5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সংকটত বুমৰাহৰ আধিপত্য! প্ৰথম মেচতে অভিনৱ কৃতিত্বৰে হুংকাৰ অষ্ট্ৰেলিয়ান তৰুণৰ

আজিৰ পৰা মেলবৰ্ণত আৰম্ভ হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বক্সিং ডে টেষ্ট। অষ্ট্ৰেলিয়াৰ হৈ মেলবৰ্ণত আজি অভিষেক ঘটায় যুৱ অপেনাৰ ছেম কনষ্টাছে। অভিষেক মেচখনত আৰম্ভণিৰ পৰাই বিস্ফোৰক বেটিং কৰা কনষ্টাছে যশপ্ৰীত বুমৰাহকো আক্ৰমণ কৰে। বুমৰাহৰ এটা অভাৰত ১৮ ৰান সংগ্ৰহ কৰি এক অনন্য কৃতিত্ব ৰচে যুৱ বেটাৰগৰাকীয়ে।

সংকটত বুমৰাহৰ আধিপত্য! প্ৰথম মেচতে অভিনৱ কৃতিত্বৰে হুংকাৰ অষ্ট্ৰেলিয়ান তৰুণৰ
বুমৰাহৰ সমুখত কনষ্টাছৰ বেটিং বিক্ৰম
monjit-dutta
Monjit Dutta | Published: 26 Dec 2024 13:49 PM

সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ শ্ৰেষ্ঠতম বলাৰ হিচাপে সকলোৱে একেমুখে স্বীকাৰ কৰে যশপ্ৰীত বুমৰাহক। এই তাৰকা পেচাৰগৰাকী ভাৰতীয় ক্ৰিকেট দলৰ সাফল্যৰ পথত এক প্ৰধান নায়ক হিচাপে বিবেচিত হৈ আহিছে। নিজৰ নিখুঁত লাইন-লেংথ, গতি, ভেৰিয়েচন আৰু সঠিক য়ৰ্কাৰেৰে প্ৰতিপক্ষৰ বাবে এক প্ৰবল প্ৰত্যাহ্বান বুমৰাহ। যোৱা কেইবাটাও বছৰ ধৰি এই ধাৰাবাহিকতা ৰক্ষাৰে বুমৰাহে ২২ গজত একপ্ৰকাৰে নিজৰ আধিপত্য চলাই আহিছিল। পিছে বিমৰাহৰ এই আধিপত্যৰ অৱসান ঘটোৱাৰ এক হুংকাৰ উঠিল আজি মেলবৰ্ণত।

আজিৰ পৰা মেলবৰ্ণত আৰম্ভ হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বক্সিং ডে টেষ্ট। শৃংখলাৰ বিগত তিনিখন টেষ্টত ধাৰাবাহিকভাৱে ব্যৰ্থ হোৱা অপেনাৰ মেকছুইনীৰ স্থানত এগৰাকী যুৱ খেলুৱৈৰ অন্তৰ্ভুক্তিৰে মেলবৰ্ণওত অৱতীৰ্ণ হয় অষ্ট্ৰেলিয়ান অধিনায়ক কামিন্স। নিৰ্বাচক আৰু অধিনায়কৰ এই আস্থাৰ উচিত মূল্য দি আজি নিজৰ অভিষেক মেচতে উজলি উঠে ১৯ বৰ্ষীয় এইগৰাকী যুৱ অপেনাৰ ছেম কনষ্টাছ।

ইনিংছৰ আৰম্ভণিৰ পৰাই যুৱ খেলুৱৈগৰাকীয়ে উমান দিয়ে নিজ শক্তিৰ। বিস্ফোৰক বেটিঙেৰে প্ৰথমৰ পৰাই ভাৰতীয় বলিং বিভাগক আক্ৰমণৰ লক্ষ্য কৰি লয় কনষ্টাছে। বিশেষকৈ বিশ্বৰ শ্ৰেষ্ঠতম বলাৰ হিচাপে চৰ্চিত বুমৰাহৰ সমুখত কনষ্টাছৰ নিৰ্ভীক স্থিতিয়ে সকলোকে হচকিত কৰি তোলে। কনষ্টাছে আজি তাৰকা ভাৰতীয় পেচাৰগৰাকীক টেষ্ট কেৰিয়াৰৰ আটাইতকৈ ব্যয়বহুল অভাৰৰ স্বাদ দি নিজ কেৰিয়াৰ স্মৰণীয় কৰি তোলে।

বুমৰাহৰ এটা অভাৰতে কনষ্টাছে ১৮ ৰান সংগ্ৰহ কৰে। এইপৰ্যন্ত বুমৰাহৰ টেষ্ট কেৰিয়াৰৰ এয়াই আটাইতকৈ  ব্যয়বহুল অভাৰ। কেৱল এয়াই নহয়, বুমৰাহৰ বিৰুদ্ধে ইনিংছত কনষ্টাছে দুটা ছয় কোবায়। টেষ্ট ক্ৰিকেটত বুমৰাহৰ ছয় কোবোৱা কনষ্টাছ বিশ্বৰ মাত্ৰ সপ্তমজন আৰু দুটা ছয় কোবোৱা মাত্ৰ দ্বিতীয়জন বেটাৰ। লক্ষণীয়ভাৱে টেষ্ট ক্ৰিকেটত ৩ বছৰ আৰু ৪৪৮৩টা বলৰ দীঘলীয়া সময়ৰ পিছত প্ৰথমবাৰ কোনো বেটাৰে ছয় কোবালে বুমৰাহৰ বলত।

কনষ্টাছৰ এনে বিধ্বংসী বেটিঙৰ বাবে বুমৰাহে প্ৰথম স্পেলত ৬ অভাৰত বলিং কৰি ৬.৩০ ইকনমিৰে ৩৮ ৰান খৰচ কৰে। কেৱল সিমানেই নহয়, কনষ্টাছে ভৱিষ্যতেও বুমৰাহৰ বলিঙত এইদৰে আক্ৰমণ অব্যাহত ৰাখিব বুলি হুংকাৰ দিয়ে। মেচৰ মাজতে এক সাক্ষাৎকাৰত এই হুংকাৰ দিয়ে কনষ্টাছে। আজিৰ অভিষেক মেচৰ পূৰ্বেই কনষ্টাছে শেহতীয়াকৈ এই মেচত বলাৰৰ ওপৰত চাপ সৃষ্টি কৰিব বুলি মন্তব্য কৰিছিল। আজি ক্ৰীজত তাৰ উমান দিয়ে খেলুৱৈগৰাকীয়ে।

উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ হৈ অভিষেক ঘটোৱা চতুৰ্থজন কনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈছে। নিজৰ অভিষেক মেচতে দৰ্শনীয় বেটিঙেৰে মাত্ৰ ৫২টা বলতে অৰ্ধশতক সম্পূৰ্ণ কৰে কনষ্টাছে। দিনটোৰ প্ৰথমটো উইকেটৰ ৰূপত ক্ৰীজ এৰাৰ পূৰ্বে অষ্ট্ৰেলিয়াক এক শক্তিশালী আৰম্ভণি দিয়া কনষ্টাছে ৬৫টা বলত ৬০ ৰানৰ ইনিংছ খেলে। ৰবীন্দ্ৰ জাদেজাই তেওঁক বিদায় দি মেলবৰ্ণত আজি প্ৰথমটো সফলতা দিয়ে ভাৰতক।

Latest News