল চিৰাজৰ নাম
মেলবৰ্ণ টেষ্টত দীঘলীয়া স্পেলৰ পিছতো উইকেট দখলত ব্যৰ্থ হয় মহম্মদ চিৰাজ। অষ্ট্ৰেলিয়াৰ ইনিংছত চিৰাজে মুঠ ২৩ অভাৰ বলিং কৰে। নিজ স্পেলত বহু ৰান খৰচ কৰে যদিও চিৰাজে এটাও উইকেট দখল কৰিব নোৱাৰে। উইকেট দখলত ব্যৰ্থ চিৰাজে পিছে বলিঙত সম্পূৰ্ণ কৰে শতক। ইয়াৰ লগে লগে চিৰাজে এক অনাকাংক্ষিত তালিকাত নিজৰ নাম সংযোজন ঘটায়।
![মেলবৰ্ণত শতক চিৰাজৰ! অনাকাংক্ষিত তালিকাত সংযোগ হ’ল চিৰাজৰ নাম মেলবৰ্ণত শতক চিৰাজৰ! অনাকাংক্ষিত তালিকাত সংযোগ হ’ল চিৰাজৰ নাম](https://images.assamtv9.com/uploads/2024/12/Mohammad-Siraj.jpg?q=50&w=1280)
মেলবৰ্ণত বিফল মহম্মদ চিৰাজ
চলিত মেলবৰ্ণ টেষ্টৰ দ্বিতীয় দিনা আজি চালকৰ আসনত উপৱিষ্ট হৈছে ঘৰুৱা দল অষ্ট্ৰেলিয়া। প্ৰথমে বেটাৰৰ চমকপ্ৰদ প্ৰদৰ্শন আৰু তাৰ পিছত বলিং আক্ৰমণৰ আশানুৰূপ প্ৰদৰ্শনেৰে অষ্ট্ৰেলিয়াই একপ্ৰকাৰে মেলবৰ্ণ টেষ্ট জয়ৰ পথ গঢ়িছে । মেচখনত প্ৰথমে বেটিং কৰি ষ্টিভ স্মিথৰ শতক, উছমান খোৱাজা, ছেম কনষ্টাছ, মাৰ্নাছ লাবুচানেৰ অৰ্ধশতক আৰু পেট কামিন্সৰ ৪৯ ৰানৰ সহায়ত ৪৭৪ ৰানৰ বৃ্হৎ স্ক’ৰ থিয় কৰায়। ইফালে ভাৰতৰ হৈ বুমৰাহে ৪টা, জাদেজাই ৩টা, আকাশদীপে দুটা আৰু সুন্দৰে এটা উইকেট লাভ কৰে।
আনহাতে দীঘলীয়া স্পেলৰ পিছতো উইকেট দখলত ব্যৰ্থ হয় মহম্মদ চিৰাজ। অষ্ট্ৰেলিয়াৰ ইনিংছত চিৰাজে মুঠ ২৩ অভাৰ বলিং কৰে। নিজ স্পেলত বহু ৰান খৰচ কৰে যদিও চিৰাজে এটাও উইকেট দখল কৰিব নোৱাৰে। উইকেট দখলত ব্যৰ্থ চিৰাজে পিছে বলিঙত সম্পূৰ্ণ কৰে শতক। ইয়াৰ লগে লগে চিৰাজে এক অনাকাংক্ষিত তালিকাত নিজৰ নাম সংযোজন ঘটায়।
চিৰাজে প্ৰথম ইনিংছত ২৩ অভাৰ বলিং কৰি ৫.৩০ ইকনমিৰে ১২২ ৰান খৰচ কৰে। এক কথাত অষ্ট্ৰেলিয়ান বেটাৰৰ সমুখত কোনো প্ৰত্যাহ্বানেই সৃষ্টি কৰিব নোৱাৰিলে ভাৰতীয় পেচাৰগৰাকীয়ে। এই ব্যৰ্থ প্ৰদৰ্শনেৰে তেওঁ মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত কোনো উইকেট নোলোৱাকৈ সৰ্বাধিক ৰান খৰচ কৰা ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়। তেওঁৰ পূৰ্বে এই অনাকাংক্ষিত অভিলেখ আছিল ঈশান্ত শৰ্মাৰ নামত।
ঈশান্ত শৰ্মাই ২০১৪ চনৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত কোনো উইকেট নোলোৱাকৈয়ে ১০৪ ৰান ব্যয় কৰিছিল। অৱশ্যে সামগ্ৰিকভাৱে ঈশান্ত এতিয়াও এই তালিকাৰ শীৰ্ষত আছে। ২০১৪ চনতে ঈশান্তে ৱেলিংটন টেষ্টত কোনো উইকেট নোলোৱাকৈ ১৬৪ ৰান ব্যয় কৰিছিল। আনহাতে ২০১২ চনত সদ্য অৱসৰ গ্ৰহণকাৰী তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে কোনো উইকেট নোলোৱাকৈয়ে ছিডনী টেষ্টত ১৫৭ ৰান খৰচ কৰিছিল।
আনহাতে আহমেদাবাদত অনুষ্ঠিত টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কোনো উইকেট নোলোৱাকৈ উমেশ যাদৱে ১০৫ ৰান আৰু ২০১৫ চনত ছিডনী টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১২২ ৰান খৰচ কৰিছিল ভুৱনেশ্বৰ কুমাৰে। এতিয়া মেলবৰ্ণৰ প্ৰদৰ্শনেৰে মহম্মদ চিৰাজো এই তালিকাত অনুৰ্ভুক্ত হৈছে। লক্ষণীয়ভাৱে এই শৃংখলাত আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰাত চূড়ান্ত ৰূপে ব্যৰ্থ হৈছে মহম্মদ চিৰাজ।
চলিত শৃংখলাত চিৰাজক যশপ্ৰীত বুমৰাহৰ প্ৰধান সহযোগী পেচাৰ হিচাপে স্থান দিয়া হৈছে যদিও বুমৰাহক যোগ্য সহযোগিতা আগবঢ়োৱাত চিৰাজ বিফল হৈছে। বুমৰাহে এতিয়ালৈকে ৭ ইনিংছত ২৫টা উইকেট দখল কৰিছে যদিও চিৰাজে এইপৰ্যন্ত ১১টা উইকেটহে দখল কৰিছে। দলৰ প্ৰয়োজনৰ সময়ত উইকেট লাভৰ ক্ষেত্ৰত ফলপ্ৰসূ হিচাপে প্ৰমাণিত হোৱা নাই পেচাৰগৰাকী।