মেলবৰ্ণত কোন স্থানত বেটিং কৰিব ৰোহিতে! প্ৰশিক্ষকে কৰিলে নিশ্চিত…
মেলবৰ্ণ টেষ্টত বাবে অধিনায়ক ৰোহিত শৰ্মাৰ বেটিং ক্ৰম সন্দৰ্ভত ব্যাপক আলোচনা চলিছিল। ৰোহিতে মেলবৰ্ণত মিডল অৰ্ডাৰৰ পৰিৱৰ্তে পুনৰ অপেনাৰ হিচাপে বেটিং কৰিব পাৰে বুলি শেহতীয়াকৈ প্ৰকাশ পাইছিল। এই সন্দৰ্ভত আজি নিশ্চিত তথ্য প্ৰদান কৰিছে ভাৰতীয় দলৰ সহকাৰী প্ৰশিক্ষক অভিষেক নায়াৰে।
চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থখন মেচ আজিৰ পৰা আৰম্ভ হৈছে। মেলবৰ্ণত অনুষ্ঠিত হৈছে এই বক্সিং ডে’ টেষ্ট। আজি মেলবৰ্ণ টেষ্টৰ প্ৰথম দিনা অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰি দিনটোৰ খেল সামৰণিৰ পৰলৈ ৬ উইকেটত ৩১১ ৰান সংগ্ৰহ কৰিছে। শীৰ্ষক্ৰমৰ চাৰিগৰাকী বেটাৰৰ অৰ্ধশতকীয় ইনিংছৰ সহায়ত ঘৰুৱা দলটোৱে এই স্ক’ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় দলে এই বক্সিং ডে’ টেষ্টত শুভমন গিলক বিশ্ৰাম দিছে। বেটিং ক্ৰমৰ তৃতীয় স্থানত বেটিং কৰা গিলৰ অনুপস্থিতিৰ পিছত মেলবৰ্ণত ভাৰতীয় দলৰ সম্ভাৱ্য বেটিং ক্ৰম সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।
মেলবৰ্ণ টেষ্টৰ বাবে মূল একাদশ ঘোষণা কৰাৰ পূৰ্বৰে পৰা অৱশ্যে এই সন্দৰ্ভত চৰ্চা চলি আছিল। মূলতঃ অধিনায়ক ৰোহিত শৰ্মাৰ বেটিং ক্ৰম সন্দৰ্ভত চলিছিল এই আলোচনা। ৰোহিতে মেলবৰ্ণত মিডল অৰ্ডাৰৰ পৰিৱৰ্তে পুনৰ অপেনাৰ হিচাপে বেটিং কৰিব পাৰে বুলি শেহতীয়াকৈ প্ৰকাশ পাইছিল। এই সন্দৰ্ভত আজি নিশ্চিত তথ্য প্ৰদান কৰিছে ভাৰতীয় দলৰ সহকাৰী প্ৰশিক্ষক অভিষেক নায়াৰে। আজি দিনটোৰ খেল সামৰণিৰ পিছত সংবাদ মেলত এই বিষয়ে মন্তব্য কৰে আয়াৰে।
সংবাদমেলত অভিষেক নায়াৰে উল্লেখ কৰা মতে চলি থকা চৰ্চাৰ দৰেই মেলবৰ্ণত অধিনায়ক ৰোহিত শৰ্মাই দলৰ ইনিংছ মুকলি কৰিব। অৰ্থাৎ শৃংখলাৰ প্ৰথম তিনিখন টেষ্টত দেখাৰ দৰে মেলবৰ্ণত দেখা পোৱা নাযাব ৰাহুল আৰু জয়ছোৱালৰ অপেনিং যুটি। এতিয়া ৰাহুলৰ পৰিৱৰ্তে অপেনিঙত জয়ছোৱালৰ সংগী হ’ব ৰোহিত। আনহাতে গিলৰ অনুপস্থিতিত তৃতীয় স্থানত বেটিং কৰিব ৰাহুলে। বেটিং ক্ৰমত নিজৰ চতুৰ্থ স্থান অব্যাহত থাকিব কোহলীৰ।
উল্লেখ্য যে চলিত শৃংখলাৰ পাৰ্থত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত ৰোহিতৰ অনুপস্থিতিত জয়ছোৱালৰ সৈতে ইনিংছ মুকলি কৰিছিল ৰাহুলে। পাৰ্থত অপেনিঙত ৰাহুলৰ সুন্দৰ প্ৰদৰ্শনৰ পিছত এই অপেনিং যুটি অব্যাহত ৰাখি ৰোহিতে মিডল অৰ্ডাৰত বেটিং কৰাৰ সিদ্ধান্ত লৈছিল। ইফালে পাৰ্থৰ লগতে এডিলেইড আৰু গাব্বাতো ৰাহুলে আগবঢ়াইছিল আশানুৰূপ প্ৰদৰ্শন। আনহাতে টেষ্টত ব্যৰ্থতাৰ ধাৰা অব্যাহত ৰাখি দুয়োখন টেষ্টত বিফল হৈছিল ৰোহিত।
এতিয়া মিডল অৰ্ডাৰৰ পৰিৱৰ্তে ৰোহিতে মেলবৰ্ণত অপেনিং কৰাৰ সিদ্ধান্ত লৈছে। মূলতঃ মেলবৰ্ণৰ পিটচৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। আজি প্ৰথম দিনা পিটছত বিশেষ চুইং পৰিলক্ষিত হোৱা নাই আৰু সেই সুযোগ লৈ অষ্ট্ৰেলিয়ান অপেনাৰদ্বয় কনষ্টাছ আৰু খাৱাজাই দলক এক সুন্দৰ আৰম্ভণি দিছিল। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰোহিতে পুনৰ দলৰ ইনিংছ মুকলি কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখ্য যে শেহতীয়াকৈ টেষ্টত ৰোহিতৰ প্ৰদৰ্শন অত্যন্ত হতাশাজনক।
গত ১৪খন টেষ্টত ৰোহিতে মাত্ৰ ২৬.৩৯ গড়ে ৬০৭ ৰান সংগ্ৰহ কৰিছে। এই শৃংখলাতো চূড়ান্ত ব্যৰ্থ হৈছে খেলুৱৈগৰাকী। পাৰ্থত প্ৰথম টেষ্টত অনুপস্থিত ৰোহিতে আন দুখন টেষ্টৰ তিনিটা ইনিংছত মাত্ৰ ১৯ ৰানহে কৰিবলৈ সক্ষম হৈছে। এতিয়া মেলবৰ্ণত দলৰ ইনিংছ মুকলি কৰি ৰোহিতে কেনে প্ৰদৰ্শন আগবঢ়ায় সেয়া হ’ব লক্ষণীয়।