কি হ’ব ভৱিষ্যত! টেষ্টৰ পৰা অৱসৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা ৰোহিতৰ

ছিডনী টেষ্টত অংশ লোৱাৰ পৰা বিৰত থকাৰ পিছতে ৰোহিত শৰ্মাৰ টেষ্ট কেৰিয়াৰ সন্দৰ্ভত ব্যাপক জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। টেষ্ট ফৰ্মেটৰ বাবে ভৱিষ্যতৰ পৰিকল্পনাত টীম মেনেজমেণ্টে ৰোহিতক স্থান দিব বিচৰা নাই বুলি এনে প্ৰতিবেদনসমূহত দাবী কৰি অহা হৈছিল। এই সকলো চৰ্চা সন্দৰ্ভত এতিয়া নিজেই মুখ খুলিছে ৰোহিত শৰ্মাই। অৱসৰ সন্দৰ্ভত তেওঁ আজি কৰিছে এক বৃহৎ ঘোষণা।

কি হ’ব ভৱিষ্যত! টেষ্টৰ পৰা অৱসৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা ৰোহিতৰ

টেষ্টৰ পৰা অৱসৰ সন্দৰ্ভত কি ক’লে ৰোহিতে!

Published: 

04 Jan 2025 08:44 AM

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অন্তিম টেষ্ট এক ৰোমাঞ্চকৰ স্থিতিত উপনীত হৈছে। ছিডনীত চলি থকা এই টেষ্টখনৰ দ্বিতীয় দিনা আজি ঘৰুৱা দল অষ্ট্ৰেলিয়াৰ সমুখত কঠিন প্ৰত্যাহ্বান থিয় কৰাইছে ভাৰতীয় বলিং আক্ৰমণে। প্ৰথমে বেটিং কৰি ভাৰতীয় দলে পুনৰ বেটিং ব্যৰ্থতাৰ বাবে ১৮৫ ৰানত ইনিংছ সামৰিলেও বলিং আক্ৰমণে মেচখনত ভাৰতৰ সম্ভাৱনা জীয়াই ৰাখিছে। আজি দ্বিতীয় দিনা প্ৰথম চেচনত অষ্ট্ৰেলিয়াৰ চাৰিটাকৈ উইকেট দখলেৰে স্থিতি কিছু শক্তিশালী কৰিছে ভাৰতে।

লক্ষণীয়ভাৱে পাৰ্থ টেষ্টৰ দৰেই এই টেষ্টখনতো ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিছে যশপ্ৰীত বুমৰাহে। আনহাতে ফৰ্মহীনতাত ভুগি থকা নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাই অংশ লোৱা নাই ছিডনীত চলি থকা এই গুৰুত্বপূৰ্ণ মেচখনত। অষ্ট্ৰেলিয়াৰ বিপক্ষে এই শৃংখলাটোত ৰোহিত চূড়ান্ত ৰূপত ব্যৰ্থ হৈছিল আৰু এনে পৰিস্থিতিতে ৰোহিতে নিজে ছিডনী টেষ্টত অংশ লোৱাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লয় বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

ইফালে তাৰকা ক্ৰিকেটাৰগৰাকীক এই শৃংখলাৰ পিছত আৰু টেষ্ট ফৰ্মেটত দেখা পোৱা নাযাব বুলিও প্ৰতিবেদনত দাবী কৰা হৈছিল। বিগত কিছুদিন ধৰি এই সন্দৰ্ভত ব্যাপক চৰ্চা চলি আহিছে। টেষ্ট ফৰ্মেটৰ বাবে ভৱিষ্যতৰ পৰিকল্পনাত টীম মেনেজমেণ্টে ৰোহিতক স্থান দিব বিচৰা নাই বুলি এনে প্ৰতিবেদনসমূহত দাবী কৰি অহা হৈছিল। এনে চৰ্চাৰ আধাৰত মেলবৰ্ণ টেষ্টেই ৰোহিতৰ কেৰিয়াৰৰ অন্তিম টেষ্ট বুলি জল্পনা-কল্পনা চলিছিল।

এই সকলো চৰ্চা সন্দৰ্ভত এতিয়া নিজেই মুখ খুলিছে ৰোহিত শৰ্মাই। আজি ছিডনী টেষ্টৰ দ্বিতীয় দিনা প্ৰথম চেচনৰ পিছতে ষ্টাৰ স্প’ৰ্টছৰ সৈতে বাৰ্তালাপ কৰে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। এই বাৰ্তালাপৰ সময়তে ৰোহিতে তেওঁৰ অৱসৰ সন্দৰ্ভত চলি অহা সকলো চৰ্চা অস্বীকাৰ কৰে। ৰোহিতে আনকি এই চমু সাক্ষাৎকাৰত সমালোচকসকলৰো মুখ বন্ধ কৰে। বাৰ্তালাপৰ সময়ত ৰোহিতে স্ব-ইচ্ছাৰে ছিডনী টেষ্টত জিৰণি লোৱা বুলি জানিবলৈ দিয়ে।

সম্প্ৰতি ৰান সংগ্ৰহ কৰিব নোৱাৰাৰ বাবে তেওঁ নিজেই নিৰ্বাচক আৰু প্ৰশিক্ষকৰ আগত ছিডনী টেষ্টত অংশ লোৱাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰা বুলি জানিবলৈ দিয়ে। তেওঁৰ এই সিদ্ধান্তক সন্মান জনাই নিৰ্বাচক আৰু প্ৰশিক্ষকেও সমৰ্থন প্ৰকাশ কৰা বুলি ৰোহিতে লগতে কয়। ফৰ্মহীনতাত ভুগি থকা খেলুৱৈয়ে এনে গুৰুত্বপূৰ্ণ মেচ খেলাৰ সুযোগ পাব নালাগে বুলি অনুভৱ কৰি নিজেই জিৰণিৰ সিদ্ধান্ত লোৱা বুলি ৰোহিতে উল্লেখ কৰে।

এই সময়ত ৰান সংগ্ৰহ কৰিব পৰা নাই যদিও আগন্তুক ৫ মাহৰ পিছতো যে ৰান সংগ্ৰহ কৰিব নোৱাৰিব তেনে কোনো কথা নাই বুলিও দৃঢ়তাৰে মন্তব্য কৰে ৰোহিত শৰ্মাই। এয়া কেৱল ছিডনী টেষ্টত জিৰণিৰ সিদ্ধান্তহে, টেষ্টৰ পৰা অৱসৰৰ সিদ্ধান্ত নহয় বুলিও ৰোহিতে লগতে স্পষ্ট কৰি দিয়ে। ইফালে তেওঁ লগতে ‘হাতত মাইক, লেপটপ, কলম আৰু কাগজ লৈ বহি থকা লোকে খেলুৱৈসকলে কি সিদ্ধান্ত ল’ব সেয়া কোৱাৰ প্ৰয়োজন নাই বুলি তীৰ্যক মন্তব্য কৰে।

শুৱাৰ সময়ত বিচনাৰ তলত পানী ৰাখে নেকি? জানক ইয়াৰ ফলত কি হয়...
সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে
উজ্বল ছালৰ বাবে হালধি ব্যৱহাৰ কৰা ভাল নে বেয়া? কি কয় বিশেষজ্ঞই...