অদম্য! পাৰ্থ টেষ্টত বৃ্হৎ জয়েৰে অষ্ট্ৰেলিয়া অভিযান আৰম্ভ ভাৰতৰ
ঘৰুৱা শৃংখলাত নিউজিলেণ্ডৰ বিপক্ষে শোচনীয় পৰাজয়ৰ পিছত অষ্ট্ৰেলিয়ান ভূমিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতীয় দলৰ সম্ভাৱনীয়তাক লৈ সকলোৱেই সন্দিহান হৈ পৰিছিল। প্ৰথম ইনিংছত মাত্ৰ ১৫০ ৰানতে ইনিংছ সামৰাত এই সম্ভাৱনা অধিক গাঢ় হৈ পৰিছিল। পিছে দুৰন্ত প্ৰত্যাৱৰ্তনেৰে অষ্ট্ৰেলিয়াক ঘৰৰ মাটিতে প্ৰথম টেষ্টত পৰাস্ত কৰিলে ভাৰতে, সেয়াও ২৯৫ ৰানৰ বৃ্হৎ ব্যৱধানত।
নিউজিলেণ্ডৰ বিপক্ষে ঘৰুৱা শৃংখলাত শোচনীয়ভাৱে হোৱাইট ৱাছ হোৱাৰ পিছত তীব্ৰ সমালোচিত হৈছিল ভাৰতীয় দল। এই লজ্জাজনক পৰাজয়ৰ পিছত অষ্ট্ৰেলিয়ান ভূমিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতীয় দলৰ সম্ভাৱনীয়তাক লৈ সকলোৱেই সন্দিহান হৈ পৰিছিল। কোনেও হয়তো ভাবিব পৰা নাছিল, শক্তিশালী অষ্ট্ৰেলিয়াক ঘৰৰ মাটিত পৰাস্ত কৰিব পাৰিব ভাৰতীয় দলে! তাতে প্ৰথম টেষ্টত দলত নাছিল অধিনায়ক ৰোহিত, টপ অৰ্ডাৰত নাই গিল। এনে অৱস্থাত ভাৰতীয় দল পাৰ্থ টেষ্টত আন এক শোচনীয় পৰাজয়ৰ সন্মুখীন হ’ব বুলিয়েই হয়তো ভাবিছিল সকলোৱে।
ইফালে প্ৰথমে বেটিং কৰি প্ৰথম ইনিংছত মাত্ৰ ১৫০ ৰানতে ইনিংছ সামৰাত এই সম্ভাৱনা অধিক গাঢ় হৈ পৰিছিল। পিছে সেয়া কাৰ্যতঃ হৈ উঠিবলৈ নিদিলে ভাৰতীয় দলে। বিশেষকৈ অধিনায়কোচিত প্ৰদৰ্শনেৰে এনে চৰ্চা-সম্ভাৱনাক ভুল প্ৰমাণিত কৰাত প্ৰথমৰ পৰাই যেন সৰ্বস্ব উজাৰি দিছিল ভাৰপ্ৰাপ্ত অধিনায়ক বুমৰাহে। ঘাতক বলিঙেৰে পাঁচটাকৈ উইকেট দখল কৰি কেংগাৰু বাহিনীক নিষ্প্ৰভ কৰি তুলিছিল বুমৰাহে।
যোগ্য সহযোগিতা আগবঢ়াই উজলি উঠিছিল অভিষেককাৰী হৰ্ষিত আৰু কিছু অভিজ্ঞ চিৰাজ। আৰু ইয়াৰ পিছতে ক্ৰীজত জয়ছোৱাল, ৰাহুল, কোহলীৰ দুৰ্জয় বেটিং! দ্বিতীয় ইনিংছত পুনৰ এবাৰ বুমৰাহ-চিৰাজৰ সন্ত্ৰাস। এনে অভিনৱ প্ৰদৰ্শনেৰে সকলো চৰ্চা-সম্ভাৱনাৰ ওৰ পেলাই দুৰন্ত প্ৰত্যাৱৰ্তনেৰে অষ্ট্ৰেলিয়াক ঘৰৰ মাটিতে প্ৰথম টেষ্টত পৰাস্ত কৰিলে ভাৰতে, সেয়াও ২৯৫ ৰানৰ বৃ্হৎ ব্যৱধানত। এইদৰে ব’ৰ্ডাৰ-গাভাস্কাৰ টেষ্টত লাভ কৰিলে ১-০ৰ অগ্ৰগতি।
প্ৰথম ইনিংছত ভাৰতৰ ১৫০ ৰানৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়া মাত্ৰ ১০৪ ৰানতে থমি ৰয়। বুমৰাহে ৫টা উইকেট দখল কৰাৰ লগতে হৰ্ষিতে ৩টা আৰু চিৰাজে উইকেট দখল কৰিছিল। এনে দুৰ্দান্ত বলিং প্ৰচৰ্শনৰ সুবাদত ভাৰতে লাভ কৰিছিল ৪৬ ৰানৰ অগ্ৰগতি। ইফালে দ্বিতীয় ইনিংছত দুই ভাৰতীয় অপেনাৰ জয়ছোৱাল আৰু ৰাহুলে ধৈৰ্যশীল বেটিঙেৰে প্ৰথম উইকেটত অভিলেখ ২০১ ৰানৰ যুটি বান্ধি ভাৰতীয় দলক এক শক্তিশালী স্থিতিত উপনীত কৰায়।
ৰাহুলে ৭৭ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলি বিদায় ল’লেও জয়ছোৱালে পুনৰ এবাৰ নিজৰ প্ৰতিভাৰ প্ৰমাণ দি ১৬১ ৰানৰ এক মাৰাথন ইনিংছ খেলে। আনহাতে টেষ্টত শতকৰ খৰাং অন্ত পেলাই ৩০ সংখ্যক শতক অৰ্জন কৰে বিৰাট কোহলী। প্ৰথম ইনিংছত ৪১ ৰানৰ সৰ্বোচ্চ ৰান সংগ্ৰহকাৰী অভিষেককাৰী নীতিশ কুমাৰ ৰেড্ডী দ্বিতীয় ইনিংছতো ৩৭ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলি কোহলীৰ সৈতে অপৰাজিত থাকে।
কোহলীৰ শতক সম্পূৰ্ণ হোৱাৰ পিছতে ভাৰতীয় দলে ৬উইকেটত ৪৮৭ ৰানৰ স্ক’ৰত ইনিংছ ঘোষণা কৰে আৰু অষ্ট্ৰেলিয়াৰ সমুখত ৫৩৪ ৰানৰ বৃ্হৎ লক্ষ্য বান্ধি দিয়ে। এই লক্ষ্য অনুসৰণ কৰি আৰম্ভণিতেই উজুটি খায় ঘৰুৱা দলটোৱে। অধিনায়ক বুমৰাহে প্ৰথমটো অভাৰতে অপেনাৰ মেকচুইনীক পেভিলিয়নৰ পথ দেখুৱায়। নৈশ প্ৰহৰীৰ ৰূপত ক্ৰীজলৈ অহা অধিনায়ক কামিন্সকো চতুৰ্থ অভাৰত বিদায় দিয়ে চিৰাজে।
আনহাতে পঞ্চম অভাৰত বুমৰাহে লাবুচেনৰ উইকেট দখল কৰি অষ্ট্ৰেলিয়াক সংকটৰ মুখলৈ ঠেলি দিয়ে। তৃতীয় দিনৰ খেল সামৰণিৰ পৰলৈ অষ্ট্ৰেলিয়াই মাত্ৰ ১২ ৰানত হেৰুৱায় ৩টা উইকেট। ইফালে আজি দিনটোৰ আৰম্ভণিতেই খাৱাজাক বিদায় দি চিৰাজে পুনৰ দলটোৰ বেটিং লাইন আপত আঘাত হানে। পঞ্চম উইকেটে যুটিত ট্ৰেভিছ হেডে স্মিথৰ সৈতে ৬২ ৰানৰ যুটি বান্ধে যদিও বিশেষ প্ৰভাৱ পেলোওৱাত ব্যৰ্থ হয় স্মিথ (১৭)।
ইয়াৰ পিছত হেড আৰু মাৰ্শ্বে আক্ৰমণ্মাত্মক শৈলীৰে বেটিং কৰি ষষ্ঠ উইকেটত ৯২ ৰানৰ যুটি বান্ধি কিছু প্ৰতিৰোধ গঢ়ি তোলে যদিও তেওঁলোকৰ এই প্ৰচেষ্টা বিশেষ সফল নহ’ল। অগা পিছাকৈ হেড (৮৯) আৰু মাৰ্শ্ব (৪৭)- এ বিদায় লোৱাৰ পিছত চমু চাপি আহে দলটোৰ ইনিংছ আৰু ২৩৮ ৰানত দলটোৱে সকলো উইকেট হেৰুৱায়। অন্তিমটো উইকেটৰ ৰূপ্ত ক্ৰীজ এৰে কেৰীয়ে (৩৬)। ভাৰতৰ হৈ বুমৰাহ-চিৰাজে ৩টাকৈ, সুন্দৰে দুটা আৰু হৰ্ষিত-নীতিশে এটা উইকেট দখল কৰে।
দুৰ্দান্ত প্ৰদৰ্শনেৰে ৮টা উইকেট দখল কৰা বুমৰাহ মেচৰ শ্ৰেষ্ঠ বিবেচিত হয়। এই জয়েৰে ভাৰতে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ১-০ৰ অগ্ৰগতি লাভ কৰিছে। এই শৃংখলাৰ দ্বিতীয়খন মেচ ৬ ডিচেম্বৰৰ পৰা এডিলেইডত অনুষ্ঠিত হ’ব। এই দিবানৈশ মেচখনৰ পূৰ্বে ৩০ নৱেম্বৰৰ পৰা কেনবেৰাত প্ৰধানমন্ত্ৰী একাদশৰ বিৰুদ্ধে ভাৰতীয় দলে এখন অনুশীলন মেচ খেলিব। লক্ষণীয়ভাৱে ভাৰতৰ নিয়মীয়া অধিনায়ক ৰোহিতে ইতিমধ্যে দলত যোগ দিছে। গতিকে দ্বিতীয় টেষ্টত নিশ্চিতভাৱে দেখা যাব ৰোহিতক।