মেলবৰ্ণত বুমৰাহৰ দুৰন্ত গতিঃ সম্পূৰ্ণ ২০০ টেষ্ট উইকেট, গঢ়িলে একাধিক অভিলেখ

মেলবৰ্ণত চলি থকা বক্সিং ডে টেষ্টত বুমৰাহে পুনৰ এবাৰ প্ৰমাণিত কৰি দিছে- কিয় তেওঁ এই সময়ৰ শ্ৰেষ্ঠতম বলাৰ। শক্তিশালী অষ্ট্ৰেলিয়াৰ বেটিং লাইন আপৰ সমুখত বিপৰ্যয়ৰ কাৰণ হৈ পুনৰ এবাৰ বুমৰাহে চলাইছে বলিং তাণ্ডৱ। দ্বিতীয় ইনিংছত চাৰিটা উইকেট দখলেৰে বুমৰাহে টেষ্ট কেৰিয়াৰত ২০০ উইকেট সম্পূৰ্ণ কৰিছে। ইয়াৰ লগতে তেওঁ আন কেইবাটাও কৃতিত্ব অৰ্জন কৰিছে।

মেলবৰ্ণত বুমৰাহৰ দুৰন্ত গতিঃ সম্পূৰ্ণ ২০০ টেষ্ট উইকেট, গঢ়িলে একাধিক অভিলেখ

মেলবৰ্ণত বুমৰাহৰ অনন্য কৃতিত্ব

Published: 

29 Dec 2024 15:18 PM

যশপ্ৰীত বুমৰাহ- ভাৰতীয় ক্ৰিকেটৰ ক্ৰমশঃ মেৰুদণ্ড ৰূপে পৰিগণিত হৈ পৰা এই তাৰকা পেচাৰগৰাকীক সাম্প্ৰতিক ক্ৰিকেট বিশ্বই একেমুখে শ্ৰেষ্ঠতম বলাৰ হিচাপে স্বীকাৰ কৰিছে। ২২ গজত প্ৰতিপক্ষৰ শিবিৰত ত্ৰাসৰ সৃষ্টি কৰি নিজৰ প্ৰদৰ্শনেৰে যোগ্য হিচাপে এই সুনাম, খ্যাতি অৰ্জন কৰিছে বুমৰাহে। বলাৰৰ বধ্যভূমি হৈ পৰা এই সময়ৰ ক্ৰিকেটত সেয়ে এতিয়াও উজ্জল ৰূপত জিলিকি আছে বুমৰাহ। প্ৰতিনিয়ত ভাৰতীয় দলৰ সংকটৰ সময়ত অনুৰাগীৰ আশা-ভৰসাৰ আধাৰ হৈ পৰিছে এই তাৰকা পেচাৰগৰাকী।

মেলবৰ্ণত চলি থকা বক্সিং ডে টেষ্টত বুমৰাহে পুনৰ এবাৰ প্ৰমাণিত কৰি দিছে- কিয় তেওঁ এই সময়ৰ শ্ৰেষ্ঠতম বলাৰ। শক্তিশালী অষ্ট্ৰেলিয়াৰ বেটিং লাইন আপৰ সমুখত বিপৰ্যয়ৰ কাৰণ হৈ পুনৰ এবাৰ বুমৰাহে চলাইছে বলিং তাণ্ডৱ। আজি অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছত ইটোৰ পিছত সিটোকৈ উইকেট দখলেৰে বুমৰাহে মেলবৰ্ণত ভাৰতৰ কিঞ্চিত জয়ৰ আশাও জগাই তুলিছে। চলিত টেষ্টখনত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ দৰেই দ্বিতীয় ইনিংছতো এতিয়ালৈকে ৪টা উইকেট দখল কৰিছে।

এই স্বভাৱসিদ্ধ প্ৰদৰ্শনেৰে যশপ্ৰীত বুমৰাহে আজি কেৰিয়াৰৰ এক অনন্য মাইলষ্ট’ন স্পৰ্শ কৰে। ভাৰতৰ বাবে শেহতীয়া সময়ছোৱাত মূৰৰ কামোৰণি স্বৰূপ হৈ পৰা অষ্ট্ৰেলিয়ান তাৰকা ট্ৰেভিছ হেডৰ উইকেট দখল কৰি টেষ্ট কেৰিয়াৰত ২০০টা উইকেট সম্পূৰ্ণ কৰে বুমৰাহে। কেৰিয়াৰৰ ৪৪ সংখ্যক টেষ্টত এই কৃতিত্ব অৰ্জন কৰে তাৰকা পেচাৰগৰাকীয়ে। ইয়াৰ লগে লগে বুমৰাহ টেষ্টত ২০০ উইকেট দখল কৰা দ্ৰুততম ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়।

ইয়াৰ লগতে বুমৰাহে টেষ্ট ক্ৰিকেটৰ ইতিহাসত আন এক ঈৰ্ষণীয় অভিলেখো নিজৰ নামত সংযোজিত কৰিছে। মাত্ৰ ১৯.৩৮ গড়ে ২০০ টেষ্ট উইকেট দখল কৰিছে বুমৰাহ। এইদৰে বুমৰাহ টেষ্ট ক্ৰিকেটৰ ইতিহাসত ইমান কম গড়ত ২০০ উইকেট দখল কৰা একমাত্ৰ বলাৰ হিচাপে পৰিগণিত হৈছে। তেওঁৰ বাদে আন কোনো বলাৰেই এইপৰ্যন্ত ২০তকৈ কম গড়ত এনে সাফল্য লাভ কৰিব পৰা নাই।

মেলবৰ্ণ টেষ্টৰ প্ৰথম ইনিংছত দুয়োটা ইনিংছতে ৪টাকৈ উইকেট দখল কৰিছে বুমৰাহে। ইয়াৰ পূৰ্বে ইংলেণ্ডত অনুষ্ঠিত টেষ্টতো তেওঁ দুয়োটা ইনিংছতে ৪টাকৈ উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছিল। এইদৰে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াত টেষ্টৰ দুয়োটা ইনিংছতে ৪টা বা তাতোধিক উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ হৈ পৰিছে বুমৰাহ। একে সময়তে একবিংশ শতিকাত মেলবৰ্ণ টেষ্টৰ দুয়োটা ইনিংছতে ৪টাকৈ উইকেট দখল কৰা তেওঁ মাত্ৰ দ্বিতীয়জন বলাৰ।

বুমৰাহৰ পূৰ্বে ডেল ষ্টেইনে ২০০৮ চনত এই কৃতিত্ব অৰ্জন কৰিছিল। ইফালে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ত বুমৰাহে এই পৰ্যন্ত ২৯টা উইকেট দখল কৰিছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা এই টেষ্ট শৃংখলাৰ এটা সংস্কৰণত এয়াই হৈছে ভাৰতীয় পেচাৰৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। ইয়াৰ পূৰ্বে ভাৰত-অষ্ট্ৰেলিয়াৰ টেষ্ট শৃংখলাত সৰ্বাধিক উইকেট দখলৰ অভিলেখ আছিল কপিল দেৱৰ (২৫টা উইকেট) নামত।

আনহাতে বুমৰাহে এইপৰ্যন্ত মেলবৰ্ণত ২৬টা উইকেট দখল কৰিছে। এয়া হৈছে বিগত ১১০ বছৰত এই খেলপথাৰত ভ্ৰমণকাৰী দলৰ বলাৰৰ ক্ষেত্ৰত সৰ্বাধিক উইকেটৰ অভিলেখ। এইদৰে মেলবৰ্ণ টেষ্টত নিজা প্ৰদৰ্শনেৰে একাধিক অভিলেখৰ অধিকাৰী হৈ পৰিছে যশপ্ৰীত বুমৰাহ।

আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে দুপৰ টেঙাই, জানক কি কি আছে উপকাৰী গুণ...