পাৰ্থত অভেদ্য যশস্বী-ৰাহুল দেৱালঃ দ্বিতীয় দিনাই ফুটি উঠিল ভাৰতৰ জয়ৰ আশাৰ ৰেঙণি
পাৰ্থ টেষ্টৰ প্ৰথম ইনিংছত বেটিং বিপৰ্যয়ৰ পিছত পাৰ্থ টেষ্টত ভাৰতীয় দল শোচনীয় পৰাজয়ৰ সন্মুখীন হ’ব বুলি অনুমান কৰিছিল সকলোৱে। কিন্তু এই অনুমান কাৰ্যতঃ ভুল প্ৰমাণ কৰি দুৰন্ত প্ৰত্যাৱৰ্তনেৰে উজলি উঠিছে ভাৰতীয় দল। পৰাজয়ৰ পৰিৱৰ্তে এতিয়া পাৰ্থ টেষ্টত ভাৰতীয় দল জয়ৰ প্ৰায় দুৱাৰডলিত উপনীত হৈছে।
বহু প্ৰত্যাশিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথম টেষ্টৰ কালি প্ৰথম দিনাই সংকটত পৰিছিল ভাৰতীয় দল। প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়ান বলিং আক্ৰমণত দিশহাৰা হৈ ভাৰতে মাত্ৰ ১০৫ ৰানতে ইনিংছ সামৰিছিল। প্ৰথম ইনিংছত এই বিপৰ্যয়ৰ পিছত পাৰ্থ টেষ্টত ভাৰতীয় দল শোচনীয় পৰাজয়ৰ সন্মুখীন হ’ব বুলি অনুমান কৰিছিল সকলোৱে। কিন্তু এই অনুমান কাৰ্যতঃ ভুল প্ৰমাণ কৰি দুৰন্ত প্ৰত্যাৱৰ্তনেৰে উজলি উঠিছে ভাৰতীয় দল। পৰাজয়ৰ পৰিৱৰ্তে এতিয়া পাৰ্থ টেষ্টত ভাৰতীয় দল জয়ৰ প্ৰায় দুৱাৰডলিত উপনীত হৈছে।
কালি প্ৰথম দিনা ভাৰতীয় দলৰ প্ৰথম ইনিংছৰ ১৫০ ৰানৰ স্ক’ৰৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই দিনটোৰ খেল সামৰণিৰ পৰলকৈ ৭ উইকেটত ৬৭ ৰান সংৰহ কৰিছিল। কালিৰ এই স্ক’ৰৰ পৰা খেল আৰম্ভ কৰি আজি ঘৰুৱা দলটোৱে ইনিংছত ৩৭ ৰান যোগ দি ১০৪ ৰানত ইনিংছ সামৰিবলৈ বাধ হয়। এইদৰে প্ৰথম ইনিংছত ভাৰতে ৪৬ ৰানৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰে। অষ্ট্ৰেলিয়াৰ এই বিপৰ্যয়ৰ কাৰণ হৈ পৰে ভাৰতীয় পেচ আক্ৰমণ।
বিশেষকৈ অধিনায়ক বুমৰাহে ৫টা উইকেট দখল কৰি কেংগাৰু বাহিনীৰ বেটিং লাইন আপ বিপৰ্যস্ত কৰি তোলে। বুমৰাহৰ লগতে অভিষেককাৰী হৰ্ষিত ৰাণায়ো ৩টা উইকেট দখল কৰি নিজৰ কেৰিয়াৰৰ প্ৰথমখন মেচতে চমক সৃষ্টি কৰে। আনহাতে তেওঁলোকলৈ যোগ্য সহযোগিতা আগবঢ়াই দুটা উইকেট দখল কৰে চিৰাজে।
ইফালে প্ৰথম ইনিংছত ৪৬ ৰানৰ অগ্ৰগতি লাভ কৰাৰ পিছত দ্বিতীয় ইনিংছত দুই ভাৰতীয় অপেনাৰ যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুলে ধৈৰ্যসহকাৰে আগুৱাই নিয়ে ভাৰতীয় ইনিংছ। ক্ৰীজত দৃঢ়তাৰে থিয় দি দুয়ো অষ্ট্ৰেলিয়াৰ শক্তিশালী বলিং আক্ৰমণক দিশহাৰা কৰি তোলে। ভাৰতীয় দলৰ উইকেট দখলৰ বাবে কেংগাৰু বাহিনীয়ে চলোৱা প্ৰতিটো আক্ৰমণ ব্যৰ্থ কৰি তোলে জয়ছোৱাল আৰু ৰাহুলে।
দুয়ো প্ৰথম উইকেটত অপৰাজিত ১৭২ ৰানৰ যুটি বান্ধি দ্বিতীয় দিনাৰ খেল সামৰণি পৰলৈ নট আউট হৈ ৰয়। অষ্ট্ৰেলিয়াত নিজৰ প্ৰথমটো অৰ্ধশতৰান সম্পূৰ্ণ কৰা জয়ছোৱাল ৯০ ৰানত অপৰাজিত হৈ আছে আৰু এইদৰে অষ্ট্ৰেলিয়াৰ কঠিন পিটছত প্ৰথমটো শতক সম্পূৰ্ণ কৰাৰ সুন্দৰ সুযোগ লাভ কৰিছে যুৱ তাৰকাগৰাকীয়ে। আনহাতে আনগৰাকী অপেনাৰ ৰাহুলেও নিজৰ ধ্ৰুপদী বেটিং শৈলীৰ নিদৰ্শন দাঙি ধৰি ৬২ ৰানত অপৰাজিত হৈ ৰৈছে।
এইদৰে ভাৰতে সামগ্ৰিকভাৱে মেচখনত ২১৮ ৰানৰ অগ্ৰগতি লাভ কৰিছে। হাতত দহটা সম্পূৰ্ণ উইকেট বাকী থকাৰ লগতে এতিয়াও মেচৰ সম্পূৰ্ণ তিনিটা দিন বাকী থকা অৱস্থাত ভাৰতীয় দলৰ জয়ৰ আশা গা কৰি উঠিছে। উল্লেখ্য যে পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত লক্ষ্য অনুসৰণ কৰি কোনো দল এতিয়ালৈকে জয়ী হোৱা নাই। গতিকে ভাৰতীয় দলে দ্বিতীয় ইনিংছত এক বৃ্হৎ স্ক’ৰ থিয় কৰি এক নতুন ইতিহাস সৃষ্টি কৰাৰ সম্ভাৱনা আছে।