5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বুমৰাহৰ বিৰুদ্ধে বৰ্ণবাদী মন্তব্যঃ ক্ষমা বিচাৰিলে ইছা গুহাই, বিতৰ্ক সন্দৰ্ভত ক’লে এইদৰে…

গাব্বা টেষ্টৰ দ্বিতীয় দিনা ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ফক্স স্প’ৰ্টছৰ হৈ এই শৃংখলাত ধাৰাভাষ্যকাৰ হিচাপে ভূমিকা পালন কৰি অহা ইছা গুহাই বুমৰাহ সন্দৰ্ভত কৰিছিল এক বৰ্ণবাদী মন্তব্য। নিজ মন্তব্যত ইছা গুহাই বুমৰাহৰ বাবে প্ৰাইমেট শব্দ ব্যৱহাৰ কৰিছিল। ইয়াৰ পিছতে সৃষ্টি হোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত আজি ক্ষমা খোজে গুহাই।

বুমৰাহৰ বিৰুদ্ধে বৰ্ণবাদী মন্তব্যঃ ক্ষমা বিচাৰিলে ইছা গুহাই, বিতৰ্ক সন্দৰ্ভত ক’লে এইদৰে…
বুমৰাহ সন্দৰ্ভত বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা খুজিলে ইছা গুহাই
monjit-dutta
Monjit Dutta | Published: 16 Dec 2024 09:13 AM

অষ্ট্ৰেলিয়াৰ বিপক্ষে চলিত গাব্বা টেষ্টত স্বভাৱসিদ্ধ প্ৰদৰ্শনেৰে উজলি উঠিছে ভাৰতীয় বলিং আক্ৰমণৰ মেৰুদণ্ড স্বৰূপ যশপ্ৰীত বুমৰাহ। গাব্বাত আজি তৃতীয় দিনা অষ্ট্ৰেলিয়াই হেড আৰু স্মিথৰ শতকৰ লগতে ৭০ ৰানৰ গুৰুত্বপূৰ্ণ অৱদানৰ সহায়ত প্ৰথম ইনিংছত ৪৪৫ ৰানৰ বৃ্হৎ স্ক’ৰ থিয় কৰায়। কেংগাৰু বাহিনীৰ এই বেটিং বিক্ৰমৰ বিপৰীতে ভাৰতৰ হৈ বুমৰাহে ৬টা উইকেট দখল কৰে। কালি দ্বিতীয় দিনাই বুমৰাহে পাঁচ উইকেটৰ কৃতিত্ব সম্পূৰ্ণ কৰিছিল। পিছে উজ্জীৱিত প্ৰদৰ্শনৰ পিছতো বুমৰাহ সন্মুখীন হৈছিল এক অনাকাংক্ষিত পৰিস্থিতিৰ।

গাব্বা টেষ্টৰ দ্বিতীয় দিনা ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ফক্স স্প’ৰ্টছৰ হৈ এই শৃংখলাত ধাৰাভাষ্যকাৰ হিচাপে ভূমিকা পালন কৰি অহা ইছা গুহাই বুমৰাহ সন্দৰ্ভত কৰিছিল এক বৰ্ণবাদী মন্তব্য। নিজ মন্তব্যত ইছা গুহাই বুমৰাহৰ বাবে প্ৰাইমেট শব্দ ব্যৱহাৰ কৰিছিল। এই শব্দৰ এক অৰ্থ হৈছে বান্দৰ। ইছা গুহাৰ এই মন্তব্যৰ পিছত ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল। এই বিষয়ত ভাৰতীয় অনুৰাগীসকল ক্ষোভিত হৈ পৰে আৰু সামাজিক মাধ্যম যোগে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

এনে বিতৰ্কৰ পৰিপ্ৰেক্ষিতত এতিয়া বুমৰাহৰ ওচৰত ক্ষমা বিচাৰিছে ইছা গুহাই। গাব্বাত আজি তৃতীয় দিনৰ খেল আৰম্ভ হোৱাৰ লগে লগে কমেণ্ট বক্সত ধাৰাভাষ্যকাৰ হিচাপে যোগদান কৰি ইছা গুহাই কালিৰ মন্তব্যৰ বাবে ক্ষমা খোজে। তেওঁ কয়, “দেওবাৰে ধাৰাবিৱৰণী কৰি থকাৰ সময়ত মই এনে এটা শব্দ ব্যৱহাৰ কৰিলো, যাৰ বহু অৰ্থ আছে। যদি মই কিবা ভুল ক’লো বা কাৰোবাক আঘাত দিলো, তাৰ বাবে প্ৰথমে ক্ষমা বিচাৰিছো।”

ইছা গুহাই লগতে কয় যে তেওঁ সকলোকে সন্মান কৰে আৰু তেওঁৰ সম্পূৰ্ণ মন্তব্যৰ শুনিলে ভাৰতৰ মহান খেলুৱৈসকলক প্ৰশংসা কৰা শুনিবলৈ পাব। “মই সমতাত বিশ্বাস কৰোঁ। মই মাত্ৰ বুমৰাহৰ সফলতা আৰু কৃতিত্বৰ কথা কৈ আছিলো। তাৰ বাবে মই হয়তো ভুল শব্দ ব্যৱহাৰ কৰিলো, যাৰ বাবে মই ক্ষমা বিচাৰিছো।”- সমগ্ৰ বিতৰ্ক সন্দৰ্ভত স্পষ্টীকৰণ দি এইদৰে ক্ষমা বিচাৰে ধাৰাভাষ্যকাৰগৰাকীয়ে।

উল্লেখ্য যে ইছা গুহা হৈছে ইংলেণ্ডৰ এগৰাকী প্ৰাক্তন বেগী বলাৰ। তেওঁ মাত্ৰ ১৬ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটাইছিল। ইংলেণ্ডৰ হৈ তেওঁ ৮খন টেষ্টত ২৯টা আৰু এদিনীয়াত ৮৩খন মেচত ১০১টা উইকেট দখল কৰিছিল। টি-২০ ফৰ্মটতো তেওঁৰ নামত আছে ১৮টা আন্তঃৰাষ্ট্ৰীয় উইকেট। বৰ্তমান সময়ত ক্ৰিকেটৰ ধাৰাবিৱৰণী প্ৰদান কৰা ধাৰাভাষ্যকাৰসকলৰ ভিতৰত ইছা গুহাক অন্যতম আগশাৰীৰ ধাৰাভাষ্যকাৰ হিচাপে বিবেচনা কৰা হয়।

ক্ৰিকেট বিশ্বৰ প্ৰতিখন মেজৰ লীগ আৰু অধিকাংশ শৃংখলাতে ধাৰাভাষ্যকাৰ হিচাপে ভূমিকা গ্ৰহণ কৰা দেখা যায় গুহাক। লগতে আই চি চিৰ মূল প্ৰতিযোগিতাতো গুহাক কমেণ্ট বক্সত দেখা যায়। এনে এগৰাকী অভিজ্ঞ ধাৰাভাষ্যকাৰৰ মুখত বুমৰাহ সন্দৰ্ভত এনে কটু শব্দৰ প্ৰয়োগত স্বাভাৱিকতেই আশ্চৰ্যচকিত হৈ পৰিছিল সকলো। এনে বিতৰ্কৰ বাবেই এতিয়া ক্ষমা খুজিবলগীয়া হৈছে গুহাই।

Latest News