ৰোহিত বিহীন ছিডনীত পুনৰ ভাৰতৰ বেটিং ব্যৰ্থতাঃ বুমৰাহে দেখুৱাইছে আশা

ছিডনীত আজি প্ৰথম দিনা অপৰিৱৰ্তিত হৈ থাকিল ভাৰতৰ বেটিং ব্যৰ্থতা। মাত্ৰ ১৮৫ ৰানতে ইনিংছ সামৰি ভাৰতীয় দলে এই নিৰ্ণায়ক টেষ্টখনো হেৰুওৱাৰ শংকাত ভুগিবলগা হৈছে। ইনিংছৰ আৰম্ভণিৰ পৰাই ছিডনীৰ কঠিন উইকেটত অষ্ট্ৰেলিয়ান বলিং আক্ৰমণৰ সমুখত নিষ্প্ৰভ হৈ পৰে ভাৰতীয় বেটিং লাইন আপ।

ৰোহিত বিহীন ছিডনীত পুনৰ ভাৰতৰ বেটিং ব্যৰ্থতাঃ বুমৰাহে দেখুৱাইছে আশা

ছিডনীতো ব্যৰ্থ ভাৰতৰ বেটিং বিভাগ

Published: 

03 Jan 2025 15:32 PM

অষ্ট্ৰেলিয়া ভ্ৰমণত অব্যাহত আছে ভাৰতীয় দলৰ শোচনীয় বেটিং প্ৰদৰ্শন। পাৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছৰ বাদে প্ৰতিবাৰেই এই ভ্ৰমণত চূড়ান্ত ৰূপত ব্যৰ্থ হৈ আহিছে ভাৰতীয় বেটিং শক্তি। ছিডনী টেষ্টত আজি ভাৰতীয় দলে মূল একাদশত ঘটাইছিল গুৰুত্বপূৰ্ণ সালসলনি। দুৰ্বল প্ৰদৰ্শনৰ সৈতে যুঁজি থকা নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা এই টেষ্টত দলৰ পৰা বাহিৰত থাকে। তেওঁৰ স্থানত মূল একাদশত স্থান পায় শুভমন গিলে। আনহাতে আঘাতপ্ৰাপ্ত আকাশদীপৰ স্থানত প্ৰসিধ কৃষ্ণক দিয়া হয় সুযোগ। ৰোহিতৰ অনুপস্থিতিত বুমৰাহে বহন কৰিছে অধিনায়কৰ দায়িত্ব।

পিছে এনে পৰিৱৰ্তনৰ পিছতো ছিডনীত আজি প্ৰথম দিনা অপৰিৱৰ্তিত হৈ থাকিল ভাৰতৰ বেটিং ব্যৰ্থতা। মাত্ৰ ১৮৫ ৰানতে ইনিংছ সামৰি ভাৰতীয় দলে এই নিৰ্ণায়ক টেষ্টখনো হেৰুওৱাৰ শংকাত ভুগিবলগা হৈছে। ইনিংছৰ আৰম্ভণিৰ পৰাই ছিডনীৰ কঠিন উইকেটত অষ্ট্ৰেলিয়ান বলিং আক্ৰমণৰ সমুখত নিষ্প্ৰভ হৈ পৰে ভাৰতীয় বেটিং লাইন আপ। মাত্ৰ ১১ ৰানৰ দলীয় স্ক’ৰতে ৰাহুলক (৪) বিদায় দি ষ্টাৰ্কে ভাৰতৰ শিবিৰত হানে প্ৰথমটো আঘাত।

ইয়াৰ কিছু সময় পিছতে জয়ছোৱালক (১০) পেভিলিয়নৰ পথ দেখুৱায় ব’লাণ্ডে। ৰোহিতৰ স্থানত মূল একাদশত সুযোগ পোৱা গিলে কিছু দৃঢ়তা দেখুৱাইছিল যদিও লায়নৰ বলত এক ভুল শ্বট খেলি গিলেও (২০) বিদায় লয়। ইফালে অফ ষ্টাম্পৰ বাহিৰৰ বলৰ সৈতে থকা ধাৰাবাহিক ব্যৰ্থতাৰ পিছতো পুনৰ একেটা ভুলৰে চিকাৰ হৈছে কোহলী। একেই ৰণকৌশলেৰে কোহলীক (১৭) ফান্দত পেলায় ব’লাণ্ডে।

মাত্ৰ ৭২ ৰানতে শীৰ্ষক্ৰমৰ চাৰিগৰাকী বেটাৰৰ উইকেট হেৰুওৱাৰ পিছত পণ্ট আৰু জাদেজাই প্ঞ্চম উইকেটত কিছু্ ধৈৰ্যৰে বেটিং কৰি ক্ৰীজত খোপনি পুতিছিল। এই শৃংখলাত সামগ্ৰিকভাৱে ব্যৰ্থ হোৱা পণ্টে আজি এই গুৰুত্বপূৰ্ণ সময়ত দলৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দিয়াৰ সম্ভাৱনা দেখা গৈছিল যদিও আক্ৰমণাত্মক শৈলী গ্ৰহণ কৰিবলৈ গৈ পুনৰ এবাৰ উইকেট তুলি দিয়ে। দললৈ সৰ্বাধিক ৪০ ৰানৰ অৱদান আগবঢ়াই ব’লাণ্ডৰ চিকাৰ হয় পণ্ট।

ইফালে পণ্টৰ উইকেট পতনৰ পিছত ক্ৰীজলৈ অহা মেলবৰ্ণ টেষ্টৰ শতক অৰ্জনকাৰী নীতিশ কুমাৰ ৰেড্ডীও প্ৰথমটো বলতে বিদায় লয়। জাদেজাৰ বেটৰ পৰা আহে ২৬ ৰান। আনহাতে এক বিতৰ্কিত সিদ্ধান্তৰ ফলত ১৪ ৰান সংগ্ৰহ কৰি ক্ৰীজ এৰে ৱাশ্বিংটন সুন্দৰে। ১৪৮ ৰানত সুন্দৰৰ ৰূপত অষ্টমটো উইকেট পতনৰ পিছত অন্তিম দুটা উইকেটত ভাৰতীয় ইনিংছত যোগ হয় ৩৭ ৰান। ইয়াৰে ২২ ৰান আহে অধিনায়ক বুমৰাহৰ বেটৰ পৰা।

বুমৰাহৰ এই গুৰুত্বপূৰ্ণ অৱদানৰ সহায়তহে ভাৰতে ভাৰতে ১৮৫ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। অষ্ট্ৰেলিয়াৰ হৈ ব’লাণ্ডে সৰ্বাধিক ৪টা উইকেট দখল কৰাৰ বিপৰীতে ষ্টাৰ্কে ৩টা, কামিন্সে ২টা আৰু লায়নে এটা উইকেট দখল কৰে। ইফালে ভাৰতৰ প্ৰথম ইনিংছৰ এই স্ক’ৰৰ পিছত ইনিংছ আৰম্ভ কৰা অষ্ট্ৰেলিয়ান অপেনাৰ ছেম কনষ্টাছে বুমৰাহৰ প্ৰথমটো বলতে চাৰি কোবাই আক্ৰমণাত্মক মনোভাৱৰ ইংগিত দিয়ে।

ইয়াৰ পিছতো যুৱ খেলুৱৈগৰাকীয়ে বুমৰাহৰ বলত আক্ৰমণৰ চেষ্টা চলায় যদিও ব্যৰ্থ হয়। তাৰ মাজতে বুমৰাহৰ সৈতে মৌখিক আক্ৰমণতো লিপ্ত হয় কনষ্টাছ। এনে মৌখিক আক্ৰমণৰ স্পষ্ট উত্তৰ দি বুমৰাহে পিছৰটো বলতে দখল কৰে আনগৰাকী অপেনাৰ উছমান খাৱাজাৰ (২) উইকেট। এই উইকেট পতনৰ লগে লগে আম্পায়াৰদ্বয়ে আজিৰ দিনটোৰ খেল সামৰাৰ সিদ্ধান্ত লয়।

দিনটোৰ খেল সামৰণিৰ পৰলৈ অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত এটা উইকেট হেৰুৱাই ৯ ৰান সংগ্ৰহ কৰিছে। এই সমগ্ৰ শৃংখলাতে ঘাতক বলিঙেৰে অষ্ট্ৰেলিয়াত সমস্যাত পেলোৱা বুমৰাহে আজি খাৱাজাৰ উইকেট দখলেৰে পুনৰ এবাৰ ধাৰাবাহিকতাৰ স্পষ্ট ইংগিত দিছে। এতিয়া কাইলৈ দ্বিতীয় দিনা বুমৰাহৰ লগতে এই মেচত সুচত সুযোগ পোৱা প্ৰসিধ আৰু চিৰাজৰ পৰা উন্নত প্ৰদৰ্শন আশা কৰিব অনুৰাগীয়ে।

শুৱাৰ সময়ত বিচনাৰ তলত পানী ৰাখে নেকি? জানক ইয়াৰ ফলত কি হয়...
সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে
উজ্বল ছালৰ বাবে হালধি ব্যৱহাৰ কৰা ভাল নে বেয়া? কি কয় বিশেষজ্ঞই...