মেলবৰ্ণত প্ৰতিভাৰ ছাঁ দিলে অদম্য নীতিশেঃ জুৰিলে ঐতিহাসিক শতক; একো নকৰাকৈয়ে হিৰ’ হ’ল চিৰাজ

ৰেড্ডী ৰেড্ডী ধ্বনিৰে গুঞ্জৰিত হৈ উঠিল মেলবৰ্ণৰ আকাশ-বতাহ। আৰু এই পৰিৱেশত সোণত সুৱগা চৰাই অদম্য, অনন্য, দুৰ্জয়, দুৰন্ত শতকেৰে গৰ্জি উঠিল নীতিশ কুমাৰ ৰেড্ডী। এই শতকীয় ইনিংছেৰে নীতিশে অষ্ট্ৰেলিয়াত ভূমিত অৰ্জন কৰিছে ঐতিহাসিক কৃতিত্ব।

মেলবৰ্ণত প্ৰতিভাৰ ছাঁ দিলে অদম্য নীতিশেঃ জুৰিলে ঐতিহাসিক শতক; একো নকৰাকৈয়ে হিৰ’ হ’ল চিৰাজ

মেলবৰ্ণত নীতিশৰ ঐতিহাসিক শতক

Updated On: 

28 Dec 2024 13:11 PM

দৰ্শকেৰে ঠাহ খাই আছে মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড। এক সম্ভাৱ্য পৰাজয়ৰ আশংকাত আনন্দহীন ভাৰতীয় দৰ্শক। আনহাতে অষ্ট্ৰেলিয়ান দৰ্শকৰ প্ৰবল হৰ্ষোল্লাস। তাৰ মাজতে ক্ৰীজত ভাৰতৰ পক্ষত মেচৰ গতি সলনি কৰিবলৈ থিয় হ’ল দুই ভাৰতীয় যুৱ খেলুৱৈ। ধৈৰ্যশীল বেটিঙেৰে দুয়ো অষ্ট্ৰেলিয়ান বলিং আক্ৰমণক প্ৰতিহত কৰি আগবঢ়াই নিছে দলৰ ইনিংছ। দলক কিছু পৰ্যায়লৈ সংকটমুক্ত কৰাৰ সময়তে অৱশ্যে হঠাতে উইকেট হেৰুৱাই পেভিলিয়নমুখী হ’বলগা হ’ল এই যুটিৰে এগৰাকী- সুন্দৰ। আনহাতে ভাৰতৰ বহু আশা-আকাংক্ষাক প্ৰতিনিধিত্ব কৰি ক্ৰীজত থিয় দি থাকিল আনগৰাকী যুৱ খেলুৱৈ।

এই আশা-আকাংক্ষাক সঠিক সন্মান দিবলৈ যেন বদ্ধপৰিকৰ তেওঁ। খেলুৱৈগৰাকীৰ এই আত্মবিশ্বাস দেখি অধিক আন্দোলিত হৈ উঠিল মেলবৰ্ণৰ গেলেৰী। ৰেড্ডী ৰেড্ডী ধ্বনিৰে গুঞ্জৰিত হৈ উঠিল মেলবৰ্ণৰ আকাশ-বতাহ। আৰু এই পৰিৱেশত সোণত সুৱগা চৰাই অদম্য, অনন্য, দুৰ্জয়, দুৰন্ত শতকেৰে গৰ্জি উঠিল তেওঁ। নাম তেওঁৰ নীতিশ কুমাৰ ৰেড্ডী- ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ এক উজ্জল সম্ভাৱনা। ক্ৰিকেট বিশ্বৰ নৱতম চৰ্চিত চমক।

মেলবৰ্ণত চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থ টেষ্টত ভাৰতীয় দলৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈ ঐতিহাসিক শতকেৰে উজলি উঠিছে নীতিশ কুমাৰ ৰেড্ডী। অষ্ট্ৰেলিয়াৰ বৃ্হৎ স্ক’ৰ অনুসৰণ কৰি উইকেট পতনৰ ফলত বিপৰ্যয়ত পৰা ভাৰতীয় দলে এই মেচত এক কথাত পৰাজয়ৰ শংকাতে ভুগিছিল। কিন্তু এই শংকা দূৰ কৰি নীতিশ কুমাৰ ৰেড্ডীয়ে থিয় দি ক্ৰীজত। নীতিশৰ দুৰন্ত শতকৰ সহায়ত মেলবৰ্ণত এতিয়া প্ৰত্যাৱৰ্তন ঘটাইছে ভাৰতে।

এই শৃংখলাৰ প্ৰথমখন টেষ্টত নীতিশে টেষ্ট অভিষেক ঘটোৱাৰ পিছত প্ৰতিখন মেচতে উন্নত বেটিং প্ৰদৰ্শনেৰে সকলোকে মুগ্ধ কৰিছিল। পিছে ইনিংছ দীঘলীয়া কৰিবলৈ লাভ কৰা নাছিল পৰ্যাপ্ত সুযোগ। আজি এই সুযোগ লাভ কৰি নিজ প্ৰতিভাৰে চমকি উঠে নীতিশ। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথমটো শতকৰ সংগ্ৰহ কৰে খেলুৱৈগৰাকীয়ে। এই শতকীয় ইনিংছটোৰে অনন্য কৃতিত্ব অৰ্জন কৰিছে নীতিশ ৰেড্ডীয়ে।

অষ্ট্ৰেলিয়াৰ মাটিত ৮ নম্বৰ বা তাৰ তলৰ স্থানত বেটিং কৰি শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে নীতিশ। বক্সিং ডে’ টেষ্টত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় হিচাপেও পৰিগণিত হৈছে নীতিশ কুমাৰ ৰেড্ডী। ২১ বছৰ ২১৬ দিন বয়সত এই কৃতিত্ব অৰ্জন কৰিছে নীতিশে। সামগ্ৰিকভাৱে কাৰ্ল হুপাৰে বক্সিং ডে’ টেষ্টত ২১ দিন ০১১ দিন বয়সত শতক অৰ্জন কৰি এই ক্ষেত্ৰত শীৰ্ষত আছে।

সমান্তৰালকৈ অষ্ট্ৰেলিয়াত টেষ্ট শতক অৰ্জন কৰা তৃতীয় কনিষ্ঠতম ভাৰতীয় বেটাৰ হিচাপেও তেওঁ কৃতিত্ব অৰ্জন কৰিছে। এইক্ষেত্ৰত ১৮ বছৰ ২৫৬ দিনত শতক অৰ্জনেৰে শীৰ্ষত আছে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰ। ২১ বছৰ ৯২ দিন বয়সত শতক অৰ্জনেৰে তালিকাৰ দ্বিতীয় স্থানত আছে ঋষভ পণ্ট। উল্লেখ্য যে বেয়া পোহৰৰ বাবে আজি চতুৰ্থ দিনৰ খেল কিছু আগতীয়াকৈ সামৰিবলগীয়া হয়।

দিনটোৰ খেল সামৰণি পৰলৈ নীতিশে কেৰিয়াৰৰ প্ৰথমটো শতকৰ ৰূপত ১০৫ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়। তেওঁৰ সৈতে অন্তিম উইকেটৰ ৰূপত অপৰাজিত হৈ ৰৈছে চিৰাজ। লক্ষণীয়ভাৱে চিৰাজ এই মেচখনত বলিঙত চূড়ান্ত ব্যৰ্থ হয় যদিও বেটিঙত দৰ্শকৰ দ্বাৰা ব্যাপক প্ৰশংসিত হৈছে। নীতিশে ৯৯ ৰানত বেটিং কৰি থকাৰ সময়তে বুমৰাহৰ ৰূপত ভাৰতৰ নৱম উইকেটৰ পতন ঘটিছিল।

ইয়াৰ পিছত ভাৰতৰ অন্তিমগৰাকী বেটাৰ হিচাপে ক্ৰীজলৈ আহিছিল চিৰাজ। চিৰাজ ক্ৰীজলৈ অহাৰ সময়ত চলি থকা অভাৰটোৰ তিনিটা বল বাকী আছিল। এনে অৱস্থাত চিৰাজৰ উইকেট পতন হ’লেই শতক বঞ্চিত হ’লহেঁতেন নীতিশ। সেয়ে নীতিশৰ শতক সম্পূৰ্ণ নোহৱাৰ আশংকাত শংকিত হৈ পৰিছিল সকলো। কিন্তু চিৰাজে এই তিনিটা বল সাৱধানে খেলি অভাৰৰ সমাপ্তি ঘটায় আৰু সকলোৰে শংকা দূৰ কৰে। এই তিনিটা বলত দেখুওৱা ধৈৰ্যৰ বাবেই এক কথাত হিৰ’ হৈ পৰে চিৰাজ।

শীতকালত ছাল হৈ পৰিব উজ্বল আৰু ধুনীয়া! কৰক এই কাম...
বলীউডৰ আটাইতকৈ ধনী অভিনেতাগৰাকী কোন? কিমান সম্পত্তি আছে শ্বাহৰুখ খান, আল্লু অৰ্জুনৰ?
iPhone 16 Pro ত গ্ৰাহকে লাভ কৰিছে আকৰ্ষণীয় ৰেহাই, সবিশেষ জানক...
একেদিনাই অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰা নীতিশ কুমাৰ ৰেড্ডীৰ দৰমহা কিমান জানেনে ?