অন্তিম দুখন টেষ্টৰ বাবে ঘোষণা অষ্ট্ৰেলিয়াৰ দলঃ দলত কেনবেৰাত ভাৰতক বিপৰ্যয়ত পেলোৱা নতুন মুখ…
চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থখন টেষ্ট অহা ২৬ ডিচেম্বৰৰ পৰা মেলবৰ্ণত আৰম্ভ হ’ব। এই বক্সিং ডে’ টেষ্টৰ পিছতে নতুন বছৰৰ ৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব শৃংখলাৰ পঞ্চম তথা অন্তিমখন টেষ্ট। অন্তিম এই টেষ্ট দুখনৰ বাবে অষ্ট্ৰেলিয়াই দল ঘোষণা কৰিছে। ঘোষিত দলত দেখা গৈছে চাৰিগৰাকী খেলুৱৈৰ সংযোজন।
আশা কৰাৰ দৰেই এক ৰোমাঞ্চকৰ পৰ্যায়ত উপনীত হৈছে চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী। বিশ্ব ক্ৰিকেটৰ দুই শক্তি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হোৱা এই শৃংখলাক বহু ক্ৰিকেট বিশেষজ্ঞ তথা অনুৰাগীয়ে সাম্প্ৰতিক সময়ৰ শ্ৰেষ্ঠ দ্বিপাক্ষিক শৃংখলা হিচাপে অভিহিত কৰিছে। চলিত সংস্কৰণতো এই আখ্যা সঠিক যেনেই প্ৰায় প্ৰমাণিত হৈছে। শৃংখলাটোৰ প্ৰথমখন টেষ্টত ভাৰতে জয়লাভ কৰাৰ পিছত দ্বিতীয়খন টেষ্টত অষ্ট্ৰেলিয়াই জয়লাভ কৰিছিল। আনহাতে বৰষুণৰ ফলত ড্ৰ’ ৰূপে সমাপ্ত হৈছিল গাব্বাত অনুষ্ঠিত হোৱা তৃতীয়খন টেষ্ট।
অহা ২৬ ডিচেম্বৰৰ পৰা মেলবৰ্ণত এই শৃংখলাৰ চতুৰ্থখন টেষ্ট অনুষ্ঠিত হ’ব। এই বক্সিং ডে’ টেষ্টৰ পিছতে নতুন বছৰৰ ৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব শৃংখলাৰ পঞ্চম তথা অন্তিমখন টেষ্ট। অন্তিম এই টেষ্ট দুখনৰ বাবে অষ্ট্ৰেলিয়াই দল ঘোষণা কৰিছে। ঘোষিত দলটোত অষ্ট্ৰেলিয়ান নিৰ্বাচকে চাৰিগৰাকী খেলুৱৈক অন্তৰ্ভুক্ত কৰিছে। আনহাতে আঘাতৰ বাবে অন্তিম দুখন টেষ্টৰ পৰা বাদ পৰিছে দলৰ অন্যতম প্ৰধান পেচাৰ জ’ছ হেজেলউড।
তাৰকা পেচাৰগৰাকীৰ লগতে দুৰ্বল ফৰ্মৰ বাবে অপেনিং বেটাৰ নাথান মেকছুইনীকো দলৰ পৰা অব্যাহতি দিয়া হৈছে। তেওঁৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হৈছে আন এগৰাকী যুৱ খেলুৱৈ ছেম কনষ্টাছক। উল্লেখ্য যে এই ১৯ বৰ্ষীয় যুৱ খেলুৱৈগৰাকীয়ে শেহতীয়াকৈ পাৰ্থ টেষ্টৰ পিছত ভাৰতীয় দলে প্ৰধানমন্ত্ৰী একাদশৰ সৈতে খেলা প্ৰস্তুতি মেচত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিছিল। মেচখনত মাত্ৰ ৯৭টা বলত ১৪টা চাৰি আৰু ১টা ছয়েৰে ১০৭ ৰান সংগ্ৰহ কৰিছিল কনষ্টাছে।
এতিয়া শৃংখলাৰ অন্তিম দুখন মেচত উছমান খাৱাজাৰ সৈতে এইগৰাকী যুৱ খেলুৱৈয়ে অষ্ট্ৰেলিয়াৰ ইনিংছ মুকলি কৰিব। ইফালে আঘাতপ্ৰাপ্ত হেজেলউডক জিৰণি দিয়াৰ পিছত দলত আন তিনিগৰাকী পেচাৰক স্থান দিয়া হৈছে। জায়ে ৰিচাৰ্ডছন, ছীন এব’ট আৰু বিউ ৱেবষ্টাৰক ১৫ জনীয়া দলটোত অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া অন্তিম দুখন টেষ্টত পেট কামিন্স আৰু মিচেল ষ্টাৰ্কৰ সৈতে স্ক’ট ব’লাণ্ড বা নতুনকৈ অন্তৰ্ভুক্ত এই তিনিগৰাকীৰ কোনোৱে পেচ আক্ৰমণ চম্ভালিব।
উল্লেখ্য যে এই শৃংখলাৰ প্ৰথমখন টেষ্ট পাৰ্থত অনুষ্ঠিত হৈছিল। মেচখনত প্ৰথম ইনিংছৰ বেটিং ব্যৰ্থতাৰ পিছতো ভাৰতীয় দলে শক্তিশালী প্ৰত্যাৱৰ্তনেৰে ২৯৫ ৰানৰ বৃ্হৎ ব্যৱধানত জয়লাভ কৰিছিল। আনহাতে এডিলেইডত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টত অষ্ট্ৰেলিয়াই ১০ উইকেটত সহজে পৰাস্ত কৰিছিল ভাৰতীয় দলক। আনহাতে গাব্বাত অনুষ্ঠিত হোৱা তৃতীয়খন টেষ্ট বৰষুণৰ বাধাৰ ফলত ড্ৰ’ ৰূপে সামৰণি পৰিছিল।
এতিয়া অহা ২৬ ডিচেম্বৰৰ পৰা মেলবৰ্ণত বক্সিং ডে’ টেষ্ট আৰু ৩ জানুৱাৰীৰ পৰা ছিডনীত অন্তিমখন মেচ আৰম্ভ হ’ব। এই মেচদুখনত জয়েৰে ভাৰতীয় দলে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে নিজৰ স্থান সুৰক্ষিত কৰিব বিচাৰিব। তাৰকা পেচাৰ হেজেলউডৰ অনুপস্থিতি নিশ্চিতৰূপে ভাৰতৰ বাবে আষাৰ খবৰ হ’ব। আনহাতে অষ্ট্ৰেলিয়াৰ বাবেও টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ হ’ব এই টেষ্ট দুখন।
ভাৰতৰ বিৰুদ্ধে অন্তিম ২ খন টেষ্টৰ বাবে অষ্ট্ৰেলিয়াৰ দলঃ পেট কামিন্স (অধিনায়ক), উছমান খাৱাজা, ট্ৰেভিছ হেড, ষ্টিভ স্মিথ, ছীন এবট, স্ক’ট ব’লাণ্ড, এলেক্স কেৰী, ছেম কনষ্টাছ, জায়ে ৰিচাৰ্ডছন, জ’ছ ইংলিছ, মাৰ্নাছ লাবুচেন, নাথান লায়ন, মিচেল মাৰ্শ্ব, মিচেল ষ্টাৰ্ক, বিউ ৱেবষ্টাৰ।