বিচিচিআইয়ে ল’লে গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ ভাৰতীয় দলত অশ্বিনৰ স্থান ল’লে এইগৰাকী নতুন খেলুৱৈয়ে….
অহা ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বক্সিং ডে’ টেষ্টৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে ভাৰতীয় ক্ৰিকেট দলে। মেলবৰ্ণত অনুষ্ঠিত হ’বলগীয়া এই চতুৰ্থ টেষ্টখনৰ প্ৰাকক্ষণত বিচিচিআইয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। অৱসৰ গ্ৰহণ কৰা ৰবিচন্দ্ৰন অশ্বিনৰ স্থানত ভাৰতীয় ক্ৰিকেট দলত এগৰাকী নতুন খেলুৱৈক অন্তৰ্ভুক্ত কৰিছে বিচিচিআইয়ে।
চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তৃতীয় টেষ্টৰ পিছতে আচম্বিতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ৰবিচন্দ্ৰন অশ্বিনে। তাৰকা ক্ৰিকেটাৰগৰাকীৰ এই আকস্মিক সিদ্ধান্তই ক্ৰিকেট বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰে। অশ্বিনৰ অৱসৰৰ সিদ্ধান্তক কেন্দ্ৰ কৰি এতিয়াও চৰ্চা অব্যাহত আছে। এনে চৰ্চাৰ সমান্তৰালকৈ অহা ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বক্সিং ডে’ টেষ্টৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে ভাৰতীয় ক্ৰিকেট দলে। মেলবৰ্ণত অনুষ্ঠিত হ’বলগীয়া এই চতুৰ্থ টেষ্টখনৰ প্ৰাকক্ষণত বিচিচিআইয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে।
ৰবিচন্দ্ৰন অশ্বিনৰ স্থানত ভাৰতীয় ক্ৰিকেট দলত এগৰাকী নতুন খেলুৱৈক অন্তৰ্ভুক্ত কৰিছে বিচিচিআইয়ে। অষ্ট্ৰেলিয়াৰ বিপক্ষে চলিত শৃংখলাৰ অন্তিম দুখন টেষ্টৰ বাবে এগৰাকী স্পিন বলিং অলৰাউণ্ডাৰক দলত স্থান দিয়া হৈছে। এইদৰে প্ৰথমবাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দললৈ আমন্ত্ৰণ লাভ কৰিছে মুম্বাইৰ তনুষ কোটিয়ানে। প্ৰকাশিত খবৰ অনুসৰি অহা মঙলবাৰে কোটিয়ানে মেলবৰ্ণলৈ উৰা মাৰিব।
উল্লেখ্য যে বিগত সময়ছোৱাত মুম্বাইৰ হৈ ঘৰুৱা ক্ৰিকেটত তনুষ কোটিয়ানে ধাৰাবাহিকভাৱে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই আহিছে। অশ্বিনৰ দৰে কোটিয়ানো এগৰাকী অফ স্পিনাৰ আৰু ল’ৱাৰ অৰ্ডাৰত প্ৰয়োজন সাপেক্ষে উন্নত প্ৰদৰ্শন আগবঢ়োৱাত সক্ষম। শেহতীয়াকৈ এই খেলুৱৈগৰাকীয়ে অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে ইণ্ডিয়া এৰ হৈ টেষ্ট শৃংখলাত সুযোগ পাইছিল বলিং অলৰাউণ্ডাৰগৰাকীয়ে।
২৬ বৰ্ষীয় তনুষ কোটিয়ানে এইপৰ্যন্ত ৩৩ খন প্ৰথম শ্ৰেণীৰ খেল খেলিছে। এইপৰ্যন্ত প্ৰথম শ্ৰেণীৰ কেৰিয়াৰত তনুষৰ নামত আছে ১০১টা উইকেট। তদুপৰি ৪১.২১ গড়ে প্ৰথম শ্ৰেণীৰ গড় ক্ৰিকেটত ১৫২৫ ৰানো সংগ্ৰহ কৰিছে কোটিয়ানে। খেলুৱৈগৰাকীৰ নামত আছে ২ শতক আৰু ১৩টা অৰ্ধশতক। বিগত সংস্কৰণৰ আই পি এলত কোটিয়ানে ৰাজস্থান ৰয়েলছক প্ৰতিনিধিত্ব কৰিছিল।
অৱশ্যে ভাৰতীয় দলত তনুষ কোটিয়ানক অন্তৰ্ভুক্ত কৰা হৈছে যদিও তেওঁ মূল একাদশত স্থান পোৱাৰ সম্ভাৱনা কিছু ক্ষীণ। পেচ বলিং সহায়ক অষ্ট্ৰেলিয়ান পিটছত ভাৰতে ইতিমধ্যে হৈ যোৱা তিনিখন মেচত ক্ৰমে ৱাশ্বিংটন সুন্দৰ, ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাক স্থান দিছিল। তৃতীয় টেষ্টত বলিঙত সফল নহ’লেও বেটিঙত দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াইছিল জাদেজাই। এনে স্থিতিত চতুৰ্থ টেষ্টতো জাদেজাই স্থান পোৱাৰে সম্ভাৱনা অধিক।
তথাপি অৱশ্যে ভাৰতীয় দললৈ প্ৰথমবাৰৰ বাবে আমন্ত্ৰণ লাভ কৰাটো কোটিয়ানৰ বাবে এক উল্লেখনীয় কৃতিত্ব হিচাপে বিবেচিত হৈছে। অষ্ট্ৰেলিয়াত অভিষেকৰ সুযোগ লাভ নকৰিলেও পৰৱৰ্তী সময়ত কোটিয়ানে ভাৰতীয় পৰিৱেশত সুযোগ লাভৰ সম্ভাৱনা থাকিব। অশ্বিনৰ বিকল্প হিচাপে ৱাশ্বিংটন সুন্দৰ প্ৰথমৰ পৰাই দলত আছে যদিও ভাৰতৰ স্পীন সহায়ক পিটছত কোটিয়ানৰ ভাগ্যোদয় ঘটিব পাৰে।